ETV Bharat / briefs

বিশ্বজুৰি ১,১৯,৪১,৭৮৩ গৰাকীলৈ বৃদ্ধি কোভিড-১৯ আক্ৰান্তৰ সংখ্যা

author img

By

Published : Jul 8, 2020, 5:04 PM IST

বিশ্বৰ প্ৰায় ২১৩ খন দেশ তথা কেন্দ্ৰীয় শাসিত অঞ্চল কোভিড-১৯ মহামাৰীত আক্ৰান্ত হৈছে। বৰ্তমানলৈকে এই মহামাৰীৰ ফলত মৃত্যুমুখত পৰিছে ৫,৫৫,৬৫২ গৰাকী ৰোগী।

COVID-19
Global COVID-19 tracker

নিউজ ডেস্ক, ৮ জুলাইঃ বিশ্বজুৰি ১,১৯,৪১,৭৮৩ গৰাকীলৈ বৃদ্ধি পাইছে কোভিড-১৯ মহামাৰীত আক্ৰান্ত হোৱা লোকৰ সংখ্যা । আনহাতে, এই মহামাৰীৰ ফলত ৫,৫৫,৬৫২ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬৮,৪৪,৯৭৩ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে। বিশ্বৰ প্ৰায় ২১৩ খন দেশ তথা কেন্দ্ৰীয় শাসিত অঞ্চল এই মহামাৰীৰ কৱলত পৰিছে বুলি জানিব পৰা গৈছে।

চীনৰ ৰাষ্ট্ৰীয় আয়োগে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি মঙলবাৰে ৰাষ্ট্ৰখনৰ মুখ্য ভূমি (Chinese mainland)ত নতুনকৈ ৭ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে । সম্প্ৰতি চীনৰ মুখ্য ভূমিত কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা ১,৯৪৯ গৰাকীলৈ বৃদ্ধি পাইছে ।

ইফালে, আন্তঃ মংগোলিয়া স্বায়ত্তশাসিত অঞ্চল (Inner Mongolia Autonomous Region)ত ৪ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ অৱস্থিতি। ইয়াৰ ভিতৰত শানচি প্ৰদেশ (Shanxi Province), গুয়াংডং প্রদেশ (Guangdong Province) আৰু ইউনান প্রদেশ (Yunnan Province)ৰ এজনকৈ ৰোগী এই ভাইৰাছত আক্ৰান্ত হৈছে বুলি এগৰাকী চৰকাৰী বিষয়াই প্ৰকাশ কৰে।

চীনৰ মুখ্য ভূমিত কোভিড-১৯ত আক্ৰান্ত ১,৯৪৯ গৰাকী ৰোগীৰ ভিতৰত ১,৮৭৭ গৰাকী ৰোগী সুস্থ হৈ উঠিছে। আন ৭২ গৰাকী ৰোগী সম্প্ৰতি চিকিত্সাধীন অৱস্থাত আছে । আনহাতে, বৰ্তমানলৈকে কোনো ৰোগীৰ মৃত্যু হোৱা নাই বুলি জানিব পৰা গৈছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.