ETV Bharat / briefs

প্ৰাক্তন বিধায়ক তথা অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেতা পদ্ম কৈৰীৰ মৃত্যু

author img

By

Published : Jun 8, 2020, 1:56 PM IST

বিশ্বনাথৰ প্ৰাক্তন বিধায়ক পদ্ম কৈৰীৰ মৃত্যু । সোমবাৰে পুৱা গুৱাহাটীৰ ডাউন টাউন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে । মৃত্যুৰ সময়ত তেখেতৰ বয়স ৭০ বছৰ।

 Padma kairi
Biswanath Ex MLA, Actor Padma kairi died

বিশ্বনাথ, ৮ জুনঃ বিশ্বনাথৰ প্ৰাক্তন বিধায়ক তথা অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেতা পদ্ম কৈৰীৰ দেহাৱসান ৷ চাহ জনগোষ্ঠীয় সাংস্কৃতিক ক্ষেত্ৰখনত অতুলনীয় অৱদান আগবঢ়োৱা পদ্মনাথ কৈৰী আছিল প্ৰথম জন ব্যক্তি । বিশ্বনাথৰ সাকোমঠা চাহবাগিচাৰ (সাধাৰু) নিবাসী কৈৰী দীৰ্ঘদিন ধৰি গুৱাহাটীৰ ডাউন টাউন হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল । অৱশেষত অসুষ্ঠ হৈ থকা কৈৰীয়ে সোমবাৰে পুৱা প্ৰায় ৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

বিশ্বনাথ বিধান সভা সমষ্টিৰ নিৰ্দলীয় বিধায়ক হিচাপে ১৯৮৫ চনত তেওঁ দায়িত্বভাৰ লৈছিল ৷ উল্লেখ্য যে, তেখেতে অভিনয়ৰ লগতে চাহ জনগোষ্ঠীয় প্ৰথমখন চলচ্চিত্ৰৰ চিত্ৰ নিৰ্মাতা হিচাপে অৱদান আগবঢ়াই গৈছে । বুধু অৰ্জুন, চিৰিচ , ৰতনলাল, ৰঙানদী আদিত অভিনয় কৰিছিল প্ৰাক্তন বিধায়ক পদ্ম কৈৰীয়ে।

বিশ্বনাথৰ প্ৰাক্তন বিধায়ক তথা অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেতা পদ্ম কৈৰীৰ মৃত্যু

প্ৰাক্তন বিধায়ক তথা অভিনেতাগৰাকীৰ মৃত্যুত গভীৰ শোক তথা সমবেদনা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ৭০ বছৰ বয়সত ইহসংসাৰ ত্যাগ দিয়া কৰা বিধায়ক গৰাকী প্ৰাক্তন বিধায়কে এৰি থৈ যায় পত্নী, দুজনকৈ পুত্ৰ আৰু জীয়ৰীক। তেখেতৰ মৃত্যুত সমগ্ৰ বিশ্বনাথ জিলাতে শোকৰ ছাঁ পৰিছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.