ETV Bharat / briefs

গোলাঘাটত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ

গোলাঘাটৰ ফৰকাটিঙত উদ্ধাৰ হয় এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ, পৰিত্যক্ত কোঠালিৰ পৰা উদ্ধাৰ হোৱা মহিলাগৰাকী আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ৷

author img

By

Published : May 26, 2019, 10:39 PM IST

গোলাঘাটত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ

গোলাঘাট,২৬মে' : গোলাঘাটৰ ফৰকাটিঙত চাঞ্চল্যকৰ ঘটনা । ফৰকাটিঙৰ ৰাজেন্দ্ৰ আগৰৱালাৰ ৰাইচ মিলৰ চৌহদৰ এটা পৰিত্যক্ত কোঠালীত উদ্ধাৰ হয় এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ । প্ৰায় তিনি দিনৰ পূৰ্বে মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে । মৃতদেহৰ পৰা দুৰ্গন্ধ ওলোৱাত কৰ্মচাৰীসকলে কোঠালীটোত প্ৰৱেশ কৰে আৰু মৃতদেহটো প্ৰত্যক্ষ কৰে । কৰ্মচাৰীসকলে গৃহটোৰ স্বত্বাধিকাৰীৰ জড়িয়তে আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

গোলাঘাটত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ

উল্লেখ্য যে, কোনো দুষ্ট লোকে মহিলাগৰাকীৰ লগত দুষ্কাৰ্য সংঘটিত কৰি হত্যা কৰা বুলি ৰাইজে সন্দেহ কৰে যদিও এই পৰ্যন্ত মৃত্যুৰ কাৰণ পোহৰলৈ অহা নাই । ইফালে অচিনাক্ত মহিলা গৰাকী কেনেকৈ, ক'ৰ আহিল আৰু কি পৰিস্থিতিত মৃত্যু হ'ল সেই সম্পৰ্কে গোলাঘাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Intro:গোলাঘাটৰ ফৰকাটিংত চাঞ্চল্য । এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য । অচিনাক্ত মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ হয় এটা পৰিত্যক্ত গৃহত । ফৰকাটিংৰ ৰাজেন্দ্ৰ আগৰৱালাৰ ৰাইচ মিলৰ চৌহদত অৱস্থিত কৰ্মচাৰী থকা আৱাসগৃহৰ এটা পৰিত্যক্ত কোঠালীত উদ্ধাৰ হয় মৃতদেহটো । প্ৰায় তিনি দিনৰ পূৰ্বে মৃত্যু হোৱা বুলি সন্দেহ কৰা হয় । মৃতদেহৰ দুৰ্গন্ধ ওলোৱাতহে অন্যান্য কৰ্মচাৰী সকলে মালিকক অৱগত কৰে । মালিকে আৰক্ষীক খবৰ দিয়াত মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । কোনো দুষ্ট লোকে অসৎ চাৰিতাৰ্থ কৰি হত্যা কৰা বুলি ৰাইজে সন্দেহ কৰে যদিও এই পৰ্যন্ত মৃত্যুৰ কাৰণ পোহৰলৈ অহা নাই । ইফালে অচিনাক্ত মহিলা গৰাকী কেনেকৈ আহিল আৰু কি পৰিস্থিতিত মৃত্যু হল সেয়া গোলাঘাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Body:Byte_1_আৰক্ষী বিষয়া
Byte_2_মালিকৰ আত্মীয়

Conclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , Etv Bharat , অসম
8638762280
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.