ETV Bharat / briefs

কৰিমগঞ্জৰ পৰা ২০গৰাকী অবৈধ নাগৰিকক প্ৰত্যাৰ্পন বাংলাদেশলৈ

কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তৰে ২০ গৰাকীকৈ বাংলাদেশী নাগৰিকক প্ৰত্যাৰ্পন আৰক্ষীৰ, শাস্তিৰ সময়সীমা উকলি যোৱাৰ পাছত চৰকাৰী নিয়মেৰে বাংলাদেশলৈ প্ৰেৰণ অবৈধ নাগৰিককেইজনক

২০গৰাকী বাংলাদেশীক প্ৰত্যাৰ্পন বাংলাদেশলৈ
author img

By

Published : May 5, 2019, 12:38 PM IST

কৰিমগঞ্জ,৪মে' : শনিবাৰে কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তৰে ২০ গৰাকীকৈ বাংলাদেশী নাগৰিকক প্ৰত্যাৰ্পন কৰা হয় । বাংলাদেশী কেইজনে সীমান্তৰে অবৈধভাবে ভাৰতত প্ৰৱেশ কৰিছিল । নিৰ্ধাৰিত শাস্তিৰ সময়সীমা উকলি যোৱাৰ পাছত শনিবাৰে কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তৰে তেঁওলোকক বাংলাদেশৰ হাতত হস্তান্তৰ কৰা হয় । ২০ জনীয়া এই বাংলাদেশী দলটোত ১৯ গৰাকী পুৰুষৰ লগতে ১গৰাকী মহিলা আছিল । অধিকাংশই অসম সীমান্ত আৰু ত্ৰিপুৰা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল ।তেওঁলোকক বৰাকৰ কৰিমগঞ্জ আৰু কাছাৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । শিলচৰৰ ডিটেন্চন কেম্প তথা কেন্দ্ৰীয় কাৰাগাৰত দুবছৰৰ পৰা চাৰি বছৰৰ শাস্তিৰ সময়সীমা উকলি যোৱাৰ পাছত চৰকাৰী সকলো নীতি-নিয়ম সম্পূৰ্ণ কৰি তেওঁলোকক বাংলাদেশৰ হাতত গতাই দিয়া হয় । উল্লেখ্য যে, চলিত বৰ্ষৰ এইটো দ্বিতীয়টো প্ৰত্যাৰ্পন প্ৰক্ৰিয়া আছিল । ইয়াৰ পূৰ্বে ১৯ জানুৱাৰীত মুঠ ২১ গৰাকী অবৈধ নাগৰিকক এনেদৰে বাংলাদেশলৈ উভতাই পঠিওৱা হৈছিল ।

Intro:কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্ত দি ২০ গৰাকি বাংলাদেশী নাগৰিকক আজি প্ৰত্যাৰ্পন Body:SLUG: 20 BANGLADESHI DEPORTATION, KARIMGANJ

কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্ত দি ২০ গৰাকি বাংলাদেশী নাগৰিকক আজি প্ৰত্যাৰ্পন কৰোৱা হল । অবৈধভাবে প্ৰবেশ কৰা বাংলাদেশী কেইজন বিভিন্ন সময়ত বিভিন্ন সীমান্ত দি ভাৰতত প্ৰবেশ কৰিছিল | নিৰ্ধাৰিত শাস্তিৰ মেয়াদ ওকলাৰ পাছত আজি কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্ত দি তেঁওলোকক বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ হাতত হস্তান্তৰ কৰা হল | ২০ জনৰ দলটোত ১৯ গৰাকি পুৰুষ আৰু এগৰাকি মহিলা আছে | বাংলাদেশী নাগৰিকৰ দলটোত আজিম উদ্দীন(চিলেট), আমেদ উদ্দীন(চিলেট), সমীৰ উদ্দীন(চিলেট), আব্দুল গফুৰ(চিলেট), চান্দ আলি(চিলেট), আলিম উদ্দীন(চিলেট), আব্দুল লতিফ(চিলেট), ৰবীন্দ্ৰ দাস (কিশোৰগঞ্জ), দিগেন চন্দ্ৰ দাস(কিশোৰগঞ্জ), ছাহ আলি মিয়া(কিশোৰগঞ্জ), ইব্ৰাহিম তালুকদাৰ(কিশোৰগঞ্জ), ফাৰুক মিয়া(মৌলভি বজাৰ), আলো ৰাণী দাস সহ মোট ২০ গৰাকি বাংলাদেশী আছিল । অধিকাংশই অসম সীমান্ত আৰু ত্ৰিপুৰা সীমান্ত দি ভাৰতত প্ৰবেশ কৰিছিল । তেওঁলোকক বৰাকৰ কৰিমগঞ্জ আৰু কাছাড় জিলাৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন সময়ত গ্ৰেফতাৰ কৰা হৈছিল । শিলচৰৰ ডিটেন্চন কেম্প তথা কেন্দ্ৰীয় কাৰাগাৰত দুবছৰৰ পৰা চাৰি বছৰৰ শাস্তিৰ মেয়াদ ওকলাৰ পাছত চৰকাৰি সকলো নিয়ম নীতি সম্পূৰ্ণ কৰি আজি তেওঁলোকক বাংলাদেশৰ হাতত গতাই দিয়া হয় । কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তৰ সিপাৰত বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ বাহিৰেও তেওঁলোকৰ কেইবাজনো আত্মীয় উপস্থিত আছিল তেওঁলোকক গ্ৰহন কৰাৰ বাৱে ।

উল্লেখ্য, চলতি বছৰটোত এয়া দ্বীতয়টো প্ৰত্যাৰ্পন প্ৰক্ৰিয়া আছিল । ইয়াৰ পূৰ্বে ১৯ জানুয়াৰি তাৰিখত মোঠ ২১ গৰাকিক একেইদৰে বাংলাদেশলৈ উভতাই পঠোৱা হৈছিল Conclusion:উল্লেখ্য, চলতি বছৰটোত এয়া দ্বীতয়টো প্ৰত্যাৰ্পন প্ৰক্ৰিয়া আছিল । ইয়াৰ পূৰ্বে ১৯ জানুয়াৰি তাৰিখত মোঠ ২১ গৰাকিক একেইদৰে বাংলাদেশলৈ উভতাই পঠোৱা হৈছিল
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.