ETV Bharat / briefs

পৰ্যটক নহয়; ছশবছৰীয়া ঐতিহাসিক দ'ললৈ আহে গৰু-ছাগলী ! - tourism

শিৱসাগৰৰ ছশ বছৰীয়া ঐতিহাসিক সমল সংৰক্ষণত হেমাহি অসমৰ পৰ্যটন বিভাগৰ !আহোম ৰাজত্বৰ অন্যতম স্বাক্ষৰ বহনকাৰী দ'ল, দেৱালয়, পুখুৰী সংৰক্ষণত ব্যৰ্থ প্ৰত্নতত্ত্ব বিভাগ । বিভাগটোৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে জহি খহি গৈছে এটাৰ পাছত আনটো ঐতিহাসিক দ'ল আৰু পুখুৰী । শিৱসাগৰৰ ছশ বছৰীয়া পুৰণি জগদ্ধাত্ৰী দ'ল আৰু পুখুৰীৰ এতিয়া চৰম দুৰৱস্থা ।

ছশবছৰীয়া ঐতিহাসিক দ'ললৈ আহে গৰু-ছাগলী !
author img

By

Published : Jun 18, 2019, 11:25 AM IST

Updated : Jun 18, 2019, 2:36 PM IST

আমগুৰি,১৮ জুনঃ ঐতিহাসিক সম্পদ সংৰক্ষণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৰাজ্যৰ প্ৰত্নতত্ত্ব বিভাগ । ছশ বছৰীয়া আহোম ৰাজত্বৰ অন্যতম স্বাক্ষৰ বহনকাৰী দ'ল ,দেৱালয়, পুখুৰী সংৰক্ষণত ব্যৰ্থ প্ৰত্নতত্ত্ব বিভাগ । বিভাগটোৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে জহি খহি গৈছে এটাৰ পাছত আনটো দ'ল আৰু পুখুৰী । সংৰক্ষণৰ অভাৱত এতিয়া জৰাজীৰ্ণ হৈ পৰিছে শিৱসাগৰ জিলাৰ নামতি কালুগাঁওৰ জগদ্ধাত্ৰী দ'ল।

পৰ্যটক নহয় ছশবছৰীয়া ঐতিহাসিক দ'ললৈ আহে গৰু-ছাগলী !

১৭১৪-১৭৪৪ শকৰ ভিতৰত আহোমৰ ছশ বছৰীয়া শাসনৰ স্বৰ্গদেও শিৱসিংহৰ ৰাজত্বকালত বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ ভায়েক হৰিনাথ বৰপাত্ৰগোহাঁইয়ে এই দ'ল আৰু পুখুৰী নিৰ্মাণ কৰিছিল । অসমৰ অন্যান্য দ'লবিলাকৰ ভিতৰত অন্যতম কাৰুকাৰ্য খচিত এই দ'লটো ভগ্নপ্ৰায় অৱস্থাৰ পৰা পুৰাতত্ব বিভাগে মেৰামতি কৰিলে যদিও ব্যৱহাৰৰ উপযোগী হৈ উঠা নাই এতিয়ালৈ । দ'লটোৰ বাহ্যিকভাগ মেৰামতি কৰিলে যদিও মেৰামতি নহ'ল ভিতৰৰ অংশ । ইফালে আন্ধাৰত অসংখ্য চুঙা বাদুলীৰ বাহ হোৱাৰ লগতে বাদুলীৰ চিঞৰে সৃষ্টি কৰিছে জয়াল পৰিৱেশৰ । ইয়াৰোপৰি দ'লৰ চাৰিওদিশত বেৰাৰ ব্যৱস্থা নথকাত দ'লটো গৰু-ছাগলীৰ গোহালিলৈ পৰিণত হৈছে ।ঐতিহাসিক দলটোৰ কাষতে প্ৰায় ১০০ পুৰা মাটিকালিৰে আৱৰি আছে বৰপাত্ৰ পুখুৰী । কিন্তু পুখুৰীটোৰ সংৰক্ষণ তথা সৌন্দৰ্যবৰ্দ্ধনৰ বাবে কোনো বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই । বৰঞ্চ হাবি-মেটেকাৰে ভৰি পৰিছে পুখুৰীটো । পুখুৰীটোত ব'টিংৰ ব্যৱস্থা কৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল হিচাপে গঢ়ি তুলিবলৈ দাবী জনাইছে সচেতন মহলে । পৰ্যটনৰ এশ শতাংশ পূৰ্ণ সম্ভাৱনা থকা শিৱসাগৰ জিলাখনৰ এনে ঐতিহাসিক সমলসমূহ সঠিক পৰিকল্পনাৰ অভাৱত মৃত্যুমুখলৈ ঠেলি দিয়া কাৰ্যক এতিয়া সহজভাৱে ল'ব পৰা নাই অঞ্চলটোৰ সচেতন ব্যক্তিসকলে ।

Intro:Body:
আমগুৰি: ১৮ জুন:

ঐতিহাসিক সম্পদ সংৰক্ষণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৰাজ্যৰ প্ৰত্নতত্ত্ব বিভাগ।ছশ বছৰীয়া আহোম ৰাজত্বৰ অন্যতম স্বাক্ষৰ বহনকাৰী দল দেৱালয়, পুখুৰী সংৰক্ষণত ব্যৰ্থ প্ৰত্নতত্ত্ব বিভাগ। বিভাগটোৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে এটাৰ পিছত আনটো দ'ল আৰু পুখুৰী জহি খহি জৰাজীৰ্ণ হবলৈ আৰম্ভ কৰিছে।

এই দৃশ্য শিৱসাগৰ জিলাৰ নামতি কালুগাঁওৰ জগদ্ধাত্ৰী দল। আহোমৰ ছশ বছৰীয়া শাসনৰ স্বৰ্গদেও শিৱসিংহৰ ৰাজত্বকালত বৰৰজা ফুলেশ্বৰী কুৱৰীৰ ভায়েক হৰিনাথ বৰপাত্ৰগোহাইয়ে এই দল আৰু পুখুৰী ১৭১৪-১৭৪৪ শকৰ ভিতৰত নিৰ্মাণ কৰিছিল।

অসমৰ অন্যান্য দলবিলাকৰ ভিতৰত অন্যতম কাৰুকাৰ্য খচিত এই দলটো ভগ্নপ্ৰায় অৱস্থাৰ পৰা পুৰাতত্ব বিভাগে মেৰামতি কৰিলে যদিও আজিও ব্যৱহাৰৰ উপযোগী হৈ উঠা নাই।
দলটোৰ বাহ্যিকভাগ মেৰামতি কৰিলে যদিও ভিতৰৰ অংশ মেৰামতি নহল। আন্ধাৰত অসংখ্য চুঙা বাদুলীৰ বাহ হোৱাৰ লগতে বাদুলীৰ চিঞৰে জয়াল পৰিৱেশৰ সৃষ্টি কৰিছে।

আনহাতে দলৰ চাৰিওদিশত বেৰাৰ ব্যৱস্থা নথকাত গৰু-ছাগলীৰ গোহালিলৈ পৰিণত হৈছে।

ঐতিহাসিক দলটোৰ কাষতে আছে বৰপাত্ৰ পুখুৰী। প্ৰায় ১০০ পুৰা মাটিকালিৰে আৱৰা পুখুৰীটোৰ সৌন্দৰ্যবদ্ধনৰ বাবে লোৱা নাই বিজ্ঞানসন্মত পদক্ষেপ। হাবি-মেটেকাৰে ভৰি পৰিছে পুখুৰীটো। পুখুৰীটোত ব'টিংৰ ব্যৱস্থা কৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল হিচাপে গঢ়ি তুলিবলৈ দাবী জনাইছে।

পৰ্যটনৰ এশ শতাংশ পূৰ্ণ সম্ভাৱনা থকা শিৱসাগৰ জিলাখনৰ এনে ঐতিহাসিক সমলসমূহ সঠিক পৰিকল্পনাৰ অভাৱত মৃত্যুমুখলৈ ঠেলি দিয়া কাৰ্যক সচেতন লোকসকলে সহজভাৱে লব পৰা নাই।

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ইটিভি ভাৰত অসম।Conclusion:
Last Updated : Jun 18, 2019, 2:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.