ETV Bharat / briefs

বিদ্যুৎ নথকা চিৰাঙৰ এটা চৰকাৰী কাৰ্য্যালয় - চৰকাৰী কাৰ্য্যালয়ত নাই বিদ্যুৎ

বছৰ বছৰ ধৰি বিদ্যুৎ সংযোগহীন হৈ আছে চিৰাং জিলা জনসংযোগ বিষয়াৰ কাৰ্য‍্যালয়ৰ লগতে কেবাটাও কাৰ্য‍্যালয় ।

চৰকাৰী কাৰ্য্যালয়ত নাই বিদ্যুৎ
চৰকাৰী কাৰ্য্যালয়ত নাই বিদ্যুৎ
author img

By

Published : Oct 14, 2020, 9:27 PM IST

চিৰাং, ১৪ অক্টোবৰ : চিৰাঙত জিলা জনসংযোগ বিষয়াৰ কাৰ্য‍্যালয়ৰ লগতে কেবাটাও গুৰুত্বপুৰ্ণ কাৰ্য‍্যালয়ত নাই বিদ্যুৎ সংযোগ । যোৱা ২০১৮ চনৰ ১২ নৱেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা জনসংযোগ বিষয়াৰ কাৰ্য‍্যালয়ত আজিলৈ নহ'ল বিদ্যুৎ সংযোগ । অস্থায়ীভাৱে অইন কাৰ্য‍্যালয়ৰ পৰা বিদ্যুৎ সংযোগ লৈ কাৰ্য‍্যালয় চলাইছিল যদিও বিভাগে বেআইনীভাৱে সংযোগ লোৱা বাবে কৰ্তন কৰিছে সেৱা। এই উৎকট গৰমৰ মাজত বিদ্যুৎ অবিহনে কাৰ্য‍্যালয়ত বহাটোৱা সম্ভৱ নহয় ৷ তাৰোপৰি ডিজিটেল ইণ্ডিয়াৰ এই সময়ত কম্পিউটাৰকে ধৰি বিভিন্ন প্ৰযুক্তিগত পদ্ধতি প্ৰয়োগেৰে বিদ্যুৎ অবিহনে কাম কৰাও সম্ভৱ নহয় । ফলত জিলা সদৰৰ কেন্দ্ৰত থকা জনসংযোগ বিভাগৰ অন্তৰ্গত কাৰিকৰী শাখাৰ সৰু কোঠা এটাতেই কাম চলাবলগীয়া হৈছে বিভাগৰ কামসমূহ‌ ।

চৰকাৰী কাৰ্য্যালয়ত নাই বিদ্যুৎ
চৰকাৰী কাৰ্য্যালয়ত নাই বিদ্যুৎ

একেদৰেই জিলা বন সংমণ্ডল বিষয়া(ডিএফ অ)ৰ কাৰ্য‍্যালয়টো যোৱা ২০০৭ চনতে মুকলি হয় যদিও তাতো স্থায়ীভাৱে কোনো বিদ্যুৎ সংযোগৰ ব‍্যৱস্থা নাই । সময়ে সময়ে অন্য কাৰ্য‍্যালয়ৰ পৰা বিদ্যুৎ সংযোগ লৈ কাম চলায় যদিও বিভাগে সেয়াও বাৰে বাৰে কৰ্তন কৰে ।

অৱশেষত যোৱা মাহত প্ৰায় ৯ লাখ টকা ব‍্যয়ৰ বিনিময়ত বন বিভাগে স্থায়ীভাৱে বিদ্যুৎ সেৱা লাভ কৰিছে ।

ইয়াৰোপৰি জিলা হস্থতাত আৰু বস্ত্ৰ শিল্প বিভাগৰ কাৰ্য‍্যালয়, জিলা কৃষি বিভাগৰ কাৰ্য‍্যালয়, জিলা সমবায় সমিতিৰ কাৰ্য‍্যালয়, জিলা নগৰ উন্নয়ন কাৰ্য‍্যালয়, জিলা নিৱনুৱা পঞ্জীয়ন কাৰ্য‍্যালয়, জিলা অৰ্থনৈতিক জোখ মাখ বিভাগৰ কাৰ্য‍্যালয়, জিলা সৰ্বশিক্ষা মিছন সমন্বয়কৰ কাৰ্য‍্যালয়, জিলা আবকাৰী বিভাগৰ কাৰ্য‍্যালয়, জিলা জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ কাৰ্য‍্যালয় আদি সকলো সংখ্যক কাৰ্যালয়তে একে ধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে একমাত্ৰ বিদ্যুতৰ স্থায়ী সংযোগ নোহোৱাৰ বাবে ।

বৰ্তমান বিদ্যুৎ নথকা বাবে জিলা কেন্দ্ৰৰ সৰু সৰু একোটা কোঠাতে কাৰ্য‍্যালয় চলাব লগীয়া হৈছে বিয়াগোম এইসমূহ বিভাগৰ কামকাজ ।

জিলা সদৰ কাজলগাঁৱত উচ্চ ক্ষমতাৰ (এচটি) বিদ্যুৎ সেৱা আছে; কিন্ত ঘৰুৱা সেৱা(এলডি) নাই । এই সেৱা নথকাৰ বাবে পোনে পোনে একো একোটা বিভাগৰ কাৰ্য‍্যালয়ত এচটি লাইনৰ পৰা পৃথক ট্ৰেন্সফৰ্মাৰ লৈহে সংযোগ ল'বলগীয়া হৈছে । পৃথকে ট্ৰেন্সফৰ্মাৰ ল'বলগীয়া হ'লে একো একোটা কাৰ্য‍্যালয়ত নিম্নতম ৫-৮ লাখ টকা খৰচ হ'ব । সেয়া সকলো বিভাগে বহন কৰাৰ ক্ষমতাও নাই । কাৰ্য‍্যালয়সমূহৰ গৃহনিৰ্মাণৰ পিচতে লোকনিৰ্মাণ বিভাগৰ বিদ্যুৎ শাখাৰ কোকৰাঝাৰৰ পৰা শক্তিৰ যোগান ধৰিব লাগিছিল যদিও কাৰ্য‍্যালয়টোৰ হেমাহিৰ বাবে বছৰ বছৰ ধৰি সংযোগ নোহোৱাকৈ চলিছে এইসমূহ বৃহৎ তথা গুৰুত্বপূৰ্ণ কাৰ্য‍ালয় ।

এই বিষয়ে চিৰাং জিলা জনসংযোগ বিষয়া গগণ নাৰ্জাৰীয়ে জনায় যে, কাৰ্য্যালয়টো ২০১৮ চনৰ ১২ নৱেম্বৰত মুকলি কৰাৰে পৰা বিদ্যুৎ সংযোগৰ বাবে বিটিচিৰ বিভিন্ন কাৰ্য‍্যালয়ত যোগাযোগ কৰি আবেদন কৰিও কোনো ধৰনৰ সুফল লাভ নকৰিলে । বিষয়া জনে জনায় যে এতিয়াও তেখেতে চেষ্টা অব‍্যাহত ৰাখিছে সেৱাৰ বাবে । কিন্তু কেতিয়ালৈ এয়া হৈ উঠিব বা সংযোগ লাভ কৰিব তাৰ কোনো নিশ্চয়তা নাই ।

ইপিনে জিলা পৰিৱহণ বিভাগৰ কাৰ্য‍্যালয়তো বিদ্যুৎ সংযোগ আছিল যদিও লক্ষাধিক টকাৰ বিল বিটিচিয়ে পৰিশোধ নকৰাৰ বাবে বিভাগীয়ভাৱে সেৱা কৰ্তন কৰিছে ।

বিদ্যুৎ সেৱা নথকা কাৰ্য‍্যালয় সমূহত স্বাভাৱিকতেই এই উৎকট গৰমত কৰ্মচাৰী সকলৰ উপস্থিতি কম হয় আৰু ডিজিটেল ইণ্ডিয়াৰ এই সময়ত অধিকাংশ কাম যিহেতু অনলাইন কৰিবলগীয়া হয় যদিও সময়ত বিদ্যুৎ নথকা বাবে সেয়াও হৈ নুঠে । যাৰ বাবে সাধাৰণ জনতাইহে এই ক্ষেত্ৰত হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে ।

সেয়ে ভূক্তভোগী জনতাৰ লগতে সংশ্লিষ্ট কাৰ্য‍্যালয় সমূহৰ বিষয়া কৰ্মচাৰীসকলেও অতি সোনকালে বিদ্যুৎ সংযোগৰ ব‍্যৱস্থা কৰাৰ বাবে অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ ওচৰত দাবী জনাইছে ।

লগতে পঢ়ক: প্ৰাপ্তি অপ্ৰাপ্তিৰ আশাত 36 বছৰীয়া হ'ল আঞ্চলিক দল অসম গণ পৰিষদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.