ETV Bharat / briefs

বিজেপিৰ বৃহৎ সাফল্যৰ পাছতেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন বিজয় উল্লাস

সপ্তদশ লোকসভা নিৰ্বাচনত বিজেপিয়ে বৃহৎ সাফল্য লাভ কৰাৰ পাছতেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে বিজয় উল্লাস, ঠায়ে-ঠায়ে ফটকা ফুটাই বিজেপি সমৰ্থনকাৰী সকলে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে

author img

By

Published : May 24, 2019, 10:06 PM IST

বিজেপিৰ বৃহৎ সাফল্যৰ পাছতেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন বিজয় উল্লাস

নিউজ ডেস্ক, ২৪মে' : বৃহস্পতিবাৰে ঘোষিত হোৱা লোকসভা নিৰ্বাচনত বিজেপিয়ে বৃহৎ সাফল্য লাভ কৰাৰ পাছতেই ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে পালন কৰা হৈছে বিজয় উল্লাস ।

তেজপুৰতো পালন কৰা বিজেপিৰ বিজয় উল্লাস । বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে লোকসভা নিৰ্বাচনত বৃহৎ সফলতা লাভ কৰাৰ পাছতেই শুকুৰবাৰে দাসে নিৰ্বাচনী বিষয়া নৰসিং পাৱাৰৰ হাতৰ পৰা বিজয়ী প্ৰমাণ পত্ৰ গ্ৰহণ কৰে । এই বিজয়ী পত্ৰ গ্ৰহণ কৰাৰ পাছতেই তেজপুৰৰ বিজেপি সমৰ্থকসকলে পালন কৰে বিজয় উল্লাস ।

তেজপুৰত পালন বিজয় উল্লাস

শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ আদাবাৰী তিনিআলীতো ব্যৱসায়ী সন্থাই আয়োজন কৰে বিজয় উৎসৱ । ব্যৱসায়ীসকলে ফটকা ফুটাই, মিঠাই বিলাই আনন্দ উল্লাস কৰাৰ লগতে আৱতৰীয়া হলী উদযাপন কৰে । মোডীক আকৌ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে পাই আনন্দিত বুলি মন্তব্য কৰে বিজেপি সমৰ্থকসকলে ।

গুৱাহাটীত পালন বিজয় উল্লাস

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ কৰিমগঞ্জৰ বিজেপি কাৰ্যালয়ৰ সন্মুখৰ পৰা এক বিশাল বিজয়ী সমদল উলিওৱা হয় । এই বিজয়ী শোভাযাত্ৰাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, ফণী ভূষণ শৰ্মা, সদ্য বিজয়ী সাংসদ কৃপানাথ মাল্লা, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিধায়ক দীলিপ পাল,কৃষ্ণেন্দূ পালৰ লগতে জ্যেষ্ঠ নেতা মিশন ৰঞ্জন দাস । ২৩ বছৰ পাছত কৰিমগঞ্জত বিজেপি জয়ী হোৱাৰ বাবে কৰিমগঞ্জত বিজয় উল্লাস পালন কৰা হয় বুলি উল্লেখ কৰে সভাপতিগৰাকীয়ে ।

কৰিমগঞ্জত বিজয় উল্লাস

শিলচৰতো ৰাজদ্বীপ ৰয়ৰ সফলতাৰ বাবে শিলচৰৰ সদৰ কাৰ্যালয়ৰ পৰা বিজেপি সমৰ্থনকাৰী সকলে এক শোভাযাত্ৰা উলিয়াই । শোভাযাত্ৰাত ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ,মন্ত্ৰী পৰিমল শুক্লবদ্য,বিধায়ক দীলিপ পাল , আমিনুল হক লস্কৰ , কিশোৰ নাথ , মিহিৰ কান্তি সোম , অমৰ চান্দ জৈনে অংশগ্ৰহণ কৰে ।

শিলচৰত বিজয় উল্লাস

বিজেপিৰ সফলতাৰ বাবে বঙাইগাঁৱতো পালন কৰা হয় বিজয় উল্লাস । বঙাইগাঁও জিলাৰ ঢালিগাঁও গাঁও পঞ্চায়তত বিজেপি সমৰ্থিতসকলে একত্ৰিত হৈ সকলোৱে নৃত্য-গীতেৰে এক শোভাযাত্ৰা উলিয়াই ।

বঙাইগাঁৱতো পালন বিজয় উল্লাস
ৰঙিয়াত বিজয় উল্লাস

Intro:Desk PKG korile Val hobo .

তেজপুৰ,২৪মে':তেজপুৰত বিজেপিৰ বিজয় উৎসৱ পালন । বিজেপিৰ প্ৰাৰ্থী পল্লব লোচন দাসৰ লোক সভা নিৰ্বাচন ত হোৱা বৃহৎ সফলতা অৰ্জন কৰা পিছত আজি তেজপুৰ চহৰৰ মাজগাওঁ ত থকা বিজেপিৰ কৰ্মকৰ্তা সকলে এইদৰে বিজয় উৎসৱ পালন কৰে ।

Body:পল্লব লোচন দাসে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী এম জি ভি কে ভানুক 242841 ভোট ত পৰাজয় কৰি আজি জিলা উপায়ুক্ত তথা নির্বাচনী বিষয়া নৰসিং পৱাৰ ৰ হাতৰ পৰা বিজয়ী প্ৰমাণ পত্ৰ গ্ৰহণ কৰে ।তেজপুৰ লোক সভা সমষ্টিৰ মুঠ ভোটাৰ সংখ্যা আছিল 1499639 ইয়াৰ ভিতৰত 1174570 টা ভোট প্ৰদান কৰিছিল তেজপুৰ লোক সভাত ।

উল্লেখযোগ্য যে এই বছৰ জনসাধাৰণৰ মাজত None of the above (NOTA) ই বিশেষ ভূমিকা গ্ৰহণ কৰে তেজপুৰত এই 15626 NOTA ৰ ঘৰত পৰিছিল ।
কিন্তু বিজয় ৰ পিছত জিলা বিজেপি সভাপতি ডঃ বীৰেন কুমাৰ নাথ এইদৰে কয় যে এইয়া নৰেন্দ্ৰ মোদীৰ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰ শলাগ লয় ।
bite : বীৰেন কুমাৰ নাথ ।

Conclusion:বিজয় উৎসৱ পালন ত উপস্থিত থাকি পল্লব লোচন দাসে কয় যে তেজপুৰৰ ৰাইজৰ আৰ্শীবাদ এইয়া , আনহাতে অহা কালি দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিব আৰু এটা নতুন দায়িত্ব অৰ্পণ কৰা হৈছে গতিকে কাম কাজ চালি জাৰি চাই পুনৰ সমগ্ৰ সমষ্টিৰ বাবে যি কাম বাকী ৰৈ গৈছে সম্পূৰ্ণ কৰিব ।
bite: পল্লব লোচন দাস
উল্লেখযোগ্য যে পল্লব লোচন ক লৈ কৰ্ম কৰ্তা সকলে সম্বৰ্ধনা জ্ঞাপন কৰে ।

প্ৰণৱ কুমাৰ দাস, ইটিভি, ভাৰত অসম
তেজপুৰ
24/5/19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.