ETV Bharat / briefs

কাকপথাৰত পালন সাহিত্য-সংগীত চৰা অনুষ্ঠান

কাকপথাৰৰ বৰালি ওভতা গাঁও ৰাজহুৱা খেলপথাৰত সাহিত্য-সংগীত চৰা নামৰ এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়, অনুষ্ঠানত কণ-কণ শিশুসকলৰ মাজত বিহু নামকে ধৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়

author img

By

Published : May 1, 2019, 7:44 PM IST

সাহিত্য-সংগীত চৰা অনুষ্ঠান

কাকপথাৰ, ১মেঃ বুধবাৰে কাকপথাৰৰ বৰালি ওভতা গাঁও ৰাজহুৱা খেলপথাৰত এখন সাহিত্য-সংগীত চৰা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। মৰাণ সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত কৰা এই অনুষ্ঠানত মৰাণ জনগোষ্ঠীৰ লোকসকলে অংশগ্ৰহণ কৰে। মৰাণ জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিক সমাজত বৰ্তাই ৰাখিবলৈ মৰাণ সাহিত্য সভাই এই পদক্ষেপ হাতত লয়। এই অনুষ্ঠানত কণ-কণ শিশুসকলৰ মাজত মৰাণ বিহুৰ এক প্ৰতিযোগীতাৰ আয়োজন কৰাৰ লগতে মৰাণ ঢোল,মৰাণৰ কুলাবুঢ়ী নাচ, মৰাণ জাতিৰ বিষয়ে ৰচনা আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । অনুষ্ঠানত মৰাণ সাহিত্য সভাৰ সভাপতি তৰুণ বৰুৱা মৰাণ, সম্পাদক অজিত মৰাণ, মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণকে ধৰি মৰাণ মহিলা পৰিষদৰ সভানেত্ৰী প্ৰিয়লতা মৰাণ উপস্থিত থাকে।

Intro:মৰাণ সাহিত্য সভাৰ উদ্যোগত গাঁৱে গাঁৱে বৰ্ণাঢ্য সাহিত্য-সংগীত চৰা অনুষ্ঠান

শদিয়া : মৰাণ জনগোষ্ঠীৰ লোক সকলক সাংস্কৃতিকভাবে সঠিক দিশ দেখোৱাৰ উদ্দেশ্যে মৰাণ সংগঠনৰ লগতে মৰাণ জনগোষ্ঠীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অহৰহ চেষ্টা অব্যাহত ৰাখিছে ৷ মৰাণ সাহিত্য সভাৰ উদ্যোগত মৰাণ অধ্যোষিত অঞ্চলসমুহত গাঁৱে গাঁৱে বণাৰ্ঢ্য সাহিত্য সংগীত চৰা অনুষ্ঠান হাতত লোৱা দেখা গৈছে ৷ কাকপথাৰৰ বৰালি ওভতা গাঁও ৰাজহুৱা খেলপথাৰত এদিনীয়ীকৈ বিভিন্ন কাৰ্যসুচীৰ যোগেদি উঠি অহা প্ৰজন্মক মৰাণ সকলৰ নিজৰ স্বৰ্কীয় বৈশিষ্ট, সংস্কৃতি ইত্যাদি দেখোৱাৰ পৰিলক্ষিত হয় ৷ পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পনৰ পিছতেই মৰাণ ঢোল, মৰাণ বিহুনাম, মৰাণ বিহুনাচ, মৰাণৰ কুলাবুঢ়ী নাচ, মৰাণ সকলৰ ওপৰত ৰচনা ইত্যাদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ মৰাণ সাহিত্য সভাৰ সভাপতি তৰুণ বৰুৱা মৰাণ, সম্পাদক অজিত মৰাণ, মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, মৰাণ মহিলা পৰিষদৰ সভানেত্ৰী প্ৰিয়লতা মৰাণকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে উক্ত সাহিত্য-সংগীত চৰা কাৰ্যসুচীটোত ৷ মৰাণ সাহিত্য সভাৰ এনেধৰণৰ কাৰ্যসুচীৰ যোগেদি অসমৰ অন্যতম ভুমিপুত্ৰ মৰাণ সকলৰ নিজৰ স্বৰ্কীয়, সংস্কৃতি, পৰম্পৰা ইত্যাদি জীয়াই ৰখাত সহায়ক হব বুলি আশা প্ৰকাশ কৰিছে আয়োজৰ সমিতিয়ে ৷Body:Byte : উদ্যোক্তাConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.