ETV Bharat / briefs

চিৰাঙত লাংডাং বৈশাগুৰ উলহ-মালহ পৰিৱেশ

চিৰাং জিলা বাঙালডোবাত লাংডাং বৈশাগু অৰ্থাৎ মুকলি বিহুৰ আয়োজন কৰা হয়, য'ত শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলোৱে অংশগ্ৰহণ কৰে ৷

চিৰাঙত লাংডাং বৈশাগুৰ উলহ-মালহ পৰিৱেশ
author img

By

Published : Apr 28, 2019, 7:52 PM IST

চিৰাং, 28 এপ্ৰিল : ৰঙালীৰ ৰঙত মতলীয়া চিৰাং জিলা ৷ দেওবাৰে জিলাখনৰ বাঙালডোবাত লাংডাং বৈশাগু অৰ্থাৎ মুকলি বিহুৰ আয়োজন কৰা হয় ৷ নিখিল বড়ো ছাত্ৰ সন্থাৰ (এবছুৰ) শাখা সমিতিয়ে আয়োজন কৰে এই বিহুমেলাখনিৰ ৷ এই লাংডাং বৈশাগু অৰ্থাৎ মুকলি বিহুখনি মুকলি কৰে বড়ো ভাষাৰ প্ৰথম বোলছবি "আলায়াৰন"ৰ অভিনেত্ৰী ৰোহিলা ব্ৰহ্ম মুছাহাৰীয়ে ৷ এই লাংডাং বৈশাগুত অঞ্চলটোৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে অংশগ্ৰহণ কৰাৰ লগতে একক,দ্বৈত আৰু দলীয় মুঠ চল্লিশটা দলে অংশগ্ৰহণ কৰে ৷ আনহাতে, এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ শাখা সমিতিয়ে ৷

Intro:চিৰাঙত ৰঙালী বিহুৰ উচাহ অব‍্যাহত । জিলাখনৰ বাঙালডোবাত লাংডাং বৈশাগু (মুকলি বিহু) অনুষ্ঠিত। ৰাজ‍্যৰ অন‍্যান‍্য প্ৰান্তৰ লগতে চিৰাং জিলাতো অব‍্যাহত আছে ৰঙালী বিহু আৰু ৰংজালি বৈশাগুৰ উচাহ। জিলাখনৰ বাঙালডোবাত আজি বিয়লি নিখিল বড়ো ছাত্ৰ সন্থাৰ (এবছুৰ) শাখা সমিতিয়ে অনুষ্টিত কৰে এই লাংডাং বৈশাগু অৰ্থাৎ মুকলি বিহু প্ৰতিযোগিতা। এই লাংডাং বৈশাগু বড়ো ভাষাৰ প্ৰথম বোলছবি "আলায়াৰন"ৰ অভিনেত্ৰী ৰোহিলা ব্ৰহ্ম মুচাহাৰীয়ে মুকলি কৰে । লাংডাং বৈশাগু মুকলি কৰি অভিনেত্ৰী গৰাকীয়ে ডেকা-গাভৰুৰ সৈতে নৃত‍্যত অংশগ্ৰহন কৰে । এই লাংডাং বৈশাগু প্ৰতিযোগিতাত একক,দ্বৈত আৰু দলীয় মুঠ চল্লিশটা দলে অংশগ্ৰহন কৰে । প্ৰতিযোগিতাৰ আৰম্ভনিতে স্থানীয় শিল্পি গোপি মুচাহাৰীয়ে পৰম্পৰাগত বড়ো গীত পৰিবেশন কৰি সকলোকে মোহিত কৰে ।

বাইট : অভিনেত্ৰী ৰোহিলা ব্ৰহ্ম মুচাহাৰী।
দিলিপ বসুমতাৰী, সাধাৰণ সম্পাদক চিৰাং জিলা এবছু ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : অভিনেত্ৰী ৰোহিলা ব্ৰহ্ম মুচাহাৰী।
দিলিপ বসুমতাৰী, সাধাৰণ সম্পাদক চিৰাং জিলা এবছু ।

Conclusion:এই লাংডাং বৈশাগু প্ৰতিযোগিতাত একক,দ্বৈত আৰু দলীয় মুঠ চল্লিশটা দলে অংশগ্ৰহন কৰে । প্ৰতিযোগিতাৰ আৰম্ভনিতে স্থানীয় শিল্পি গোপি মুচাহাৰীয়ে পৰম্পৰাগত বড়ো গীত পৰিবেশন কৰি সকলোকে মোহিত কৰে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.