ETV Bharat / briefs

যোৰহাটত বজাৰ খোলাৰ নিৰ্দেশ জিলা উপায়ুক্তৰ

author img

By

Published : Jun 4, 2020, 9:48 PM IST

যোৰহাটত বৃহস্পতিবাৰৰ পৰা বজাৰ খোলা নিৰ্দেশনা জিলা উপায়ুক্ত ৰোশ্নি অপৰাঞ্জী কোৰাটীৰ । লগতে মৰিয়নীৰ সংঘটিত হোৱা ঘটনাত মৃত্যু হোৱা দেৱাশিষ গগৈৰ পৰিয়াল আৰু আহতসকললৈ সাহাৰ্য প্ৰদান কৰিব জিলা উপায়ুক্তগৰাকীয়ে ।

যোৰহাটত বজাৰ খোলাৰ নিৰ্দেশ জিলা উপায়ুক্তৰ
যোৰহাটত বজাৰ খোলাৰ নিৰ্দেশ জিলা উপায়ুক্তৰ

যোৰহাট, ৪ জুন : যোৰহাট জিলা উপায়ুক্ত ৰোশ্নি অপৰাঞ্জী কোৰাটীয়ে লক ডাউনৰ বাবে জিলাখনৰ ব্যৱসায়ী প্ৰতিষ্ঠান খোলাৰ সম্পৰ্কে যি নীতি নিৰ্ধাৰণ কৰি দিছিল সেয়া বৃহস্পতিবাৰৰ পৰা সম্পূৰ্ণ শিথিল কৰাৰ নিৰ্দেশ দিয়ে। প্ৰতিদিনে সন্ধিয়া ৮ বজালৈ দোকানসমূহ খোলাৰ অনুমতি প্ৰদান কৰে উপায়ুক্তগৰাকীয়ে । উল্লেখ্য যে, যোৰহাট চহৰত যান-বাহন চলাচলৰ ক্ষেত্ৰত যি যুগ্ম-অযুগ্ম নম্বৰৰ বাহন চলাচল কৰাৰ নীতি নিৰ্ধাৰণ কৰি দিয়া হৈছিল সেয়া বাহাল থাকিব তেওঁ জানিবলৈ দিয়ে ।

ইয়াৰোপৰি, ২৯ মে'ত মৰিয়নীৰ গাভৰু পৰ্বতত ঘটনাত প্ৰাণ ত্যাগ কৰা দেৱাশিষ গগৈৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা ২ লাখ টকা দিয়াৰ কথা ঘোষণা কৰে জিলা উপায়ুক্তগৰাকীয়ে। লগতে ঘটনাটোত আহত হোৱা আদিত্য দাস,ৰাজু বেৰীয়া,সুনিতা কুৰ্মী আৰু ঐশ্বন্য কন্ধৰ পৰিয়াললৈ ২৫ হাজাৰ টকাৰ সাহাৰ্য প্ৰদান কৰা হ'ব ।

লগতে পঢ়ক: বাঘজান তৈলখাদ ঘেৰাও কৰিলে উত্তেজিত ৰাইজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.