ETV Bharat / briefs

6 টাকৈ হত্যাকাণ্ডৰ অভিযুক্ত জলীয়ে কাৰাগাৰত চলালে আত্মহননৰ চেষ্টা - 6 টাকৈ হত্যাকাণ্ডৰ অভিযুক্ত জলীয়ে কাৰাগাৰত চলালে আত্মহননৰ চেষ্টা

কেৰালাৰ কোঝিকোদে কাৰাগাৰত আত্মহত্যাৰ চেষ্টা এগৰাকী কাৰাবন্দীৰ ৷ কুদাথায়ী ধাৰাবাহিক হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত জলীয়ামা জোচেফ ওৰফে জলীয়ে কাৰগাৰত আত্মহননৰ অপচেষ্টা চলায় ৷ ততাতৈয়াকৈ জলীক ভৰ্তি কৰোৱা হয় কোঝিকোদে চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ জলীৰ হাতত স্পষ্ট হৈ আছে আঘাতৰ চিন ৷

6 টাকৈ হত্যাকাণ্ডৰ অভিযুক্ত জলীয়ে কাৰাগাৰত চলালে আত্মহননৰ চেষ্টা

author img

By

Published : Feb 27, 2020, 2:48 PM IST

Updated : Feb 27, 2020, 3:36 PM IST

নিউজ ডেস্ক, 27 ফেব্ৰুৱাৰী : নিজ পৰিয়ালৰ ছজনকৈ সদস্যক হত্যা কৰাৰ অপৰাধত অভিযুক্ত জলীয়ামা জোচেফ ওৰফে জলী চাজুৱে আত্মহত্যাৰ চেষ্টা চলায় কোধিকোদে কাৰাগাৰত ৷ আৰক্ষীসূত্ৰই প্ৰকাশ কৰা অনুসৰি জলীক ততাতৈয়াকৈ কোঝিকোদে চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ জলীৰ হাতত স্পষ্ট হৈ আছিল চোকা অস্ত্ৰৰ আঘাতৰ চিন ৷

কাৰাগাৰত আত্মহননৰ চেষ্টা 6 টাকৈ হত্যাকাণ্ডৰ অভিযুক্তৰ

উল্লেখ্য যে, 2002 চনৰ পৰা 2016 চনলৈ 14 বছৰৰ ভিতৰত জলীয়ে সংঘটিত কৰিছিল 6 টাকৈ হত্যাকাণ্ড2002 চনত আন্নাম্মা নামৰ এগৰাকী 57 বছৰ বয়সীয়া মহিলাই খাদ্য গ্ৰহণৰ পাচতে মৃত্যুক সাৱটি লৈছিল ৷ 2008 চনত আন্নাম্মাৰ স্বামী টম থমাচৰো মৃত্যু ঘটিছিল অনুৰূপ ধৰণে ৷ তিনি বছৰ পাচত তেওঁলোকৰ পুত্ৰ ৰয় থমাচ অৰ্থাৎ জলীৰ স্বামীৰো মৃত্যু ঘটে ৷ 2014 চনত মৃত্যু হয় আন্নাম্মাৰ ভাতৃৰ ৷ একেটা বছৰতে এটি দুবছৰীয়া শিশুৰ মৃত্যু হৈছিল সন্দেহজনক কাৰণত ৷ তাৰ পাচতেই 2016 চনত মৃত্যু হৈছিল শিশুটোৰ মাতৃৰ ৷ পৰিয়ালটো 2002 চনৰ পৰা 2016 চনৰ ভিতৰত 6 টাকৈ মৃত্যুৰ ঘটনাৰ সাক্ষী হৈছিল ৷

ইয়াৰ পাচতেই ৰয়ৰ পত্নী জলীৰ ওপৰত আৰক্ষীৰ সন্দেহ ওপজে ৷ জলীৰ বিৰুদ্ধে গোচৰ তৰিছিল তেওঁৰ এগৰাকী আত্মীয়ই ৷ এই সন্দেহ আৰু অভিযোগৰ ভিত্তিতেই কাৰাবন্দীৰ জীৱন কটাবলগীয়া হৈছিল জলীয়ে ৷

Last Updated : Feb 27, 2020, 3:36 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.