ETV Bharat / briefs

ওদালগুৰিত ম্যাদ উকলা ঔষধেৰে চৰকাৰী চিকিৎসালয়ত চিকিৎসা সেৱা!

author img

By

Published : Apr 6, 2019, 7:16 PM IST

শুকুৰবাৰে ওদালগুৰিৰ এজন স্থানীয়লোকে নিজৰ 2 বছৰীয়া কন্যা সন্তানৰ চিকিৎসাৰ বাবে গৈছিল ওদালগুৰি অসামৰিক চিকিৎসালয়ত ৷ চিকিৎসকে শিশুটিক 10 টাকৈ বেজি 10দিনত দিবলৈ পৰামৰ্শ আগবঢ়ালে অভিভাৱকক ৷ সেই মৰ্মে শুকুৰবাৰে চিকিৎসালয় খনতে এটা বেজি দিয়া হৈছিল শিশুটিক

ওদালগুৰিত ম্যাদ উকলা ঔষধেৰে চিকিৎসা

ওদালগুৰি, 6 এপ্ৰিলঃ সৰিয়হৰ ডুলিতে ভূত । ম্যাদ উকলা বেজি যোগান ধৰিলে চৰকাৰী চিকিৎসালয়ে । নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল দুবছৰীয়া শিশু ৷ আপোনাৰ মোৰ স্বাস্থ্যক লৈ কিমান সচেতন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগ ! ওদালগুৰি অসামৰিক চিকিৎসালয়ত ঘটিল তেনে এক ঘটনা ৷ যি শুনিলে চৰকাৰী চিকিৎসালয়লৈ যাবলৈ 10 বাৰ চিন্তা কৰিব আপুনিও ৷

ওদালগুৰিত ম্যাদ উকলা ঔষধেৰে চিকিৎসা

উল্লেখ্য যে, শুকুৰবাৰে ওদালগুৰিৰ এজন স্থানীয় লোকে নিজৰ 2 বছৰীয়া কন্যা সন্তানৰ চিকিৎসাৰ বাবে গৈছিল ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ ৷ চিকিৎসকে শিশুটিক 10 টা বেজি 10দিনত দিবলৈ পৰামৰ্শ আগবঢ়ালে অভিভাৱকক ৷ সেই মৰ্মে শুকুৰবাৰে চিকিৎসালয় খনতে এটা বেজি দিয়া হৈছিল শিশুটিক । কিন্তু শনিবাৰে দ্বিতীয়টো বেজি চিকিৎসালয়ৰ ফাৰ্মাচীৰ পৰা সংগ্ৰহ কৰিবলৈ গৈ চকু কপালত উঠিল আত্মীয়ৰ ৷ চৰকাৰী চিকিৎসালয়খনে যোগান ধৰা CEFTRIAXONE নামৰ বেজিৰ ম্যাদ শেষ হৈছে বিগত ফেব্ৰুৱাৰী মাহতে । অৱশ্যে এই বিষয়টো পৰিয়ালৰ চকুত পৰা নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল শিশুটো । ঘটনা সন্দৰ্ভত সাংবাদিকে চিকিৎসালয়খনৰ অধীক্ষকক প্ৰশ্ন কৰাত ঘটনাৰ তদন্ত কৰাৰ কথা অৱগতে কৰে ৷

আনহাতে, কেৱল মাত্ৰ কমিছন লাভ কৰাৰ অংক কৰিয়েই ম্যাদ উকলা ঔষদ সমূহ ক্ৰয় কৰে নেকি ৰাজ্যৰ স্বাস্থ্য বিভাগটোৱে? এতিয়া ইয়াকলৈও সন্দেহৰ সৃষ্টি হৈছে সচেতন নাগৰিকৰ মাজত ৷

সৰিয়হৰ ডুলিতে ভূত। ম্যাদ যোৱা বেজি যোগান ধৰিলে চৰকাৰী চিকিৎসালয়ে । নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল দুবছৰীয়া শিশু

 কি চলিছে ৰাজ্যৰ স্বাস্থ্য খণ্ডত। আপোনাৰ মোৰ স্বাস্থ্যকলৈ কিমান সচেতন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাগটো। এইবাৰ ওদালগুৰিত ঘটিল এনে এক ঘটনা যাৰ পিছত চৰকাৰী চিকিৎসালয়ত যাবলৈ ১০ বাৰ চিন্তা কৰিব আপুনি । এইবাৰ ব্যক্তিগত ফাৰ্মাচীত নহয়।  চৰকাৰী চিকিৎসালয়ৰ ফাৰ্মাচীয়েই  ৰোগীক দিলে ম্যাদ যোৱা বেজি। এই ঘটনা ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ। শুক্ৰবাৰে  ওদালগুৰিৰ এজন লোকে নিজৰ ২ বছৰীয়া কন্যা সন্তানৰ চিকিৎসাৰ বাবে গৈছিল চিকিৎসালয় খনত।
চিকিৎসকে শিশুটিক ১০ টাকৈ বেজি দিবলৈ পৰামৰ্শ দিছিল অভিভাৱকক। সেই মৰ্মে শুক্ৰবাৰে চিকিৎসালয় খনতে এটা বেজি দিয়া হৈছিল শিশুটিক। আজি  চিকিৎসালয় ফাৰ্মাচীৰ পৰা বাকী থকা বেজি সমূহ সংগ্ৰহ কৰিব গৈছিল আত্মীয়ই আৰু তেতিয়াই চকু কপালত উঠিল সকলোৰে। চৰকাৰী চিকিৎসালয়খনে যোগান ধৰা  CEFTRIAXONE নামৰ বেজিৰ ম্যাদ শেষ হৈছে যোৱা ফেব্ৰুৱাৰী মাহতে। কিন্তু তাৰ পিছতো এই বেজিটো যোগান ধৰিছিল চিকিৎসালয়খনে। অৱশ্যে এই বিষয়টো পৰিয়ালৰ চকুত পৰা নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল  শিশুটো। এই সমগ্ৰ ঘটনাৰ বিষয়ে জানিব পাৰি শিশুটোৰ প্ৰেছপিকছন হাতত লৈ চিকিৎসালয় খনত উপস্থিত হৈছিল সাংবাদিক। সাংবাদিকে ফাৰ্মাচীত এই বেজি কেইটা বিছৰাত ফাৰ্মাচীচ জনে সাংবাদিককো দিয়ে সেই ম্যাদ যোৱা বেজি কেইটা। ইয়াৰ পিছতে সাংবাদিকে এই ঘটনাৰ সন্দৰ্ভত চিকিৎসালয়খনৰ অধীক্ষকক প্ৰশ্ন কৰাত ঘটনাৰ তদন্ত কৰাৰ কথা অৱগতে কৰে।
ইপিনে কালি শিশুটোক দিয়া বেজিটোৰ ম্যাদ আছিল বুলি  চিকিৎসালয় কতৃপক্ষই দাবী কৰিছে যদিও এইটোও এতিয়া সন্দেহৰ আৱৰ্তত। এতিয়া এনেকৈয়ে চলিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ । কেৱল মাত্ৰ কমিছন লাভ কৰাৰ অংক কৰিয়েই ম্যাদ যোৱা সময় হোৱা ঔষদ সমূহ ক্ৰয় কৰে নেকি ৰাজ্যৰ স্বাস্থ্য বিভাগটোৱে? এতিয়া ইয়াকলৈও সন্দেহৰ সৃষ্টি হৈছে সচেতন নাগৰিকৰ মাজত। 

BYTE 1 অধীক্ষক
BYTE 2  শিশুৰ আত্মীয়

Visual দুটা  আৰু বাইট দুটা (মুঠ ৪ ) এফ টি পিত দিয়া হৈছে। সাংবাদিকে কৰা ষ্ট্ৰিং অপাৰেছনৰ ভিজুৱেল এই মেইলটোতে দিয়া হৈছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.