ETV Bharat / state

Encounter in Biswanath: আৰক্ষীৰ বেহু ভেদি পলায়নৰ চেষ্টা কৰি গুলীবিদ্ধ হ’ল দুধৰ্ষ চোৰাং চিকাৰী আতাউৰ ওৰফে বাচ্ছা

author img

By

Published : Dec 19, 2022, 4:23 PM IST

Updated : Dec 19, 2022, 9:05 PM IST

Encounter in Biswanath
বাচ্ছাৰ ভৰিত আৰক্ষীৰ গুলী

16:10 December 19

অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ম’ষ্ট ৱান্টেড চোৰাং চিকাৰী আতাউৰ ৰহমান ওৰফে বাচ্ছাক ৷ আৰক্ষীৰ বেহুৰ পৰা পলায়নৰ চেষ্টা কৰি গুলীবিদ্ধ হ’ল বাচ্ছা (Encounter in Biswanath)৷ বাচ্ছাৰ মূৰৰ মূল্য আছিল দুই লাখ টকা ৷

বিশ্বনাথৰ আৰক্ষী অধীক্ষকৰ সংবাদমেল

বিশ্বনাথ, 19 ডিচেম্বৰ: দুষ্কৃতিকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে অসম আৰক্ষী ৷ অপৰাধজনিত ঘটনাৰ সৈতে বহু অপৰাধীক শেহতীয়াকৈ অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালকৈ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনাও ৷

দেওবাৰে নিশা বিশ্বনাথ চাৰিআলিত এটা গঁড় চিকাৰীলৈ লক্ষ্য কৰি আৰক্ষীয়ে কৰে গুলীচালনা (Encounter in Biswanath) ৷ এই এনকাউণ্টাৰৰ ফলত আতাউৰ ৰহমান ওৰফে বাচ্ছা নামৰ দুধৰ্ষ চোৰাং চিকাৰীটোৰ সোঁ-ভৰি গুলীবিদ্ধ হয় ৷ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সোমবাৰে সম্বাদমেল সম্বোধন কৰিলে বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক নবীন সিঙে ৷

উল্লেখ্য যে, 2021ৰ অন্তিম ভাগত কাজিৰঙাৰ এক গঁড় হত্যাৰ মূল অভিযুক্ত আছিল আতাউৰ ৰহমান ওৰফে বাচ্ছা (Rhino poaching in Kaziranga)৷ বাচ্ছাৰ লগতে অভিযুক্ত আছিল আব্দুল মতিম ওৰফে কালা ৷ কাজিৰঙাৰ উক্ত গঁড় হত্যাকাণ্ডৰ সন্দৰ্ভত বিশ্বনাথ আৰক্ষীয়ে ৰুজু কৰিছিল এক গোচৰ ৷ কিন্তু ঘটনাৰ পাছৰে পৰা আতাউৰ ৰহমান ওৰফে বাচ্ছা পলাতক হৈ আছিল দক্ষিণ ভাৰতত ৷ দুধৰ্ষ চোৰাংচিকাৰীটোৰ মূৰৰ মূল্যও 2 লাখ টকা ঘোষণা কৰিছিল আৰক্ষীয়ে ৷

অৱশেষত বিশ্বনাথ আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি বঙাইগাঁৱত আতাউৰৰ অৱস্থিতি লাভ কৰে ৷ বিশ্বনাথ আৰক্ষীয়ে বঙাইগাঁও আৰক্ষীক এই সন্দৰ্ভত জানিবলৈ দিয়াৰ পাছতে বঙাইগাঁও আৰক্ষীয়ে আতাউৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ বঙাইগাঁও আৰক্ষীয়ে কৰায়ত্ব কৰাৰ পাছতে দেওবাৰে বিশ্বনাথলৈ আনি আছিল কুখ্যাত চোৰাং চিকাৰীটোক ৷

বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আতাউৰক বিশ্বনাথ আৰক্ষীৰ জিম্মালৈ আনি থকাৰ সময়তে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সাধাৰুৰ সমীপত প্ৰস্ৰাৱ কৰাৰ অচিলাৰে গাড়ীখন ৰাখিবলৈ কৈ পলায়ণৰ চেষ্টা কৰে চোৰাং চিকাৰীটোৱে ৷ আৰক্ষীয়ে পলোৱাত বাধা প্ৰদান কৰিছিল যদিও বাধা নামানি পলাবলৈ চেষ্টা কৰাত গুলীচালনা কৰিবলৈ বাধ্য হয় বিশ্বনাথ আৰক্ষী (Rhino Poacher encounter in Biswanath)৷

ফলত আৰক্ষীৰ এনকাউণ্টাৰত আতাউৰৰ এটা ভৰি গুলীবিদ্ধ হয় ৷ গুলীবিদ্ধ আতাউৰক তাৎক্ষণিকভাৱে তেজপুৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় ৷ উল্লেখ্য যে, দুধৰ্ষ চোৰাংচিকাৰী আতাউৰ বিশ্বনাথ জিলাৰ চতিয়াৰ ১ নম্বৰ আদাভেটিতৰ ইফেৰ আলীৰ পুত্ৰ ৷ বহুকেইটা গঁড়ৰ হত্যাৰ লগত জড়িত আছিল আতাউৰ ৰহমান ৷

লগতে পঢ়ক: Akhil Gogoi Press Meet: অসমৰ ইতিহাসত সৰ্বাধিক ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে: অখিল গগৈ

Last Updated : Dec 19, 2022, 9:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.