ETV Bharat / briefs

ধুবুৰীৰ সীমান্তবাসীৰ দুৰ্দশাৰ প্ৰতি গুৰুত্ব নাই জনপ্ৰতিনিধি আৰু চৰকাৰৰ

ভাৰত বাংলা সীমান্তৰ দুৰহাটী পঞ্চায়তৰ যাতায়তৰ পথসমূহ জহি খহি যোৱা অৱস্থা। উন্নয়নৰ নামত এচপৰা মাটিও পৰা নাই পথত। উন্নয়নৰ নামত একো নকৰিলেও চৰকাৰী নথি পত্ৰত কিন্তু উন্নয়ন ঠিকেই হৈছে এমজিএনৰেগা আঁচনিৰ জৰিয়তে লাখ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰা পথসমূহৰ

author img

By

Published : Apr 9, 2019, 7:58 PM IST

DHUBURI BORDER VILLAGE

ধুবুৰী , 9 এপ্ৰিলঃ নিৰ্বাচন আহে আৰু যায়। নিৰ্বাচন আহিলেই ভোটাৰলৈ মনত পৰে ৰাজনৈতিক দল আৰু নেতাসকলৰ। পাঁচ বছৰীয়া কাৰ্যকালত সমষ্টিৰ উন্নয়নত পিঠি দি অহা জনপ্ৰতিনিধিয়ে পুনৰ ভোট ভিক্ষাৰ ৰাজনীতি আৰম্ভ কৰিছে। কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত শ্ৰেষ্ঠ সাংসদ বিচাপে চৰ্চা হোৱা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ বিগত দহ বছৰৰ কাৰ্যকালত কোনো উন্নয়ন নহ'ল ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ বৃহত্তৰ দুৰহাটী অঞ্চলত।

ধুবুৰীৰ সীমান্তবাসীৰ দুৰ্দশাৰ প্ৰতি গুৰুত্ব নাই জনপ্ৰতিনিধি আৰু চৰকাৰৰ

উল্লেখযোগ্য যে, ভাৰত বাংলা সীমান্তৰ দুৰহাটী পঞ্চায়তৰ যাতায়তৰ পথ সমূহ জহি খহি যোৱা অৱস্থা। উন্নয়নৰ নামত এচপৰা মাটি নপৰিলেও চৰকাৰী নথি পত্ৰত কিন্তু উন্নয়ন ঠিকেই হৈছে এমজিএনৰেগা আঁচনিৰ জৰিয়তে লাখ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰা পথসমূহৰ । চৰকাৰৰ ফালৰ পৰা লাখ লাখ টকা খৰচ কৰিলেও পথৰ উন্নয়ন হোৱাৰ বিপৰীতে উন্নয়ন হৈছে পঞ্চায়তৰ প্ৰতিনিধি, সচিব তথা বিভাগীয় বিষয়াৰ ।

বিগত দুবছৰ পূৰ্বে প্ৰচণ্ড বানৰ সোঁতত ভাগি খণ্ড বিখণ্ড হৈছিল সীমান্ত অঞ্চলৰ এখন দলং ৷ ধুবুৰী চহৰৰ পৰা বিন্নাচৰা আৰু দুৰহাটী সীমান্ত লৈ যাতায়তৰ বাবে এই পথটোৱেই হৈছে একমাত্ৰ পথ। এই পথেৰেই সীমান্ত সুৰক্ষা বাহিনীৰ উপৰি প্ৰায় দহ খনকৈ গাঁওৰ ৰাইজে যাতায়ত কৰে । কিন্তু দলংখন বিধ্বস্ত হোৱাৰ পাছত বিগত দুটা বছৰে সীমান্তবাসীয়ে যাতায়তৰ নামত একপ্ৰকাৰ নৰক যন্ত্ৰণা ভোগ কৰি আহিছে। কিছুদিন পূৰ্বে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ আগে আগে দলংখন নিৰ্মাণৰ বাবে ধুবুৰীৰ বিধায়ক নজৰুল হকে 3 কোটি 50 লাখ 48 হাজাৰ টকীয়া আঁচনিৰ এখন আধাৰশিলা স্থাপন কৰিছে যদিও আজিও আৰম্ভ নহ'ল দলঙৰ নির্মাণ কাৰ্য। দলংখনৰ নির্মাণকাৰ্য শীঘ্ৰেই আৰম্ভ কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Intro: ধুবুৰীৰ সীমান্তবাসীৰ দুৰ্দশা। বছৰ বছৰে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভোগ কৰি অহা ধুবুৰীৰ সীমান্তবাসীৰ দুৰ্দশাৰ প্ৰতি গুৰুত্ব নাই জনপ্ৰতিনিধি আৰু চৰকাৰৰ। বিগত দহ বছৰে সাংসদ পুঁজিৰ কাম হোৱা নাই সীমান্তৰ এটা অঞ্চলত। অভিযোগ ৰাইজৰ।

Body: নিৰ্বাচন আহে আৰু যায়। নিৰ্বাচন আহিলেই ভোটাৰলৈ মনত পৰে ৰাজনৈতিক দল আৰু নেতা সকলৰ। পাঁচ বছৰীয়া কাৰ্য্যকালত সমষ্টিৰ উন্নয়নত পিঠি দি অহা জনপ্ৰতিনিধি পুনৰ ভোট ভীক্ষাৰ ৰাজনীতি আৰম্ভ কৰিছে। কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত শ্ৰেষ্ঠ সাংসদ বিচাপে চৰ্চা হোৱা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ বিগত দহ বছৰৰ কাৰ্য্যকালত কোনো উন্নয়ন নহল ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ বৃহত্তৰ দুৰহাটী অঞ্চলত। এই অভিযোগ স্থানীয় ৰাইজৰ।
উল্লেখযোগ্য যে, ভাৰত বাংলা সীমান্তৰ দুৰহাটী পঞ্চায়তৰ যাতায়তৰ এই সমূহ পথলৈ মন কৰক। বালি মাটিৰে নিৰ্মিত পথ জহি খহি যোৱা অৱস্থা। উন্নয়নৰ নামত যেন এপাচি মাটিও পৰা নাই এই পথবোৰত। উন্নয়নৰ নামত এপাচি মাটি নপৰিলেও চৰকাৰী নথি পত্ৰত কিন্তু উন্নয়ন ঠিকেই হৈছে। কাৰণ এমজিএনৰেগা আঁচনিৰ জৰিয়তে লাখ লাখ টকা খৰচ কৰা হৈছে। চৰকাৰৰ ফালৰ পৰা লাখ লাখ টকা খৰচ কৰিলেও পথৰ উন্নয়ন হোৱাৰ বিপৰীতে উন্নয়ন হৈছে পঞ্চায়তৰ প্ৰতিনিধি, সচিব তথা বিভাগীয় বিষয়াৰ।

এইবাৰ মন কৰক এইখন ভগা পকী দলংখনলৈ। বিগত দুবছৰ পূৰ্বে প্ৰচণ্ড বানৰ সোঁতত ভাগি খণ্ড বিখণ্ড হৈছে সীমান্ত অঞ্চলৰ এইখন গুৰুত্বপূৰ্ণ দলং খন। ধুবুৰী চহৰৰ পৰা বিন্নাচৰা আৰু দুৰহাটী সীমান্ত লৈ যাতায়তৰ একমাত্ৰ পথ এইখন। যিখন পথেৰে সীমান্ত সুৰক্ষা বাহিনীৰ উপৰি প্ৰায় দহ খনকৈ গাঁওৰ ৰাইজে যাতায়ত কৰে এইখন পথেৰে। কিন্তু দলংখন বিধ্বস্ত হোৱাৰ পিছত বিগত দুটা বছৰে সীমান্তবাসীয়ে যাতায়তৰ নামত একপ্ৰকাৰ নৰক যন্ত্ৰণা ভোগ কৰি আহিছে। যদিওঁ এইখন দলং পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত নাই কোনো গুৰুত্ব। কিছুদিন পূৰ্বে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ আগে আগে দলংখন নিৰ্মাণৰ বাবে ধুবুৰীৰ বিধায়ক নজৰুল হকে ৩ কোটি ৫০ লাখ ৪৮ হাজাৰ টকীয়া আঁচনিৰ এখন আধাৰশিলা স্থাপন কৰিছে যদিওঁ আজিও আৰম্ভ নহল দলঙৰ নির্মাণ কাৰ্য্য। ফলত ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

Conclusion: প্ৰশ্ন উত্থাপন হৈছে যে, নিৰ্বাচনৰ আগে আগে দলঙৰ আধাৰশিলা স্থাপন কৰি ভোটৰ ৰাজনীতি কৰিছে নেকি ধুবুৰীৰ এ আই ইউ ডি এফৰ বিধায়ক নজৰুল হকে। সি যিয়েই নহওঁক। দলংখনৰ নির্মাণকাৰ্য্য শীঘ্ৰেই আৰম্ভ কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.