ETV Bharat / briefs

বৰগাং এছ বি আই সেৱা কেন্দ্ৰৰ পৰিচালকৰ মৃত্যু - BORGANG SBI SERVICE CENTER

পৰিয়ালৰ লোকে গা ধোৱা ঘৰৰ পৰা উদ্ধাৰ কৰি আজিবুদ্দিন আহমেদক লগে লগে বৰগাং কেথলিক হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বিশ্বনাথ চাৰিআলিৰ জে কে হাস্পতাললৈ প্ৰেৰণ কৰে । তেজপুৰৰ টাইমছ হাস্পতালত মৃত্যু ঘটে আজিবুদ্দিন আহমেদৰ ।

বৰগাং এছ বি আই সেৱা কেন্দ্ৰৰ পৰিচালকৰ মৃত্যু

author img

By

Published : Sep 7, 2020, 10:07 PM IST

বিহালী ৭ ছেপ্টেম্বৰঃ ষ্টেট বেংক অফ ইণ্ডিয়াৰ অধীনস্থ বৰগাং সেৱা কেন্দ্ৰৰ পৰিচালক আজিবুদ্দিন আহমেদৰ দেওবাৰে পৰলোক প্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪০ বছৰ। প্ৰাপ্ত বাতৰিমতে দেওবাৰে দিনৰ ১১ বজাত গা ধোৱা ধুবলৈ যোৱাৰ সময়তে গা-ধোৱা ঘৰত অজ্ঞান অৱস্থাত পৰি থাকে । ইয়াৰ পিচতে পৰিয়ালৰ লোকে গা ধোৱা ঘৰৰ পৰা উদ্ধাৰ কৰি আজিবুদ্দিন আহমেদক লগে লগে বৰগাং কেথলিক হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বিশ্বনাথ চাৰিআলিৰ জে কে হাস্পতাললৈ প্ৰেৰণ কৰে, তাতো চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰৰ টাইমছ হাস্পতাললৈ প্ৰেৰণ কৰে যদিও পৰিচালক গৰাকীৰ তাতেই মৃত্যু ঘটে ।

মৃত পৰিচালক গৰাকীৰ ঘৰ মংগলদৈৰ কলাই গাঁৱত । মৃত্যুৰ সময়ত তেওঁ পিতৃ মাতৃ, চাৰিগৰাকী ভাত-ভগ্নী, পত্নীৰ লগতে ৩ সন্তানক এৰি থৈ গৈছে । পৰিচালক জনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.