ETV Bharat / state

বাংলাদেশক পুনৰ ভাৰতে ঘূৰাই লোৱাৰ দাবীত উত্তাল লখিমপুৰ - PROTEST IN LAKHIMPUR

বাংলাদেশক পুনৰ ভাৰতে ঘূৰাই লোৱাৰ দাবী উঠিছে লখিমপুৰত । মঙলবাৰে প্ৰতিবাদথলীৰ পৰা কেন্দ্রীয় চৰকাৰক এই দাবী জনায় লোক জাগৰণ মঞ্চই ।

Protest in Lakhimpur demanding inclusion of Bangladesh in India
বাংলাদেশক পুনৰ ভাৰতে ঘুৰাই লোৱাৰ দাবী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 3, 2024, 1:47 PM IST

লখিমপুৰ: পূৰ্বতে অখণ্ড ভাৰতৰ ভিতৰত থকা বাংলাদেশক পুনৰ ভাৰতে ঘূৰাই লওক । লখিমপুৰত প্ৰতিবাদস্থলীৰ পৰা এই হুংকাৰ দিলে লোক জাগৰণ মঞ্চই । বাংলাদেশত হিন্দু ধর্মীয় নেতাক আটক কৰা, হিন্দু মঠ মন্দিৰ আৰু হিন্দু ধর্মৰ লোকৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত মঙলবাৰে ৰাজ্যজুৰি লোক জাগৰণ মঞ্চই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । লখিমপুৰতো জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত লোক জাগৰণ মঞ্চই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

এই কাৰ্যসূচীত অংশগ্রহণ কৰি বজৰং দলৰ নেতা লক্ষী গগৈয়ে বাংলাদেশত হিন্দু সম্প্রদায়ৰ ওপৰত হোৱা নিৰ্যাতনৰ গৰিহণা দিয়ে । এয়া শুভ লক্ষণ নহয় বুলি উল্লেখ কৰি তেওঁ এনে অত্যাচাৰ অনতিপলমে বন্ধ কৰাৰ দাবী জনায় । অন্যথা অসমতো ইয়াৰ প্ৰভাৱ পৰিব বুলি তেওঁ উল্লেখ কৰে ।

বাংলাদেশক পুনৰ ভাৰতে ঘুৰাই লোৱাৰ দাবী (ETV Bharat Assam)

হিন্দুৰ ওপৰত জেহাদী মৌলবাদীৰ আক্ৰমণ কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি উল্লেখ কৰি তেওঁ এনে অপশক্তিৰ বিৰুদ্ধে সকলো হিন্দুক ঐক্যবদ্ধ হ'বলৈ আহ্বান জনায় । বাংলাদেশৰ ঘটনাৱলীৰ তেওঁ তীব্র নিন্দা কৰি পূৰ্বৰ অখণ্ড ভাৰতৰ ভিতৰত থকা বাংলাদেশক পুনৰ ভাৰতে ঘূৰাই লোৱাৰ ব্যৱস্থা গ্রহণ কৰিবলৈ তেওঁ কেন্দ্রীয় চৰকাৰক দাবী জনায় ।

এই অৱস্থান ধৰ্মঘটস্থলীত হিন্দুৰ ওপৰত হোৱা নিৰ্যাতনৰ বিৰুদ্ধে গৰিহণা দি বিভিন্ন বক্তাই বক্তব্য ৰাখে । অৱস্থান ধৰ্মঘটৰ অন্তত জিলা আয়ুক্তৰ জৰিয়তে লোক জাগৰণ মঞ্চৰ তৰফৰ পৰা বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহমদ ইউনুচলৈ এখন স্মাৰক পত্র প্ৰেৰণ কৰে । স্মাৰক পত্রখনত দেশখনত হিন্দুৰ ওপৰত হোৱা নিৰ্যাতন বন্ধ কৰা, চিন্ময় কৃষ্ণ দাসক মুক্তি দিয়া আদি দাবী জনায় ।

লগতে পঢ়ক: বাংলাদেশৰ হিন্দুৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগত ৰাজ্যত প্ৰতিবাদ

বাংলাদেশী পণ্য এসপ্তাহৰ ভিতৰত বিক্ৰী কৰি শেষ কৰাৰ দাবী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.