গুৱাহাটী, ৩ চেপ্তেম্বৰঃ গোলাঘাট জিলাৰ ফৰকাটিঙত অসম ক্ৰিকেট সন্থাই নিৰ্মাণ কৰিব অত্যাধুনিক ক্ৰিকেট খেলপথাৰ তথা পেভেলিয়ন। সন্থাৰ প্ৰস্তাৱ অনুসৰি বুধবাৰৰ পৰা নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি কৰা হয়। অসম ক্ৰিকেট সন্থাৰ উপ-সভাপতি পৰীক্ষিত দত্তই প্ৰস্তাৱিত ক্ৰিকেটৰ খেলপথাৰ আৰু পেভেলিয়ন নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজৰ শুভাৰম্ভ কৰে । অতিশীঘ্ৰে যাতে এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠে, তাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা নিয়াৰিকৈ গ্ৰহণ কৰা হʼব বুলি অসম ক্ৰিকেট সন্থাই এক বিবৃতিযোগে জানিবলৈ দিয়ে। শুভাৰম্ভণি কাৰ্যসূচীত উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক তথা গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ সন্দিকৈ, গোলাঘাট জিলা আৰু ফৰকাটিং আঞ্চলিক ক্ৰীড়া সন্থাৰ বিষয়ববীয়াৰ লগতে প্ৰাক্তন ক্ৰীড়াবিদ তথা বয়োজ্যেষ্ঠ নাগৰিকসকল ৷
![FORKATING MODERN CRICKET GROUND AND PAVILION CONSTRUCTION FOUNDATION LYING](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02:52:51:1599124971_as-ghy-02-acacricketground-as10002_03092020144749_0309f_1599124669_75.jpg)