ETV Bharat / briefs

প্ৰকৃততে কি কাৰণত আত্মহত্যা কৰিছিল সুশান্ত সিং ৰাজপুতে ?

মহামাৰী কোভিড-১৯ৰ বাবে দেশজুৰি ঘোষণা কৰা লক ডাউনে সুশান্তৰ জীৱনত বিশেষ প্ৰভাৱ পেলাইছিল। লক ডাউনৰ বাবে ছবিসমূহৰ শ্বুটিঙৰ কাম বন্ধ হৈ পৰাত ক্ৰমাৎ মানসিক হতাশাত ভাগি পৰিছিল সুশান্ত সিং ৰাজপুত।

author img

By

Published : Jun 23, 2020, 6:06 PM IST

সূশান্ত সিং ৰাজপুত
Could Sushant Singh Rajput's story be any different?

এণ্টাৰটেইনমেণ্ট ডেস্ক, ২৩ জুনঃ বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা সন্দৰ্ভত বৰ্তমানেও বলীউডৰ লগতে অনুৰাগীৰ মাজত চৰ্চা অব্যাহত আছে । অভিনেতাগৰাকীৰ আত্মহত্য়াৰ কাৰণ বিচাৰি মুম্বাই আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত । পৰিয়াল, অনুৰাগীৰ লগতে বহু চেলিব্ৰেটিয়ে তেখেতৰ আত্মহত্যাৰ আঁৰৰ কাহিনী জানিবলৈ ৰৈ আছে । আচলতে সুশান্তৰ লগত কি হৈছিল ? অভিনেতাগৰাকীয়ে মানসিক ভাৰসাম্য হেৰুৱাই আত্মহত্যা কৰিছিল নেকি ? নে আন কিবা কাৰণত সুশান্তৰ মৃত্যু হৈছিল?

এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা খৱৰ অনুসৰি, সুশান্তে আশ্বিকী ২ (Aashiqui 2) আৰু চৰক২ ( Sadak 2) ছবিত কাম কৰাৰ বাবে আগ্ৰহী আছিল। তাৰ বাবে অভিনেতাগৰাকীয়ে মহেশ ভাট্টৰ কাৰ্যালয়লৈ গৈ বহুবাৰ অডিচন দিছিল। সুশান্তে এই দুখন ছবিৰ কাম লাভ কৰিব বুলি ভাবিছিল। কিন্তু সৰ্বশেষত দুয়োখন ছবিৰ কাম আদিত্য ৰায় কাপুৰে লাভ কৰাত সুশান্তে মনত বহুত কষ্ট পায়।

সূশান্ত সিং ৰাজপুত
প্ৰকৃততে কি কাৰণত আত্মহত্যা কৰিছিল সুশান্ত সিং ৰাজপুতে ?

সঞ্জয় লীলা ভাঞ্চালীৰ ছবি ৰামলীলা (Ramleela)তো প্ৰথম অৱস্থাত সুশান্ত সিং ৰাজপুতে অভিনয় কৰাৰ কথা আছিল। কিন্তু ছবিখনত সুশান্তৰ পৰিৱৰ্তে অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল ৰণবীৰ সিঙে।

একেদৰে, য়চ ৰাজ ফিল্মৰ ( Yash Raj Films)বেনাৰত নিৰ্মিত ছবি বেফিক্ৰে (Befikre)ত সুশান্ত সিং ৰাজপুতে অভিনয় কৰাটো প্ৰায় নিশ্চিত হৈছিল। কিন্তু সেইখন ছবিতো সুশান্তৰ পৰিৱৰ্তে ৰণবীৰ সিঙে অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল। কিন্তু কি কাৰণত ছবিখন সুশান্তে নাপালে সেয়া বৰ্তমানেও অজ্ঞাত।

ইয়াৰ পাছত মহামাৰী কোভিড-১৯ৰ বাবে দেশজুৰি ঘোষণা কৰা লকডাউনে সুশান্তৰ জীৱনত বিশেষ প্ৰভাৱ পেলাইছিল। লক ডাউনৰ বাবে ছবিসমূহৰ শ্বুটিঙৰ কাম বন্ধ হৈ পৰাত ক্ৰমাত্ মানসিক হতাশাত ভাগি পৰিছিল সুশান্ত সিং ৰাজপুতে।

সূশান্ত সিং ৰাজপুত
কি কাৰণত আত্মহত্যা কৰিছিল সুশান্ত সিং ৰাজপুতে ?

মৃত্যুৰ পূৰ্বে সুশান্তে কি কৰি আছিল সেয়া বৰ্তমানেও অজ্ঞাত। অভিনেতাগৰাকীয়ে কিয় এই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলে এই সমগ্ৰ ঘটনাক লৈ মুম্বাই অৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তেখেতৰ মৃত্যুত বলীউড জগত বৃহত্ লোকচানৰ সম্মুখীন হৈছে।

লগতে পঢ়ক : "শিশু হৈ আছা শিশুৰ দৰে থাকা"- ভূষণ কুমাৰক কটাক্ষ কমেডিয়ান সুনীল পালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.