শদিয়া, 26 ছেপ্টেম্বৰ : মাৰ্ঘেৰিটা সমষ্টিৰ অতিকৈ পিচপৰা বুঢ়িদীহিং মৌজাৰ কৈলাশপুৰ পঞ্চায়তৰ বহুকেইটা কামৰ শুভাৰম্ভ কৰে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই ৷ নামঘৰ, বজাৰ, জিমকে ধৰি পঞ্চায়তখনৰ ৬ টাকৈ কামৰ শুভাৰম্ভ কৰি স্বাধীনতাৰ পিছত উন্নয়নৰ মুখ নেদেখা অঞ্চলটোত উন্নয়নৰ কাম কৰিবলৈ পাই নিজকে সোভাগ্যবান বুলি উল্লেখ কৰিলে বিধায়কগৰাকীয়ে ৷ লগতে কৈলাশপুৰ পঞ্চায়ত প্ৰাঙ্গনত হোৱা এক যোগদান সমাৰোহত অঞ্চলটোৰ কংগ্ৰেছকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰায় বিশগৰাকীকৈ যুৱক-যুৱতীয়ে ভাৰতীয় জনতা দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে ৷
সমাগত ২১ৰ বিধানসভা নিৰ্বাচনত নিজৰ জয় নিশ্চিত বুলি দাবী কৰাৰ লগতে ৰাজ্যত পুনৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতেই চৰকাৰ গঠন হ’ব বুলি বিধায়ক গৰাকীৰ কৰিলে মত প্ৰকাশ ৷
লগতে পঢ়ক: স্থান এৰি মান হেৰুৱালে যতীন বৰাই