ETV Bharat / briefs

বিশ্বজুৰি কোভিড-১৯ৰ শেহতীয়া তথ্য

author img

By

Published : Jul 2, 2020, 1:20 PM IST

সমগ্ৰ বিশ্বৰ ভিতৰত আমেৰিকা, ব্ৰাজিল আৰু ৰাছিয়াত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোভিড-১৯ত। আনহাতে, এই তালিকাৰ চতুৰ্থ স্থানত আছে ভাৰত।

Global COVID-19 tracker
Global COVID-19 tracker

নিউজ ডেস্ক, ২ জুলাইঃ সমগ্ৰ বিশ্বজুৰি একপ্ৰকাৰ কালৰূপ ধাৰণ কৰিছে মহামাৰী কোভিড-১৯য়ে। বিশ্বৰ প্ৰায় ২১৫ খন ৰাষ্ট্ৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল এই মহামাৰীৰ কৱলত পৰিছে। প্ৰতিদিনে হাজাৰ হাজাৰ লোকৰ দেহলৈ সংক্ৰমিত হৈছে এই ভাইৰাছৰ বিজাণু। এইপৰ্যন্ত বিশ্বজুৰি প্ৰায় ১,০৭,৯৩,৩৫৯ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে। ইয়াৰে ৫৯,৩০,১৩১ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যু হোৱা লোকৰ সংখ্য়া ৫,১৮,০৪৬ গৰাকীলৈ বৃদ্ধি পাইছে।

বিশ্বজুৰি কোভিড-১৯ৰ শেহতীয়া তথ্য
বিশ্বজুৰি কোভিড-১৯ৰ শেহতীয়া তথ্য

সমগ্ৰ বিশ্বৰ ভিতৰত আমেৰিকা, ব্ৰাজিল আৰু ৰাছিয়াত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোভিড-১৯ত। আনহাতে, এই তালিকাৰ চতুৰ্থ স্থানত আছে ভাৰত।

ইফালে, চাউথ কোৰিয়াত নতুনকৈ কোভিড-১৯ আক্ৰান্ত হৈছে ৫৪ গৰাকী লোক। প্ৰতিদিনে এই ভাইৰাছ ৰাষ্ট্ৰখনৰ নতুন নতুন অঞ্চললৈ সংক্ৰমিত হৈছে। বিশেষকৈ ৱাংজু (Gwangju)ৰ দৰে ধনী চহৰসমূহতো এই ৰোগৰ প্ৰাদুৰ্ভাৱ পৰিছে। কোভিড-১৯ সংকটৰ বাবে ৰাষ্ট্ৰখনৰ শিক্ষাণুষ্ঠানসমূহ বন্ধ হৈ থকাৰ লগতে এই ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সামাজিক নীতি-নিয়ম অধিক কঠোৰ কৰি তোলা হৈছে। তদুপৰি, চাউথ কোৰিয়াৰ বহুসংখ্যক লোক চলিত সপ্তাহত চৰ্দি-জ্বলৰ ভূগি আছে বুলি জানিব পৰা গৈছে।

Global COVID-19 tracker
বিশ্বজুৰি কোভিড-১৯ৰ শেহতীয়া তথ্য

দেশখনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি বৃহস্পতিবাৰলৈকে মুঠ ১২,৯০৪ গৰাকী লোক কোভিড-১৯ আক্ৰান্ত হোৱাৰ বিপৰীতে ২৮২ গৰাকী লোক মৃত্যুমুখত পৰিছে। উল্লেখ্য যে, ৱাংজু চহৰখনত নতুনকৈ ২২ গৰাকী লোকৰ দেহত লাভ কৰা গৈছে কোভিড-১৯ৰ উপস্থিতি। কাৰ্যালয়, ৰাজহুৱা পুথিভড়াল, সমাজ কল্যাণ কেন্দ্ৰ, মন্দিৰ আদি সকলো ক্ষেত্ৰতে বিয়পিছে কৰ'ণা ভাইৰাছৰ বিজাণু।

দেশখনত সাধাৰণ লক্ষণ থকা বহুসংখ্যক লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে। তদুপৰি মৃত্যু হোৱা লোকসকলৰ ভিতৰত অধিকাংশ প্ৰাপ্তবয়স্ক আৰু স্বাস্থ্যজনিত সমস্যাত ভুগি থকা লোক বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.