ইছলামাবাদ , 26 মে': পুনৰবাৰ দেশৰ শাসনৰ বাঘজৰী হাতত ল'বলৈ ওলোৱা নৰেন্দ্ৰ মোডীক ফোনযোগে শুভেচ্ছা জ্ঞাপন পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ৷ দুয়ো দেশৰ জনসাধাৰণৰ হিতৰ বাবে একেলগে কাম কৰিবলৈ আগ্ৰহী বুলি প্ৰকাশ কৰে পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
ইয়াৰ পূৰ্বে টুইটাৰযোগে ইমৰাণ খানে মোডীক শুভেচ্ছা জ্ঞাপন কৰে যদিও দেওবাৰে ফোনযোগে বাৰ্তালাপ কৰে দুয়োগৰাকী নেতাই ৷ পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ মহম্মদ ফেইজলে প্ৰকাশ কৰে এই তথ্য ৷ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে,পাকিস্তানৰ প্ৰধানমন্ত্ৰী দক্ষিণ এচিয়াৰ শান্তি ,সমৃদ্ধি আৰু উন্নয়নৰ হকে নৰেন্দ্ৰ মোডীৰ সৈতে একেলগে কাম কৰি যাবলৈ আগ্ৰহী ৷
উল্লেখযোগ্য যে , নিৰ্বাচনৰ ফলাফল পাকিস্তানৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ ৷ নতুন চৰকাৰখনে ভাৰত -পাকিস্তানৰ সম্পৰ্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব , যি পুলৱামা আক্ৰমণৰ পাচত যথেষ্ট সংবেদনশীল হৈ পৰিছিল ৷