ETV Bharat / briefs

চিৰাঙত নাঙলভাঙা নদীৰ তাণ্ডৱ

চিৰাং জিলাৰ নাঙলভাঙাত খহনীয়াৰ তাণ্ডৱ,নাঙলভাঙা নদীৰ খহনীয়াত জাহ গৈছে পথ, বৰ্তমান নদীখন বৈছে গাঁৱৰ ম‍্যাদী মাটিৰ ওপৰেৰে

author img

By

Published : May 9, 2019, 6:05 PM IST

চিৰাঙত নাঙলভাঙা নদীৰ তাণ্ডৱ

চিৰাং,9মে' : চিৰাং জিলাৰ নাঙলভাঙাত গৰাখহনীয়াৰ তাণ্ডৱ। বাৰিষা অহাৰ লগে-লগে নাঙলভাঙা নদীয়ে অঞ্চলটোত খহনীয়া আৰম্ভ কৰিছে । বৰ্তমান নদীখন বৈ আছে গাঁৱৰ ম‍্যাদী মাটিৰ ওপৰেৰে। ইতিমধ্যেই অঞ্চলটোৰ একমাত্ৰ যাতায়তৰ বাবে থকা পথটোৰ একাংশ জাহ গৈছে নাঙলভাঙা নদীৰ বুকুত। যাৰ বাবে এতিয়া অঞ্চলবাসী চিন্তিত হৈ পৰিছে। ইফালে,পথটোৰ ওপৰত থকা একমাত্ৰ বাঁহৰ দলংখনো নদীত জাহ যোৱা অৱস্থাত। প্ৰতি বছৰ নিৰ্বাচনৰ সময়ত গৰাখহনীয়া ৰোধৰ বাবে ৰাজনৈতিক নেতাৰ অঞ্চলবাসীলৈ আশ্বাস আহে যদিও বৰ্তমানেও ইয়াৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। চৰকাৰে খহনীয়া ৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে অঞ্চলবাসী।

Intro:চিৰাঙৰ নাঙলভাঙা অঞ্চলত দীৰ্ঘদিনৰ পৰা নাঙলভাঙা নদীয়ে অঞ্চলটোত গৰাখহনিয়াৰে তাণ্ডৱ চলাইছে । নিশ্চিহ্ন হৈছে এটাৰ পিচত এটাকৈ গাঁও । কিন্ত চৰকাৰে কোনো ধৰনৰ ব‍্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই আজিলৈ। বৰ্যমান নদীখন বৈ আছে গাওঁৰ ম‍্যাদী মাটীৰ ওপৰেৰে । নাঙলভাঙা গাঁওৰ প্ৰধান পথচোৱাও গৰাখহনীয়াৰ কবলত কিন্ত কোনো ব‍্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। খৰালি বতৰ গৈ বাৰিষা বতৰ আহিল কিন্ত নহল নদী খনৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ ব‍্যৱস্থা । এয়াই হৈছে চৰকাৰৰ পৰিৱৰ্তনৰ নমুনা । মডেল বিটিচিৰ বাস্থৱচিত্ৰ ।

বাইট : স্থানীয় লোকৰ । লগতে ডিফাৰ লাইভ দিলো ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : স্থানীয় লোকৰ । লগতে ডিফাৰ লাইভ দিলো ।

Conclusion:নদীৰ গৰাখহনীয়া পিৰিত লোক সকলে এবাৰ নদীৰ ইপাৰে ঘৰ বনায় আৰু এবাৰ সিপাৰে ঘৰ বনাব লগীয়া হয় । ইয়াৰ পিচতো চৰকাৰৰ দৃষ্টিগোচৰ নহয় এই সকল কৃষিজীৱী লোকৰ দুৰ্দশা । মাথো ভোটবিচাৰী নিৰ্ব্বাচনৰ আগে আগে নেতা-মন্ত্ৰীৰ সোত বয়, প্ৰতিশ্ৰুতিৰ বন‍্যা বয় নিৰ্ব্বাচনৰ কেইদিনমান পাৰ হোৱাৰ লগে লগে সকলো ফুটুকাৰ ফেনত পৰিনত হয়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.