মৰাণ,১ ফেব্ৰুৱাৰী: বিগত সময়ত ৰাজ্যৰ ভিন্ন স্থানত আছু কৰ্মীৰ ওপৰত আৰক্ষীয়ে চলোৱা বৰ্বৰতাৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱাৰ লগতে নাগৰিকত্ব সংশোধনী আইন, ইআইএ আৰু অসম চুক্তি ৰূপায়ণৰ দাবীত সোমবাৰে মৰাণত আছুৰ মৰাণ আঞ্চলিক সমিতিৰ সদস্যসকলে ৰাজ্যত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

আছুৰ প্ৰতিবাদী কৰ্মকৰ্তাসকলে নগৰৰ মাজমজিয়াৰ ট্ৰেফিক পইণ্টৰ সমীপৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি হুংকাৰ প্ৰদান কৰাৰ লগতে ক্ষমতাৰ লালসাত মুখ্যমন্ত্ৰীগৰাকীয়ে জাতি-মাটি-ভেটি বহিৰাগতৰ হাতত চমজাই দিছে বুলি অভিযোগ তোলে ৷ লগতে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলিও উল্লেখ কৰে । আছুৰ মৰাণ আঞ্চলিকৰ সভাপতি জিতু গগৈ আৰু সম্পাদক ভাস্কৰ বৰুৱাৰ নেতৃত্বত প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰক সৰ্বকালৰ মিছলীয়া চৰকাৰ বুলি অভিহিত কৰে ।
লগতে পঢ়ক : ফেব্ৰুৱাৰীৰ ভিতৰত নিৰ্বাচনী অধিসূচনা জাৰিৰ সম্ভাৱনা ৰাজ্যত