গুৱাহাটী, ৮ জুনঃ ৰাজ্যত পুনৰ ১২ জন লোকৰ দেহত ধৰা পৰিছে কোভিড ১৯ৰ উপস্থিতি। নতুন কোভিড পজিটিভ পোৱা লোকসকলৰ ভিতৰত ৭ জন নগাঁৱৰ আৰু ৫ জন বৰপেটাৰ। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে এই তথ্য।
পুনৰ ১২ জন লোকৰ কোভিড পজিটিভ পোৱাৰ পাছত এইপৰ্যন্ত ৰাজ্যখনত ২,৬81 গৰাকীলৈ বৃদ্ধি পালে মুঠ আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যা। ইয়াৰে ২০৫০ গৰাকী লোক চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে বৰ্তমানলৈকে আৰোগ্য লাভ কৰিছে ৬৩৬ গৰাকীয়ে । আনহাতে, এই মহামাৰীত মৃত্যু হৈছে মুঠ ৪ গৰাকী লোকৰ।