ETV Bharat / briefs

গোলাঘাটত এৰী পলুৰ প্ৰতিপালনেৰে জীৱন নিৰ্বাহ কৰা এগৰাকী মহিলা - বয়ন শিল্প

গোলাঘাট জিলাৰ শ্ৰীমন্ত নগৰৰ পুতলি বৰা নামৰ মহিলাগৰাকীয়ে বৃহৎ পৰিমাণৰ এৰী পলুৰ প্ৰতিপালনেৰে দাঙি ধৰিছে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন

গোলাঘাটত এৰী পলুৰ প্ৰতিপালনেৰে জীৱন নিৰ্বাহ কাৰ এগৰাকী মহিলা
author img

By

Published : May 21, 2019, 3:25 PM IST

গোলাঘাট,২১মে' : গোলাঘাট জিলাৰ শ্ৰীমন্ত নগৰৰ এগৰাকী বিশেষ মহিলাই দাঙি ধৰিছে স্বাৱলম্বীতাৰ এক উৎকৃষ্ট নিদৰ্শন । ঘৰৰ এটা চুকতে বৃহৎ পৰিমাণৰ এৰী পলু প্ৰতিপালন কৰি স্বাৱলম্বী হৈছে গোলাঘাটৰ পুতলি বৰাই । প্ৰায় ২ কিলোগ্ৰাম এৰী পলুৰ প্ৰতিপালন কৰা পুতলীৰ একমাত্ৰ উপাৰ্জনৰ পথ এতিয়া এই এৰী পলু । ইফালে, প্ৰতি কিলোগ্ৰাম পলুত ৪০০ টকাকৈ বিক্ৰী কৰাৰ লগতে খাদ্যৰ বাবে ব্যৱহাৰ কৰা লেটা পোক আৰু পলুৱে সজা বাঁহটোও ঘৰৰ পৰাই সুলভ মূল্যত বিক্ৰী কৰে বুলি মন্তব্য কৰে পুতলীয়ে । পুতলীৰ এই পদক্ষেপ এতিয়া আন মহিলাসকলৰ বাবেও স্বাৱলম্বীতাৰ এক নতুন নিদৰ্শন হৈ পৰিছে ।

গোলাঘাটত এৰী পলুৰ প্ৰতিপালনেৰে জীৱন নিৰ্বাহ কাৰ এগৰাকী মহিলা

কিন্তু অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগটোৰ অকৰ্মণ্য স্বভাৱৰ বাবেই আজিও পুতলী বৰাৰ দৰে সঁচা অৰ্থত কাম কৰি বয়ন শিল্পক আগুৱাই নিব বিচৰা উৎপাদনমূলক কাম-কাজবোৰ আৰ্থিক অভাৱৰ বাবে সমাজৰ পৰা নাইকিয়া হ'ব ধৰিছে । যাৰ বাবে সমাজৰ পৰা লুপ্ত হ'বলৈ লৈছে এৰী,মুগাৰ দৰে বহু অসম গৌৰৱ সামগ্ৰী ।

SLUG= GOLAGHAT SILKWORM

গোলাঘাট,২১মে' : গোলাঘাট জিলাৰ শ্ৰীমন্ত নগৰৰ এগৰাকী বিশেষ মহিলাই স্বাৱলম্বীতাৰ দাঙি ধৰিছে এক উৎকৃষ্ট নিদৰ্শন । ঘৰৰ এটা চুকতে এৰী পলু প্ৰতিপালন কৰি স্বাৱলম্বী হৈছে গোলাঘাটৰ পুতলি বৰাই । প্ৰায় ২ কিলোগ্ৰাম এৰী পলুৰ প্ৰতিপালন কৰা পুতলীৰ একমাত্ৰ উপাৰ্জনৰ পথ এতিয়া এই এৰী পলু । ইফালে, প্ৰতি কিলোগ্ৰাম পলুত ৪০০ টকাকৈ বিক্ৰী কৰাৰ লগতে খাদ্যৰ বাবে ব্যৱহাৰ কৰা লেটা পোক আৰু পলুৱে সজা বাঁহটোও ঘৰৰ পৰাই সুলভ মূল্যত বিক্ৰী কৰে বুলি মন্তব্য কৰে পুতলীয়ে । পুতলীৰ এই পদক্ষেপ এতিয়া আন মহিলাসকলৰ বাবেও স্বাৱলম্বীতাৰ এক নতুন নিদৰ্শন হৈ পৰিছে ।

কিন্তু অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগটোৰ অকৰ্মণ্য স্বভাৱৰ বাবেই আজিও পুতলী বৰাৰ দৰে সচা অৰ্থত কাম কৰি বয়ন শিল্পক আগুৱাই নিব বিচৰা উৎপাদন মূলক কাম-কাজবোৰ আৰ্থিক অভাৱৰ বাবে সমাজৰ পৰা নাইকিয়া হ'ব ধৰিছে । যাৰ বাবে সমাজৰ পৰা লুপ্ত হ'বলৈ লৈছে এৰী,মুগাৰ দৰে বহু অসম গৌৰৱ সামগ্ৰী । 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.