নেশ্যনেল ডেস্ক, ২০ জুন : ৰাজস্থানৰ ঝালাৱাড় জিলাত শুকুৰবাৰে এজন ২৬ বছৰীয়া যুৱকক তেওঁৰ প্ৰেমিকাৰ পৰিয়ালে আগভেটি ধৰি হত্যা কৰে । প্ৰেমিকাৰ পৰিয়ালে তেওঁলোকৰ সম্পৰ্কত অসন্তুষ্টি প্ৰকাশ কৰি লোকজনক হত্যা কৰা বুলি ৰাজস্থান আৰক্ষীয়ে জানিবলৈ দিয়ে । মৃত লোকজনৰ প্ৰেমিকাৰ পিতৃ, খুৰা আৰু আন ৬ জন পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে ।
আৰক্ষীয়ে সদৰি কৰা অনুসৰি, শুকুৰবাৰে ৰতলাই থানাৰ অন্তৰ্গত ৰঘুনাথপুৰা গাঁৱৰ বনাঞ্চল এলেকাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় । হত্যাৰ বলি হোৱা লোকজন ৰাকেশ কুমাৰ তেলী বুলি ডিএছপি বিজয় শংকৰ শৰ্মাই জানিবলৈ দিয়ে ।
ঘটনা সন্দৰ্ভত ছোৱালীজনীৰ অভিযুক্ত পিতৃ ৰাদুলাল লোঢ়া আৰু খুৰাক বদ্ৰীলাল লোঢ়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । আনহাতে জগদীশ লোঢ়া, বড়ে সিং ওৰফে বিজয় সিং লোঢ়াসহ ৪ অভিযুক্তক হত্যাকাণ্ডত জড়িত বুলি চিনাক্ত কৰা হৈছে আৰু পলাতক অৱস্থাত থকা হত্যাকাৰীকেইজনৰ অনুসন্ধানত নামি পৰিছে আৰক্ষী । লগতে পৰিয়ালৰ আন সদস্যসকলৰো জেৰা অব্যাহত ৰখা বুলি ডিএছপিয়ে সদৰি কৰিছে ।
আৰক্ষীৰ তদন্ত অনুসৰি, ৰাকেশে প্ৰেমিকাগৰাকীৰ ঘৰত ড্ৰাইভাৰ হিচাপে কাম কৰিছিল আৰু প্ৰেমিকাগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিছিল । উল্লেখ্য যে, বৃহস্পতিবাৰে দুপৰীয়া দুয়োকে একেলগে দেখা পাইছিল প্ৰেমিকাৰ পৰিয়ালে । ৰাকেশক হত্যা কৰাৰ পিছত পৰিচয় লুকুৱাই ৰাখিবলৈ হত্যাকাৰীকেইজনে ৰাকেশে পিন্ধি থকা কাপোৰ, ম'বাইল ফোন আৰু অন্য সকলো সামগ্ৰী সলনি কৰি দিয়ে । ৰাকেশক এটা হাফপেণ্ট পিন্ধাই হত্যাকাৰীকেইজনে মৃতদেহটো ঘৰৰ পৰা বহু দূৰৈৰ বনাঞ্চলত পেলাই থৈ আহে । মৰণোত্তৰ পৰীক্ষাৰ পিছত ৰাকেশৰ শৱদেহ শুকুৰবাৰে তেওঁৰ পৰিয়ালৰ হাতত গতাই দিয়ে আৰক্ষীয়ে ।
লগতে পঢ়ক : নিজ সংসদীয় সমষ্টি বাৰানসীৰ পৰিস্থিতি পৰ্যবেক্ষণ মোডীৰ