আমগুৰি,১৬ ডিচেম্বৰ : অফলাইনত নহয় এইবাৰ অনলাইনত জোনবিল মেলা । কিন্তু কেনেকৈ,হয় এইবাৰ স্বেচ্ছাসেৱী সংগঠন দৃষ্টিয়ে সৰ্বভাৰতীয় পৰ্যায়ত ৰাইজক অনলাইনত দেখুৱাব জোনবিল মেলা । এটা বিশেষ এপ মুকলি কৰিছে স্বেচ্ছাসেৱী সংগঠন দৃষ্টিয়ে ।
এই এপটোৰ জৰিয়তে উপকৃত হব গ্ৰামাঞ্চলৰ সাধাৰণ লোকসকল । দৃষ্টি নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক স্বেচ্ছাসেৱী সংগঠনে বিনিময় প্ৰথাৰ প্ৰথমটো এপ অসমত মুকলি কৰে । এক ব্যতিক্ৰমী ব্যৱস্থাৰে সাধাৰণ ৰাইজক উপকৃত কৰিবৰ বাবে মিৰি মাৰ্কেট বাৰ্তাৰ নামৰ এই এপটোৰ জৰিয়তে যিকোনো লোকে অনলাইন যোগে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে কৃষক সকলেও প্ৰয়োজনীয় সামগ্ৰী অনলাইন বিনিময় ব্যৱস্থাৰ যোগে আহৰণ কৰিব পাৰিব ।
![প্ৰথমবাৰৰ বাবে অনলাইনত জোনবিল মেলা!](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03:18:40:1608112120_a-amg-810-815-16-dec-dristi-launched-online-barter-system-visual-bite-photo-samiran-duarah_16122020144156_1612f_1608109916_234.jpg)
সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ শিৱসাগৰ জিলাৰ ন দিছিয়াল গাঁৱত এখন সভাত এই অনলাইন বিনিময় ব্যৱস্থা উদ্বোধন কৰা হয়। সভাত স্থানীয় বহু কেইজন সন্মানীয় ব্যক্তি উপস্থিত থকাৰ উপৰিও স্বেচ্ছাসেৱী সংগঠনটোৰ উঃপূঃ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ মুখ্য প্ৰৱন্ধক পৰাগধৰ কোঁৱৰ,ক্ষেত্ৰীয় প্ৰৱন্ধক বিভাগীয় প্ৰমুখ ৰাজেশ কচ্ছুৰ,মিৰি মাৰ্কেটৰ মুখ্য প্ৰৱন্ধক কোঁৱৰ বাহাদুৰ সিং উপস্থিত থাকে ।
লগতে চাওকঃ সুখবৰ : ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ দিহিং পাটকাইৰ