ETV Bharat / briefs

ই টিভি-ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ দশম শ্ৰেণীৰ ছাত্ৰীক সহায় উত্তৰাখণ্ডৰ শিক্ষামন্ত্ৰীৰ - উত্তৰাখণ্ডৰ পাউৰি জিলা

লকডাউনৰ বাবে উত্তৰাখণ্ডৰ পাউৰি জিলাত আবদ্ধ হৈ থকা এগৰাকী মনিষা নামৰ দশম শ্ৰেণীৰ ছাত্ৰীক সহায়ৰ বাবে আগবাঢ়ি আহিল উত্তৰাখণ্ডৰ শিক্ষামন্ত্ৰী অৰবিন্দ পাণ্ডে। অন্যথা দশম শ্ৰেণীৰ চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বিৰত থাকিবলগীয়া হ'লহেতেন মনীষাই।

Uttarakhand Education Minister
Stranded student gets assistance from Uttarakhand Education Minister
author img

By

Published : Jun 12, 2020, 3:04 PM IST

নিউজ ডেস্ক, ১২ জুনঃ উত্তৰাখণ্ডৰ পাউৰি জিলাৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক সহায়ৰ হাত আগবঢ়ালে ৰাজ্যখনৰ শিক্ষামন্ত্ৰী অৰবিন্দ পাণ্ডে। কোভিড-১৯ৰ সংকটৰ বাবে দেশজুৰি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লক ডাউনৰ বাবে পাউৰিত আবদ্ধ হৈ আছিল মণিষা নামৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী। কিন্তু ৰাজ্য চৰকাৰে ২০ জুনৰ পৰা দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কৰাৰ পাছতে চিন্তিত হৈ পৰে ছাত্ৰীগৰাকী।

 Stranded student gets assistance from Uttarakhand Education Minister
ই টিভি-ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ দশম শ্ৰেণীৰ ছাত্ৰীক সহায় উত্তৰাখণ্ডৰ শিক্ষামন্ত্ৰীৰ

আৰ্থিকভাৱে পিছ পৰা পৰিয়ালৰ ছাত্ৰীগৰাকী হৰিদ্বাৰত অধ্যয়নৰত আছিল। কিন্তু লকডাউনৰ বাবে পাউৰিৰ পৰা হৰিদ্বাৰলৈ উভতি আহিবলৈ কোনো যান-বাহনৰ সুবিধা নথকাত এইবছৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বিৰত থকাৰ কথা ভাবিছিল ছাত্ৰীগৰাকীয়ে। আৰ্থিক ভাৱে দুৰ্বল হোৱা হেতুকে নিজাববীয়াকৈ কোৱো ব্যক্তিগত বাহন অথবা অন্য কোনো উপায়েৰে হৰিদ্বাৰলৈ উভতি আহিব পৰা উপায় নাছিল।

  • मनीषा आप निश्चिंत होकर अपनी बोर्ड परीक्षाओं के तैयारी करें।

    सभी बच्चों के लिए अच्छी शिक्षा एवं उन्नत व्यवस्था बनाना, प्रदेश सरकार की प्राथमिकता है। 2/2

    — Arvind Pandey (@TheArvindPandey) June 11, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ই-টিভি ভাৰতত এগৰাকী সাংবাদিকে মণীষাৰ এই বাতৰি সংগ্ৰহ কৰিছিল। বাতৰিতো প্ৰকাশ পোৱাৰ পাছতেই ছাত্ৰীগৰাকীক সহায়ৰ বাবে আগবাঢ়ি আহে ৰাজ্যখনৰ শিক্ষামন্ত্ৰী অৰবিন্দ পাণ্ডে। মন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে ছাত্ৰীগৰাকীক সকলো ধৰণৰ সহায় কৰাৰ আশ্বাস প্ৰদান কৰে। লগতে,যদি মনিষাই বিচাৰে তেন্তে পৰীক্ষা কেন্দ্ৰ কোটদ্বাৰলৈ স্থানান্তৰ কৰি দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি শিক্ষামন্ত্ৰী অৰবিন্দ পাণ্ডে প্ৰকাশ কৰে।

লগতে চাওকঃ মিছামাৰীত বন বিষয়াৰ তৎপৰতাত সুস্থ হৈ উঠিল এজনী হাতী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.