ETV Bharat / briefs

জনপ্ৰতিনিধিৰ কাণ্ড; প্ৰথমে বেজলী তাৰপাচত ধৰ্ষণ!

বাক্সাৰ মুছলপুৰৰ অদালবাৰীত স্থানীয় ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ, পৰিষদীয় জনপ্ৰতিনিধি ঘনশ্যাম দাসে বেজালিৰ চলেৰে কিশোৰী নিৰ্যাতনৰ অপৰাধত স্থানীয় ৰাইজে প্ৰতিনিধিজনৰ প্ৰতিমূৰ্তিও দাহ কৰে

বাক্সাৰ মুছলপুৰৰ অদালবাৰীত তীব্ৰ প্ৰতিবাদ
author img

By

Published : Apr 26, 2019, 9:11 PM IST

বাক্সা,২৬ এপ্ৰিল: শুকুৰবাৰে বাক্সাৰ মুছলপুৰৰ অদালবাৰীত সৃষ্টি হয় তীব্ৰ প্ৰতিবাদৰ । নাৰী কেলেংকাৰীত জড়িত থকাৰ অপৰাধত পৰিষদীয় জনপ্ৰতিনিধি ঘনশ্যাম দাসৰ প্ৰতিমূৰ্তি দাহ কৰে অঞ্চলবাসীয়ে । নাৰী কেলেংকাৰীত জড়িত বি টি চি পৰিষদীয় সদস্য এজনক গ্ৰেপ্তাৰ কৰাৰ লগে লগে পোহৰলৈ আহে জনপ্ৰতিনিধি ঘনশ্যাম দাসৰ পূৰ্বৰ নাৰী কেলেংকাৰীত জড়িত থকাৰ ন ন তথ্য ৷ বিটিচি দিহীৰা পৰিষদীয় সমষ্টিৰ এম.চি.এল.এ.ঘনশ্যাম দাসে দীৰ্ঘদিনৰ পৰাই বেজালিৰ চলেৰে নাৰী কেলেংকাৰী কৰি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ।

বাক্সাৰ মুছলপুৰৰ অদালবাৰীত তীব্ৰ প্ৰতিবাদ

উল্লেখযোগ্য যে, ঘনশ্যাম দাসে বিভিন্ন ৰোগৰ জ্বৰা ফুকা কৰি ৰোগ নিৰাময় কৰাৰ চলেৰে নিজৰ সমষ্টিৰ বাসভৱনৰ লগতে গুৱাহাটী পাথৰকুৱেৰীৰ বাসভৱনতো চলাই আহিছিল বেজালী । বেজালীৰ চলেৰে গুৱাহাটী উজানপুখুৰীস্থিত যোৰপুখুৰীৰৰ সম্ভ্ৰান্ত পৰিয়ালৰ এজনী পোন্ধৰ বছৰীয়া বনকৰা কিশোৰীক দাসে যৌন নিৰ্যাতন কৰে যদিও কিশোৰীগৰাকীয়ে ভয়তে পৰিয়ালক প্ৰকাশ কৰা নাছিল সেই কথা । কিন্তু কিশোৰীগৰাকীৰ পেটৰ বিষ হোৱাত পৰিয়ালৰলোকে কিশোৰীগৰাকীক চিকিৎসকৰ ওচৰলৈ অনাত পোহৰলৈ আহে ন মাহৰ অন্তঃসত্বা হোৱাৰ কথা । ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে বেজৰূপী জনপ্ৰতিনিধিজনৰ ওপৰত সাতগাঁও আৰক্ষী থানাত গোচৰ তৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিটিচি পৰিষদীয় সদস্য ঘনশ্যাম দাসক । জনপ্ৰতিনিধিগৰাকীক গ্ৰেপ্তাৰৰ পাছতেই তীব্ৰ প্ৰতিবাদত নামি পৰে বিভিন্ন দল সংগঠন । এই ঘটনাক কেন্দ্ৰ কৰি শুকুৰবাৰে মুছলপুৰ জিলা বিপিএফৰ উদ্যোগত অদালবাৰীত জনপ্ৰতিনিধি ঘনশ্যাম দাসৰ প্ৰতিমুৰ্তি দাহ কৰি নাৰী কেলেংকাৰী ঘনশ্যাম দাস মুৰ্দাবাদ, বিটিচি পৰিষদীয় সদস্যৰ পদ খাৰিজ কৰক, আৰক্ষীয়ে তদন্ত কৰি ঘনশ্যাম দাসক ফাঁচী দিয়ক আদি ধ্বনিৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিবেশ । লগতে জনপ্ৰতিনিধি ঘনশ্যাম দাসে বেজালী কৰি বহুগৰাকী যুৱতীৰ লগত যৌন সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰে ৬৩ নং চাপাগুৰী বিধানসভা সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়েও ।

Intro:বাক্সাৰ মুছলপুৰত পৰিষদীয় জনপ্ৰতিনিধিৰ ফাচীৰ দাবীত তীব্ৰ প্ৰতিবাদ । নাৰী কেলেংকাৰীত জৰিত থকা জনপ্ৰতিনিধি ঘনশ্যাম দাসৰ প্ৰতিমুৰ্তী দাহ। বি টি চি পৰিষদীয় সাধাৰন সদস্যৰ পদ খাৰিজৰ দাবী ।Body:নাৰী কেলেংকাৰীত জৰিত বি টি চি পৰিষদীয় সদস্য এজনক গ্ৰেপ্তাৰ কৰাৰ লগে লগে পোহৰলৈ আহিছে জন প্ৰতিনিধি ঘনশ্যাম দাসৰ পূৰ্বৰ নাৰী কেলেংকাৰীত জৰিত ন ন তথ্য ৷ বিটিচি দিহীৰা পৰিষদীয় সমষ্টিৰ এম চি এল এ ঘণশ্যাম দাসে দীৰ্ঘ দিনৰ পৰাই চলাই আহিছে বেজালি ৷ বিভিন্ন ৰোগৰ জ্বৰা ফুকা কৰি ৰোগ নিৰায় কৰাৰ চলেৰে নিজৰ সমষ্টিৰ বাসভৱনৰ লগতে গুৱাহাটী পাথৰকুৱেৰীৰ বাসভৱনতো চলাই বেজালী ৷ বেজালীৰ চলেৰে গুৱাহাটী উজানপুখুৰীস্থিত যোৰপুখুৰীৰৰ সম্ভ্ৰান্ত পৰিয়ালৰ এজনী পোন্ধৰ বছৰীয়া বনকৰা কিশোৰীক যৌন নিৰ্যাতন কৰে যদিও কিশোৰী গৰাকী ভয়তে পৰিয়ালক প্ৰকাশ কৰা নাছিল সেই কথা ৷ পিচত কিশোৰী গৰাকীৰ পেটৰ বিষ হোৱাত পৰিয়ালৰ লোকে চিকিৎসকৰ ওচৰলৈ অনাত পোহৰলৈ আহে ন মাহৰ অন্তসত্বা হোৱাৰ কথা ৷ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে বেজ ৰূপী জনপ্ৰতিনি জনৰ ওপৰত সাতগাও আৰক্ষী থানাত গোচৰ তৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিটিচি পৰিষদীয় সদস্য ঘনশ্যাম দাসক ৷ জনপ্ৰতিনিধি গৰাকীক গ্ৰেপ্তাৰৰ লগে লগে তীব্ৰ প্ৰতিবাদ মুখৰ হৈ পৰে বিভিন্ন দল সংগঠন ৷ আজি মুছলপুৰ জিলা বিপিএফৰ উদ্যোগত অদালবাৰীত জনপ্ৰতিনিধি ঘনশ্যাম দাসৰ প্ৰতিমুৰ্তী দাহ কৰি নাৰী কেলেংকাৰী ঘনশ্যাম দাস মুৰ্দাবাদ, বিটিচি পৰিষদীয় সদস্যৰ পদ খাৰিজ কৰক, আৰক্ষীয়ে তদন্ত কৰি ঘনশ্যাম দাসক ফাচী দিয়ক ধ্বনীৰে উত্তাল কৰে সমগ্ৰ পৰিবেশ ৷লগতে জন প্ৰতিনিধি ঘণশ্যাম দাসে বেজালী কৰি প্ৰায় ২৫ গৰাকী যুৱতীৰ লগত যৌন সম্পৰ্ক থকাৰ অভিযোগ কৰে ৬৩ নং চাপাগুৰী বিধানসভা সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে ৷Conclusion: আনহাতে নলবাৰি জিলাৰ মুকালমুৱা আৰু তিনিচুকিয়াত সাংবাদিকৰ ওপৰত হোৱা আক্ৰমনৰ সন্দৰ্ভত বিধায়ক গৰাকীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।
বাইট --- বিধায়ক থানেশ্বৰ বসুমতাৰী ৷
চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.