ETV Bharat / briefs

২৭ অক্টোবৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী বিপিএফৰ

author img

By

Published : Oct 2, 2020, 4:56 PM IST

বিটিআৰৰ পৰ্বতঝোৰা মহকুমাত বিপিএফ দলৰ তিনি শতাধিক নেতা কৰ্মীয়ে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্ল'গানৰে পৰিৱেশ উত্তাল কৰি তোলে ।

২৭ অক্টোবৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী বিপিএফৰ

বিলাসীপাৰা, 2 অক্টোবৰ: বিলাসীপাৰা মহকুমাৰ সীমান্তৱৰ্তী বগৰীবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বিপিএফ দলে শুকুৰবাৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । ২৭ অক্টোবৰৰ ভিতৰত বিটিআৰত পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত দলটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ।

বিটিআৰৰ পৰ্বতঝোৰা মহকুমাত বিপিএফ দলৰ তিনি শতাধিক নেতা কৰ্মীয়ে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্ল'গানৰে পৰিৱেশ উত্তাল কৰি তোলে ।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে বি টি আৰৰ ১নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ বি পি এফ‌ দলৰ প্ৰাৰ্থী মুন মুন ব্ৰহ্ম । বি পি এফ নেত্ৰী গৰাকীয়ে দাবী কৰা মতে,বি টি আৰত নিৰ্বাচনক লৈ শংকিত হৈ পৰিছে বিজেপি । বিটিআৰত অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচৰা বিজেপিয়ে শেহতীয়াকৈ অস্তিত্বৰ সংকট ভুগিব লগীয়া হৈছে | যাৰ বাবে পৰিকল্পিতভাৱে বিটিআৰৰ নিৰ্বাচন বিভিন্ন অজুহাতত স্থগিত কৰি ৰাখিছে বুলিও অভিযোগ উত্থাপন কৰে |
উল্লেখ্য যে, অহা ২৭ অক্টোবৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত সাব্যস্ত কৰে উক্ত প্ৰতিবাদ । আনহাতে প্ৰতিবাদকাৰী সকলে চক্ৰ বিষয়াৰ জৰিয়তে নিৰ্বাচনী আয়ুক্ত আৰু মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ‌ও প্ৰেৰণ কৰে |

লগতে পঢ়ক: যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভুৱা নাৰ্চ আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.