ETV Bharat / bharat

টেকএৱে চাৰ্ভিছৰ বাবে ৰেষ্টোৰেণ্টৰ পৰা পৃথককৈ ধন নোলোৱাৰ সিদ্ধান্ত Zomatoৰ - খাদ্য ডেলিভাৰী প্লেটফৰ্ম

খাদ্য ডেলিভাৰী প্লেটফৰ্ম Zomatoই কৈছে যে, ক্ৰমাৎ বৃদ্ধি হোৱা চাহিদা ৰেষ্টোৰেণ্টসমূহে পূৰণ কৰিবলৈ Zomatoই টেকএৱে চাৰ্ভিছৰ বাবে ৰেষ্টোৰেণ্টে পৰিশোধ কৰিবলগীয়া ধন আদায় নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে Zomato য়ে ।

টেকএৱে চাৰ্ভিছৰ বাবে ৰেষ্টোৰেণ্টৰ পৰা পৃথককৈ ধন নলয় Zomatoই

author img

By

Published : Nov 18, 2020, 1:53 PM IST

নেশ্যনেল ডেস্ক, ১৮ নৱেম্বৰ: COVID-19ৰ সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত খাদ্য হোম ডেলিভাৰীৰ চাহিদা ক্ৰমাৎ বৃদ্ধি পাইছে। Zomatoই বুধবাৰে প্ৰকাশ কৰিছে যে, তেওঁলোকৰ টেকএৱে চাৰ্ভিছ ৰেষ্টোৰেণ্টৰ বাবে বিনামূলীয়া কৰা হ'ব । খাদ্য ডেলিভাৰী প্লেটফৰ্মটোৱে কয় যে, 'আমি কোনো ধৰণৰ কমিছনৰ বাবে ধন আদায় দিয়াৰ প্ৰয়োজন নাই। বিগত কেইমাহ মানত আমাৰ এপত টেকএৱে অৰ্ডাৰ যথেষ্ট বৃ্দ্ধি হোৱা পৰিলক্ষিত হৈছে'।

Zomatoৰ চি ই অ' দীপিন্দৰ গোয়েলৰ মতে ৫৫,০০০ৰো অধিক ৰেষ্টোৰাত প্ৰথমৰ পৰাই টেকএৱে চাৰ্ভিছ আছিল আৰু তেওঁলোকে এনেধৰণৰ হাজাৰ অৰ্ডাৰ সাপ্তাহিকভাৱে ডেলিভাৰী দি আছিল । দীপিন্দৰ গোয়েলে টুইটযোগে কয় যে, ৰেষ্টোৰেণ্টসমূহক সহায় কৰাৰ বাবে আমি সকলো অৰ্ডাৰৰ ওপৰত চাৰ্জ লগোৱা বন্ধ কৰি দিম । COVID-19 মহামাৰীৰ সংক্ৰমণ হোৱাৰ পূৰ্বে Zomatoৰ গ্ৰ'ছ মাৰ্চেণ্ডাইজ ভেল্যু ১১০ শতাংশ আছিল ।

কোম্পানীটোৱে দাবী কৰিছে যে, 'মাৰ্চত প্ৰথম পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাৰ পিছত আমি ১৩ কোটি অৰ্ডাৰ ডেলিভাৰী দিছো আৰু খাদ্য আৰু ইয়াৰ পেকেজিঙৰ জৰিয়তে মহামীৰৰ সংক্ৰমণৰ কোনো অভিযোগ উত্থাপিত হোৱা নাই । এতিয়াও লাখ লাখ গ্ৰাহকে লকডাউন আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে অৰ্ডাৰ কৰা নাই ।' ইতিমধ্যে খাদ্য ডেলিভাৰী দি থকা ৰেষ্টোৰেণ্টসমূহে টেকএৱে চাৰ্ভিছ আৰম্ভ কৰিলে অধিক গ্ৰাহকক আকৰ্ষিত কৰাৰ সম্ভাৱনা আছে আৰু এনে কৰিলে ব্যৱসায়িকভাৱে যথেষ্ট লাভৰ সন্মুখীন হোৱাৰ আশা কৰিছে Zomatoয়ে । গ্ৰাহকে Zomatoৰ হোম পেজত থকা ফিল্টাৰ ব্যৱহাৰ কৰি টেকএৱে চাৰ্ভিছ থকা সকলো ৰেষ্টোৰেণ্ট বিচাৰিব পাৰিব ।

লগতে পঢ়ক:উত্তৰ প্ৰদেশৰ মিৰাটত চিলিণ্ডাৰ বিস্ফোৰণঃ 2 জন নিহত, আহত 5 জন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.