টীয়ক,৪মে' : শনিবাৰে টীয়ক সমষ্টিৰ অন্তৰ্গত হাতীগড় অঞ্চলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ পৰা ডিব্ৰুগড় অভিমুখে অহাৰ পথত মুখ্যমন্ত্ৰী সোনোৱালে উজনি অসমৰ চাৰিলেণ্ডযুক্ত পথ সম্প্ৰসাৰণৰ কামৰ অগ্ৰগতিৰ বুজ লয় । বাৰিষা অহাৰ লগে-লগে বৰষুণ হ'ব বুলি সোণোৱালে মন্তব্য কৰি চাৰিলেণ্ডযুক্ত পথৰ কামৰ দায়িত্বত থকা কোম্পানীক অতি শীঘ্ৰে সকলো প্ৰয়োজনীয় সামগ্ৰী তথা পৰ্যাপ্ত বনুৱা মজুত ৰাখি ক্ষীপ্ৰতাৰে কাম আগুৱাই নিবলৈ আহ্বান জনায় । আনহাতে, বাৰিষাৰ সময়ছোৱাত যাতে যাত্ৰীসকলৰ কোনো অসুবিধা নহয় তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈও সোণোৱালে কোম্পানীটোক নিৰ্দেশ দিয়ে । লগতে সংবাদমাধ্যমে ৰাইজৰ সমস্যাবোৰ চৰকাৰক দৃষ্টিগোচৰ কৰি সমাজৰ বাবে সবল ভূমিকা লোৱাৰ বাবেও সংবাদমাধ্যমক শলাগ লয় মুখ্যমন্ত্ৰী সোণোৱালে ।
টীয়কত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - কোম্পানী
টীয়ক সমষ্টিৰ হাতীগড় অঞ্চলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হৈ চাৰিলেণ্ডযুক্ত পথ সম্প্ৰসাৰণৰ কামৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
টীয়ক,৪মে' : শনিবাৰে টীয়ক সমষ্টিৰ অন্তৰ্গত হাতীগড় অঞ্চলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ পৰা ডিব্ৰুগড় অভিমুখে অহাৰ পথত মুখ্যমন্ত্ৰী সোনোৱালে উজনি অসমৰ চাৰিলেণ্ডযুক্ত পথ সম্প্ৰসাৰণৰ কামৰ অগ্ৰগতিৰ বুজ লয় । বাৰিষা অহাৰ লগে-লগে বৰষুণ হ'ব বুলি সোণোৱালে মন্তব্য কৰি চাৰিলেণ্ডযুক্ত পথৰ কামৰ দায়িত্বত থকা কোম্পানীক অতি শীঘ্ৰে সকলো প্ৰয়োজনীয় সামগ্ৰী তথা পৰ্যাপ্ত বনুৱা মজুত ৰাখি ক্ষীপ্ৰতাৰে কাম আগুৱাই নিবলৈ আহ্বান জনায় । আনহাতে, বাৰিষাৰ সময়ছোৱাত যাতে যাত্ৰীসকলৰ কোনো অসুবিধা নহয় তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈও সোণোৱালে কোম্পানীটোক নিৰ্দেশ দিয়ে । লগতে সংবাদমাধ্যমে ৰাইজৰ সমস্যাবোৰ চৰকাৰক দৃষ্টিগোচৰ কৰি সমাজৰ বাবে সবল ভূমিকা লোৱাৰ বাবেও সংবাদমাধ্যমক শলাগ লয় মুখ্যমন্ত্ৰী সোণোৱালে ।
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উজনি অসমৰ চাৰিলেণ্ডযুক্ত পথ সম্প্ৰসাৰণৰ কামৰ অগ্ৰগতিৰ বুজ ল'লে টীয়ক সমষ্টিৰ অন্তৰ্গত হাতীগড় অঞ্চলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পথত।চাৰিলেণ্ডযুক্ত পথৰ কামৰ দায়িত্বত থকা কোম্পানীক অনতি পলমে সকলো প্ৰয়োজনীয় সামগ্ৰী তথা পৰ্যাপ্ত বনুৱা মযুত ৰাখি ক্ষিপ্ৰতাৰে আগুৱাই নিবলৈ আহ্বান জনায়।যিহেতু এতিয়া বাৰিষা বৰষুণ হ'বই সেয়ে এই বাৰিষাৰ সময়ছোৱাত যাতে সাধাৰণ জনতাৰ যাতায়াতৰ ক্ষেত্ৰত কোনো অসুবিধা নহয় তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে।লগতে সংবাদ মাধ্যমে ৰাইজৰ সমস্যাবোৰ চৰকাৰক দৃষ্টিগোচৰ কৰাৰ বাবে লোৱা সবল ভূমিকাৰ শলাগ লয়।Conclusion: