ETV Bharat / briefs

বায়'পলাৰ চৰিত্ৰত অদা শৰ্মা - অভিনেত্ৰী অদা শৰ্মা

এগৰাকী বায়'পলাৰ ছোৱালীৰ চৰিত্ৰ ৰূপায়ন কৰিছে অভিনেত্ৰী অদা শৰ্মাই । চুহা বিল্লী শীৰ্ষক এখন ডাৰ্ক বিষয়ধৰ্মী ছবিত এই চৰিত্ৰত দেখা যাব অদাক । ছবিখনক লৈ যথেষ্ট আশাবাদী অদা ।

বায়'পলাৰ চৰিত্ৰত অদা শৰ্মা
বায়'পলাৰ চৰিত্ৰত অদা শৰ্মা
author img

By

Published : Feb 4, 2021, 9:16 PM IST

চিটাৰা ডেস্ক, ৪ ফেব্ৰুৱাৰী: এইবাৰ বায়'পলাৰ চৰিত্ৰত দেখা যাব অভিনেত্ৰী অদা শৰ্মাক । চুহা বিল্লী শীৰ্ষক এখন ডাৰ্ক বিষয়ধৰ্মী ছবিত ডিপ্ৰেশ্যনৰ চিকাৰ হোৱা বায়'পলাৰ ৰোগত আক্ৰান্ত ছোৱালীৰ চৰিত্ৰত অদাই অভিনয় কৰিছে ।

সংবাদ মাধ্যমৰ সন্মুখত অদাই এইবুলি কয়, "চুহা বিল্লী হৈছে ডাৰ্ক বিষয়ধৰ্মী । মই এগৰাকী বায়'পলাৰ ছোৱালীৰ চৰিত্ৰ চৰিত্ৰায়ন কৰিছো । বাস্তৱত মই অভিনয় কৰিব উলোৱা চৰিত্ৰটোৰ সম্পূৰ্ণ বিপৰীত । এই কথাষাৰে মোক চৰিত্ৰটোৰ বাবে অধিক আগ্ৰহী কৰি তুলিলে । ছবিখনৰ বাবে আমি বহুখিনি কৰ্মশালাও কৰিছো ।

চৰিত্ৰটোৰ সন্দৰ্ভত আৰু অধিক জানিবলৈ দি অদাই কয় যে, "ছোৱালীজনী হঠাৎ কিবা এটা লৈ উদ্বাউল হৈ পৰে আৰু হঠাৎ দুখী হৈ পৰে। এই সালসলনি খিনি ছবিৰ প্ৰযোজকে যথেষ্ট সূক্ষ্ম হোৱাটো বিচাৰিছে । সেয়ে সকলো কথা চকুৰ ওপৰতে নিভ্ৰৰ কৰিছে । ছবিখনৰ টিজাৰ আৰু পোষ্টাৰ ৰিলিজতেই ৰাইজৰ উষ্ম সঁহাৰি পাই মই ৰাইজে ছবি খন উপভোগ কৰি কেনে পাই জানিবলৈ যথেষ্ট উৎসুক হৈ পৰিছো ।

অদাই লগতে কয় যে, "মই এতিয়ালৈকে কৰা কামৰ ভিতৰত এইটো কাম সম্পূৰ্ণ পৃথক ।"

লগতে পঢ়ক:কংগনা ৰাণাৱাটৰ দুটাকৈ পোষ্ট আঁতৰালে টুইটাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.