ETV Bharat / briefs

কইনা অসমীয়া, দৰা পৃথিৱীৰ সিমূৰৰ - মাইকেল অ'ফাৰেল

বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল গোলাঘাটৰ এখন বিবাহ ৷ মুঠ ৩৭ গৰাকী আয়াৰলেণ্ডৰ বৰযাত্ৰীৰ উপস্থিতিত অসমীয়া পৰম্পৰাৰে সম্পন্ন হ'ল বিবাহ ৷ সম্পূৰ্ণ অসমীয়া পৰম্পৰাৰে বিবাহ সম্পন্ন কৰি সুখী সুদূৰ আয়াৰলেণ্ডৰ দৰা ৷

অসমীয়া পৰম্পৰাৰে আয়াৰলেণ্ডৰ যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ গোলাঘাটৰ জীয়ৰী
author img

By

Published : Apr 20, 2019, 11:13 AM IST

গোলাঘাট,20 এপ্ৰিলঃ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল গোলাঘাটৰ এখন বিশেষ বিবাহ । ৰুমালেৰে মুখ ঢাকি, ধুতী,পাঞ্জাৱী পৰিধান কৰি,চেলেং,গামোচা কান্ধত লৈ দৰা সাজত আহিল এগৰাকী আয়াৰলেণ্ডৰ যুৱক ৷ দৰাৰ লগত সুদূৰ আয়াৰলেণ্ডৰ পৰা আহিছে 37 জনীয়া এটা বৰযাত্ৰীৰ দল ৷ সাত সাগৰ তেৰ নদী পাৰ হৈ অসমীয়া যুৱতী বিয়া কৰাবলৈ সম্পূৰ্ণ অসমীয়া সাজতে আহিছে আয়াৰলেণ্ডৰ ড'নাল অ'ফাৰেল নামৰ এইজন যুৱক । তাৰোপৰি, দৰাৰ লগত আন বৰযাত্ৰীসকলেও পৰিধান কৰিলে অসমীয়া তথা জনগোষ্ঠীয় সাজপাৰ ৷

আয়াৰলেণ্ড নিউব্ৰীজ নিবাসী মাইকেল অ'ফাৰেল আৰু মাৰী অ'ফাৰেলৰ বিজ্ঞানী পুত্ৰ ড'নাল অ'ফাৰেলৰ সৈতে গোলাঘাটৰ অৱসৰপ্ৰাপ্ত শিক্ষক নৰকান্ত শইকীয়া আৰু অৱসৰপ্ৰাপ্ত প্ৰবক্তা চম্পা বড়োৰ কন্যা সুদেষ্ণা শইকীয়া বড়োৰ সৈতে সম্পন্ন হয় এই বিবাহ । বৰ্তমান অষ্টিয়াৰ ভিয়েনা বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা গোলাঘাটৰ কন্যাৰ লগত অসমীয়া পৰম্পৰাৰে বিবাহ পাশত আৱদ্ধ হৈ যথেষ্ট সুখী ড'নাল অ'ফাৰেল৷

Golaghat.20.04.2019
SLUG. GOLAGHAT  MARRIAGE
A_GLT_801_20APRIL_GOLAGHAT_MARRIAGE_VISUSL_1_DIGANTA_SAHU
A_GLT_802_20APRIL_GOLAGHAT_MARRIAGE_BYTE_1_GROOM_DIGANTA_SAHU
A_GLT_803_20APRIL_GOLAGHAT_MARRIAGE_BYTE_2_BRIDE_DIGANTA_SAHU
A_GLT_804_20APRIL_GOLAGHAT_MARRIAGE_BYTE_3_GROOM_FATHER_DIGANTA_SAHU
A_GLT_805_20APRIL_GOLAGHAT_MARRIAGE_BYTE_4_GROOM_MOTHER_DIGANTA_SAHU
A_GLT_806_20APRIL_GOLAGHAT_MARRIAGE_BYTE_5_GROOM_COUSIN_DIGANTA_SAHU
A_GLT_807_20APRIL_GOLAGHAT_MARRIAGE_BYTE_6_BRIDE_FATHER_DIGANTA_SAHU
O.C. বিশেষ আকৰ্ষণৰ কেন্দ্র হৈ পৰিল গোলাঘাটৰ এখন বিবাহ। ব্যতিক্ৰমী এই বিবাহ খনক কেন্দ্ৰ কৰি কৌতূহল হৈ পৰিছে গোলাঘাটৰ বহু ৰাইজ। সুদূৰ আয়াৰলেণ্ডৰ পৰা অহা এই বৰযাত্ৰী দলটো হৈ পৰিছে এতিয়া আকৰ্ষণৰ কেন্দ্ৰ।
V.O. লাজত ৰুমালেৰে মুখ ঢাকি, ধূতি,পাঞ্জাৱী পৰিধান কৰি,চেলেং,গামোচা কান্ধত লৈ দৰা সাজত যোৱা জনেই অসমীয়া পৰম্পৰাৰ দৰা নহয় জানো। তেনে অসমীয়া পৰম্পৰাৰে দৰা হৈ সুদূৰ আয়াৰলেণ্ডৰ পৰা অহা এজন দৰাই চকু নিবন্ধ কৰি ৰাখিব আপোনাৰো। সাত সাগৰ তেৰ নদী পাৰ হৈ অসমীয়া ছোৱালী বিয়া কৰাবলৈ সম্পূৰ্ণ অসমীয়া সাজত অহা আয়াৰলেণ্ডৰ ড'নাল অ'ফাৰেল এইজন। দৰাৰ লগতে  সম্পূৰ্ণ অসমীয়া সাজত এইজন ছাতি ধৰা সখী। ছাতিটোও তৈয়াৰ কৰি লৈছে অসমীয়াৰ স্বাভিমান গামোচাৰে। কেৱল ইমানেই নহয় দৰাৰ লগত অহা  মহিলা সকলেও পৰিধান কৰিলে পাট, মূগা আৰু অসমৰ জনগোষ্ঠীয় চাদৰ মেখেলা আদি। আয়াৰলেণ্ড নিউব্ৰীজ নিবাসী মাইকেল অ'ফাৰেল আৰু মাৰী অ'ফাৰেলৰ বিজ্ঞানী পুত্ৰ ড'নাল অ'ফাৰেলৰ সৈতে গোলাঘাট বিপিন ফুকন নগৰ নিবাসী অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক নৰকান্ত শইকীয়া আৰু অৱসৰপ্ৰাপ্ত প্ৰৱক্তা চম্পা বড়োৰ কণ্যা বৰ্তমান অষ্টিয়াৰ ভিয়েনা বিশ্ববিদ্যালয়ৰ পষ্ট ডক্টৰেটত কৰ্মৰত সুদেষ্ঞা শইকীয়া বড়োৰ সৈতে সম্পন্ন হয় এই বিবাহ। বিবাহ উপলক্ষে সুদূৰ আয়াৰলেণ্ডৰ পৰা মুঠ ৩৭ গৰাকী ব্যক্তি বৰযাত্ৰী হিচাপে আহিছে। ইয়াৰে ২৩ গৰাকী মহিলাই অংশ লয় এই বিবাহ কাৰ্যত। প্ৰতিগৰাকী মহিলাই পাট, মূগাৰ আদি কাপোৰ পৰিধান কৰি বিয়াৰ পানী তোলাকে ধৰি সকলো ৰীতি নীতিত অংশ লয়। গোলাঘাটৰ এই ব্যতিক্ৰমী বিবাহ এতিয়া সকলোৰে চৰ্চিত হৈ পৰিছে। 
Byte_1_দৰা
Byte_2_কইনা
Byte_3_দৰাৰ পিতৃ
Byte_4_দৰাৰ মাতৃ
Byte_5_আত্মীয়
Byte_6_ কইনাৰ পিতৃ ।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Feed send by mojo
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.