ETV Bharat / briefs

জনপ্ৰতিনিধিৰ কাণসাৰ নাইঃ জোনাইত ৰাইজে নিৰ্মাণ কৰিলে পথ - ভূৱন পেগু

ধেমাজি জিলাৰ জোনাই সমষ্টিৰ মুৰ্কংচেলেক উন্নয়ন খণ্ডৰ অন্তৰ্গত চিগা গাঁও পঞ্চায়তৰ নাহৰ দেতাক গাঁৱৰ পথটোৰ বাবে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগিবলগীয়া হৈছিল অঞ্চলবাসীয়ে । এজাক বৰষুণতেই বোকাময় হৈ পৰে পথটো। ইফালে, বছৰ-বছৰ ধৰি চৰকাৰ তথা স্থানীয় বিধায়ক ভুৱন পেগু, সাংসদ প্ৰদান বৰুৱাৰ ওচৰত আবেদন-নিবেদন কৰিও কোনো সুফল নাপালে অঞ্চলবাসীয়ে

উপাৰ্জিত ধনেৰে পথ নিৰ্মাণ ধেমাজিত
author img

By

Published : Jun 1, 2019, 5:00 PM IST

Updated : Jun 1, 2019, 7:04 PM IST

জোনাই,১জুন : "ৰাইজে নখ জোকাৰিলে নৈ বয়"-তাৰেই যেন প্ৰমাণ ঘটিল ধেমাজি জিলাৰ জোনাইৰ নাহৰ দেতাকত । কোলাত কেঁচুৱা লৈ নাহৰ দেতাকৰ স্থানীয় ৰাইজে উপাৰ্জিত ধনেৰে নিৰ্মাণ কৰি উলিয়ালে পথ আৰু বাঁহৰ দলং ।

ধেমাজি জিলাৰ জোনাই সমষ্টিৰ মুৰ্কংচেলেক উন্নয়ন খণ্ডৰ অন্তৰ্গত চিগা গাঁও পঞ্চায়তৰ নাহৰ দেতাক গাঁৱৰ পথটোৰ বাবে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগিবলগীয়া হৈছিল অঞ্চলবাসীয়ে । এজাক বৰষুণতেই বোকাময় হৈ পৰে পথটো। ইফালে, বছৰ-বছৰ ধৰি চৰকাৰ তথা স্থানীয় বিধায়ক ভুৱন পেগু, সাংসদ প্ৰদান বৰুৱাৰ ওচৰত আবেদন-নিবেদন কৰিও কোনো সুফল নাপালে অঞ্চলবাসীয়ে ।

উপাৰ্জিত ধনেৰে পথ নিৰ্মাণ ধেমাজিত

অৱশেষত নিজৰ কষ্টোপাৰ্জিত ধনেৰে অঞ্চলটোৰ লোকসকলে পথ নিৰ্মাণৰ বাবে ওলাই আহে। উল্লেখ্য যে জোনাই সমষ্টিৰ মুৰ্কংচেলেক উন্নয়ন খণ্ডৰ চিগা পঞ্চায়তৰ অন্তৰ্গত নাহৰ দেতাক, লাদাংগুৰি, মইনাপুৰ, চন্তপুৰ, চিংগাপুৰ, টাইগাৰগুৰি আদিকে ধৰি প্ৰায় ২০-২৫ খন গাঁৱৰ যোগাযোগৰ একমাত্ৰ মাধ্যম এই পথটো ।

Intro:Body:চৰকাৰৰ উন্নয়নৰ শ্ল’গান ধোৱাচাঙত, ধেমাজি জিলা জোনাইৰ নাহৰ দেতাকত গাঠিৰ ধন খৰচ কৰি ৰাইজে নিৰ্মাণ কৰিলে পথ আৰু বাহৰ দলং

জোনাই ১ জুন
কংগ্ৰেছৰ বিকশিত অসমে হওঁক, বিজেপি পৰিৱৰ্ত্তনকামী চৰকাৰেই হওঁক কোনো চৰকাৰৰ দিনতে উন্নয়নৰ পোহৰে প্ৰভাৱ পেলাব পৰা নাই ধেমাজি জিলাৰ জোনাই মহকুমাৰ এখন বৃহত্তৰ অঞ্চল নাহৰ দেতাকত l আজিও অতি শোচনীয় যাতায়ত ব্যৱস্থাৰে জীয়াই থকা অঞ্চলটোৰ ৰাইজে চৰকাৰৰ পৰা চুড়ান্তভাৱে অৱহেলিত হোৱাত ৰাইজৰ দান বৰঙনি, শ্ৰমদানেৰে মেৰামতি কৰিছে পথ আৰু বাহৰ দলংl এফালে বিজেপি পৰিৰ্বতনৰ শ্ল’গান যাাতায়তৰ বাবে এটা পথৰ অভাৱত ভুগিছে ৰাইজে ।বিগত বছৰ বছৰ ধৰি জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে সমষ্টিত উন্নয়ন কৰিব নোৱাৰৰ কাৰণে এইবাৰ গাঠিৰ ধন ভাঙি পথ নিৰ্মাণ কৰিলে ৰাইজে । জোনাই সমষ্টিৰ মুৰ্কংচেলেক উন্নয়ন খণ্ডৰ অন্তৰ্গত চিগা গাওঁ পঞ্চায়তৰ নাহৰ দেতাক গাঁৱৰ এই বিধ্বস্ত পথটোৱে ৰাইজক হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছিল । জোনাই মহকুমাৰ নাহৰ দেতাকত শুক্ৰবাৰে দেখা গল হাতে হাতে কোৰ লৈ পথ মেৰামতি ব্যস্ত এজাগ পুৰুষ মহিলা l কোনো এনৰেগাৰ আঁচনিৰ পথ মেৰামতিত ব্যস্ত নহয় এইসকল পুৰুষ মহিলাৰl চৰকাৰ আঁচনি-জনপ্ৰতিনিধি পৰা চৰম অৱহেলিত ৰাইজে নিজৰ দান বৰঙনিৰ শ্ৰমদানেৰেহে পথ নিৰ্মান কৰিছে এইসকল পুৰুষ মহিলাইl উন্নয়ণৰ পোহৰে ঢুকি নোপোৱা জোনাই নাহৰ দেতাক অঞ্চলৰটোৰ কি পুৰুষ কি মহিলা হাতে হাতে কোৰ বেলচা লৈ ৰাইজে মিলি নামিছে পথ মেৰামতিত lআনকি কেচুৱাক বুকুচাত লৈ একাংশ মহিলাই নামিছে পথ মেৰামতিতl উল্লেখ্য যে জোনাই সমষ্টিৰ মুৰ্কংচেলেক উন্নয়ন খণ্ডৰ চিগা পঞ্চায়তৰ অন্তৰ্গত নাহৰ দেতাক, লাদাংগুৰি, মইনাপুৰ, চন্তপুৰ, চিংগাপুৰ, টাইগাৰগুৰি আদি কৰি প্ৰায় ২০-২৫ খন গাঁৱৰ ৰাইজৰ বাবে যোগাযোগৰ একমাত্ৰ মাধ্যম এই পথটোৱেl বাৰিষাত একাঠু বোকা পানী গচকি পথটোৰ ওপৰত থকা জৰাজীৰ্ণ বাহৰ দলঙেৰে ছাত্ৰ ছাত্ৰীয়ে স্কুল-কলেজ হওক বা ৰোগীক চিকিৎসালয়লৈ আনিব লগীয়া হলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ যাতায়ত কৰিবলগীয়া হোৱাত ৰাইজেৰ ভুগিছে যমৰ যাতনা । বৃহত্তৰ অঞ্চালটোৰ ৰাইজৰ যাতায়তৰ বাবে এইটোৱেই একমাত্ৰ পথ। বছৰ বছৰ ধৰি চৰকাৰ জন প্ৰতিনিধিক আবেদন নিবেদন কৰিও কোনো সুফল নাপালে এই সকল ভুক্তভোগী ৰাইজে। ফলত দান বৰঙনি তুলি ৰাইজে নিজে নিৰ্মান কৰিব লগা হৈছে পথটো। নিৰ্বাচনৰ সময়ত কেৱল ভোটৰ লালসাত একাংশ দালালে ভোট বিচাৰি যায় আৰু স্বাৰ্থ আদায় হলেই চৰকাৰ তথা জনপ্ৰতিনিধিয়ে দুখ দূৰ্দশা বুজ লবলৈ আহৰি নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। বৃহত্তৰ নাহৰ দেতাক অঞ্চলটোৰ ৰাইজে পথটোৰ ওপৰত থকা দলংখন মেৰামতিৰ বাবে বাৰম্বাৰ স্থানীয় বিধায়ক ভূৱন পেগু, সাংসদ প্ৰদান বৰুৱাৰ ওচৰত আবেদন নিবেদন কৰিয়ো আজি পৰ্যন্ত কোনো ধৰনৰ সহাৰি নিদিয়াত উপায়ন্তৰ ৰাইজে নিজেই প্ৰতি বছৰৰ বাৰিষাৰ পূৰ্বেই পথছোৱা লগতে দলংখন মেৰামতি কৰি অব্যহত ৰাখিছে যাতায়তl প্ৰতিটো নিৰ্বাচনৰ সময়ত পথছোৱা মেৰীমতি প্ৰতিশ্ৰুতিৰে ৰাইজক ভোট আদায় কৰা বিধায়ক ভূৱন পেগুক তীব্ৰ সমালোচনা কৰে অঞ্চলটোৰ ক্ষুব্দ ৰাইজেl

কৰবী দলে জোনাইConclusion:
Last Updated : Jun 1, 2019, 7:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.