হায়দৰাবাদ,৭ চেপ্তেম্বৰঃ কৰ'ণা মহামাৰীত বিশ্বত এতিয়ালৈকে ২,৭২,৯০,৫৩১ গৰাকী লোক সংক্ৰমিত হোৱাৰ বিপৰীতে কৰ'ণাত মৃত্যু হৈছে ৮,৮৭,৫৫৪ গৰাকী লোকৰ । ইয়াৰ বিপৰীতে সমগ্ৰ বিশ্বতে এইপৰ্যন্ত ১৯,৩৭৪,১৩৫ জনতকৈ অধিক লোক এই ৰোগৰ পৰা মুক্ত হৈছে ।
দক্ষিণ কোৰিয়াত নতুনকৈ ১১৯ গৰাকীত কৈ অধিক ক'ভিড আক্ৰান্তৰ ঘটনা পঞ্জীয়ন হৈছে । তিনি সপ্তাহৰ আক্ৰান্তৰ হাৰতকৈ যথেষ্ট নিম্নগামী হৈছে দৈনিক আক্ৰান্তৰ সংখ্যা । কোৰিয়া চৰকাৰৰ ৰোগ নিয়ন্ত্ৰণ ও প্ৰতিৰোধ বিভাগে জনাই যে, সোমবাৰলৈকে পঞ্জীয়নভূক্ত ২১,২৯৬ টা ঘটনাৰ ভিতৰত কোৰিয়াত ৩৩৬ জন লোকৰ মৃত্যু ঘটিছে । এইটো হৈছে পঞ্চমটো দিন য'ত দেশ খনত ক'ভিড আক্ৰান্তৰ ঘটনা ২০০ৰ তললৈ অৱনমিত হৈছে । দেশখনৰ বাবে ই এক ভাল খবৰ হিচাপে বিবেচিত হৈছে ।
বিশ্ব স্বাস্থ্য সংস্থাই শিশুসকল পুনৰ বিদ্যালয়লৈ ঘূৰি অহাৰ লগতে আন আন লোকসকল পুনৰ নিজ নিজ কৰ্মস্থলীলৈ উভতি অহাটো আশা কৰিছে । কিন্তু কোনো দেশেই যাতে ইয়াৰ লগে-লগে ভাৱি নলয় যে, বিশ্বত বা তেওঁলোকৰ দেশত ক'ভিড মহামাৰী নাইকিয়া হৈ গ'ল বা নিৰ্মূল হ'ল ।
অষ্ট্ৰেলিয়াই ক'ভিডৰ দুটা সম্ভাৱনাপূৰ্ণ ভেকচিনৰ বাবে ঔষধ প্ৰস্তুত কৰা প্ৰতিষ্ঠান সমূহৰ সৈতে ১.২ বিলিয়ন ডলাৰত চুক্তিবদ্ধ কৰিছে । বৃটেইনৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ে ক'ভিডৰ ভেকচিনৰ বাবে অস্ট্রাজেনেকা আৰু অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ড বিশ্ববিদ্যালয়ৰ সহযোগিতাত যৌথভাৱে কাম কাজ অব্যাহত ৰাখিছে । যাতে অষ্ট্ৰেলিয়াৰ ২৬ মিলিয়ন লোকৰ বাবে ৮৮.৮ মিলিয়ন ডোজ প্ৰস্তুত সৰবৰাহ কৰাৰ বাবে সহযোগিতা আগবঢ়াইছে । অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত প্ৰাথমিক পৰ্যায়ত ইয়াৰ কাম কাজ আৰম্ভ হৈ গৈছে । অষ্ট্ৰেলিয়া চৰকাৰে প্ৰকাশ কৰা এক চৰকাৰী বিবৃতি যোগে এই কথা জানিবলৈ দিছে ।
COVID-19 মহামাৰীৰ বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কত পৰ্যালোচনা কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই এটা স্বতন্ত্ৰ গোট গঠন কৰি দিছে, যিয়ে ৰাষ্ট্ৰসংঘৰ কৰণা সম্পৰ্কীয় সকলো নথি পত্ৰ, সামগ্ৰী, ই-মেইল, তথ্য আদি সৰবৰাহ কৰিব পাৰিব । বিশ্ব স্বাস্থ্য সংস্থাই গঠন কৰি দিয়া এই গোটটোৰ সহকাৰী সভাপতি হ'ল লাইবেৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এলেন জনছন ছাৰলিফ আৰু নিউজিলেণ্ডৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী হেলেন ক্লাৰ্ক ।