ETV Bharat / briefs

ডা: সুমিত কুমাৰ গাৰোডিয়াৰ লগতে পত্নীক শেষ শ্ৰদ্ধা শিৱসাগৰবাসীৰ - চিকিৎসক

শিৱসাগৰ জিলাত শনিবাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয় ডা: সুমিত কুমাৰ গাৰোডিয়া আৰু তেওঁৰ পত্নী নন্দিনী গাৰোডিয়াক

মৃতদেহ হাজিৰ হয় শিৱসাগৰত
author img

By

Published : Apr 27, 2019, 1:24 PM IST

শিৱসাগৰ,২৭ এপ্ৰিল : শুকুৰবাৰে কলিয়াবৰ আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়াপাহাৰত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছিল ডা: সুমিত কুমাৰ গাৰোডিয়া আৰু পত্নী নন্দিনী গাৰোডিয়াৰ । শনিবাৰে সুমিতৰ লগতে তেওঁৰ পত্নী নন্দিনীৰ মৃতদেহ লৈ অনা হয় দীৰ্ঘদিন ধৰি কৰ্মৰত ভূমি শিৱসাগৰলৈ । ডা: সুমিত কুমাৰ গাৰোডিয়াই সাত বছৰ ধৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসক হিচাপে কৰ্মৰত আছিল । চিকিৎসকজনৰ অকাল মৃত্যুত এতিয়া শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ শিৱসাগৰ জিলাত । চিকিৎসকজনৰ আত্মাৰ সদগতিৰ বাবে নগৰৰ আশীৰ্বাদ ভৱনত শিৱসাগৰ জিলাৰ ৰাইজে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে চিকিৎসকজনৰ লগতে তেওঁৰ পত্নীক ।

মৃতদেহ হাজিৰ হয় শিৱসাগৰত

উল্লেখযোগ্য যে, আত্মীয়ৰ বিবাহ অনুষ্ঠানত অংশ লবলৈ হোজাইলৈ গৈ থকা অৱস্থাতে বুঢ়াপাহাৰত চিকিৎসকজনৰ হোণ্ডা ব্ৰিঅ’ বাহনখন দুৰ্ঘটনাত পতিত হৈছিল । ট্ৰেভেলাৰৰে মুখামুখি সংঘৰ্ষত থিতাতে নিহত হৈছিল চিকিৎসক সুমিতৰ লগতে তেওঁৰ পত্নী আৰু গুৰুতৰভাৱে আহত হৈছিল সুমিতৰ দুই পুত্ৰৰ । সম্প্ৰতি গুৱাহাটীত চিকিৎসাধীন অৱস্থাত আছে গুৰুতৰভাৱে আহত দুই পুত্ৰ ।

*শিৱসাগৰত কৰ্মৰত চিকিৎসকৰ মৃত্যুত শেষ শ্ৰদ্ধাঞ্জলি*
Story-DOCTORS_DEATH
Ananta Smith
Sivasagar
27th April

A_SVR_27TH_APR_801-802_DOCTORS_DEATH_ANANTA

কলিয়াবৰ আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়াপাহাৰত কালি ভয়ংকৰ পথ দুৰ্ঘটনা মৃত্যু হোৱা  শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডা: সুমিত কুমাৰ গাৰোডিয়া আৰু পত্নী নন্দিনী গাৰোডিয়াৰ মৃতদেহ আজি পুৱা কর্মভূমি শিৱসাগৰলৈ অনা হয় ৷

নগৰৰ আশীৰ্বাদ ভৱনত শিৱসাগৰীয়া ৰাইজে শোকাকুল পৰিৱেশত দুই মৃতকৰ প্ৰতি শেষ শ্রদ্ধা জনায়।

উল্লেখযোগ্য যে কালি গাৰোডিয়া দম্পত্তিৰ  হোণ্ডা বৃয়' বাহন ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ বুঢ়াপাহাৰৰ নহৰোবস্তিত দুৰ্ঘটনাত পতিত হৈছিল। আত্মীয়ৰ বিবাহ অনুষ্ঠানত অংশ লবলৈ হোজাইলৈ গৈ থকা অৱস্থাতে বুঢ়াপাহাৰত সংঘটিত হয় শোকাৱহ ঘটনাতো ৷ ট্ৰেভেলাৰৰে মুখামুখি সংঘৰ্ষ হোৱাত থিতাতে নিহত হয় শিৱসাগৰৰ জনপ্ৰিয় চিকিৎসক গৰাকী আৰু তেওঁৰ পত্নী৷ চিকিৎসক গৰাকীৰ প্ৰকৃত ঘৰ ডিব্ৰুগড়ত ৷বিগত সাত বছৰ ধৰি গাৰোডিয়াই শিৱসাগৰত চিকিৎসা সেৱা আগবঢ়াই শিৱসাগৰৰ সমাজ জীৱনৰ অংগ হৈ পৰিছিল। আনহাতে দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা গাৰোডিয়া দম্পত্তিৰ দুই পুত্ৰ সম্প্ৰতি গুৱাহাটীত চিকিৎসাধীন অৱস্থাত আছে।

Bite-ড০ দিলীপ বৰুৱা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.