বিশ্বনাথ,২৩ এপ্ৰিলঃ দেওবাৰে বিশ্বনাথৰ মৰলগাঁৱত উদ্ধাৰ হয় এটি আঘাতপ্ৰাপ্ত শৰপহু। প্ৰত্যক্ষদৰ্শীৰ মতে অঞ্চলটোৰে স্থানীয় এঘৰত শৰপহুটোক কেইটামান হিংস্ৰ কুকুৰে খেদি-খেদি আক্ৰমণ কৰে। যাৰ ফলত আঘাতপ্ৰাপ্ত হয় শৰপহুটো ।
ইতিমধ্যে স্থানীয় ৰাইজ আৰু প্ৰত্যক্ষদৰ্শীয়ে উন্নত চিকিৎসাৰ বাবে শৰপহুটোক বন-বিভাগৰ হাতত চমজাই দিয়ে ।