ETV Bharat / bharat

ছিণ্ডিকেট আৰু দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল চৰকাৰ: বিপ্লৱ দেৱ - বিপ্লৱ দেৱ বাতৰি

কেইবাদিন ধৰি ত্ৰিপুৰাৰ জিৰানীয়া ৰে’ল ষ্টেচন আৰু মাধবাৰী আন্তঃৰাজ্যিক ট্ৰাক আস্থানত অবৈধ চান্দা গ্ৰহণ আৰু ছিণ্ডিকেট চক্ৰ চলাৰ অভিযোগ লাভ কৰিছিল মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে ৷ অৱশেষত দেওবাৰে উক্ত দুয়ো স্থান আকস্মিক পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে ৷

as-agartala-zero-tolerance-to-syndicate-raj-curruption-biplab-deb-vis
ছিণ্ডিকেট আৰু দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল চৰকাৰ: বিপ্লৱ দেৱ
author img

By

Published : Jun 7, 2021, 9:45 AM IST

আগৰতলা,7 জুন: দেওবাৰে ত্ৰিপুৰাৰ জিৰানীয়া ৰে’ল ষ্টেচন আৰু মাধবাৰী আন্তঃৰাজ্যিক ট্ৰাক আস্থান আকস্মিক পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে ৷ বিগত কেইবাদিন ধৰি উক্ত স্থানত অবৈধ চান্দা গ্ৰহণ আৰু ছিণ্ডিকেট চক্ৰ চলাৰ অভিযোগ লাভ কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ পৰিদৰ্শনৰ অন্তত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, চৰকাৰৰ স্বচ্ছ ব্যৱস্থাক কলংকিত কৰিব বিচৰা কোনো লোককে এৰি দিয়া নহ’ব ৷

মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত আছিল ত্ৰিপুৰাৰ পৰিবহণ মন্ত্ৰী প্ৰাণজিৎ সিং আৰু বিভাগটোৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া ৷ তেওঁলোকে ট্ৰাক আস্থান আৰু ৰে’ল ষ্টেচনত কৰ্মৰত বিভিন্ন বিষয়া, শ্ৰমিক, ট্ৰাক চালকৰ সৈতে মত বিনিময় কৰে ৷

ছিণ্ডিকেট আৰু দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল চৰকাৰ

মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে কয়, "প্ৰতিটো ঘটনাৰে দুটা দিশ থাকে ৷ প্ৰথমটো হ’ল অভিযোগ গ্ৰহণ আৰু দ্বিতীয়টো হ’ল ইয়াৰ সত্যাসত্য নিৰূপণ কৰা ৷ আজি মই বিষয়াসকল, ট্ৰাক চালকৰ উপৰিও ৰে’ল ষ্টেচন আৰু আন্তঃৰাজ্যিক ট্ৰাক আস্থানত বিভিন্ন কৰ্মত নিয়োজিত শ্ৰমিকসকলৰ সৈতে কথা বতৰা পাতিছো ৷ কিছুসংখ্যক ট্ৰাক চালকক কামৰ পৰা বঞ্চিত কৰাৰ অভিযোগ লাভ কৰা হৈছে ৷ ই সম্পূৰ্ণ অনৈতিক ৷ যি সকল ট্ৰাকৰ মালিকে এনেধৰণৰ বৈষম্যতাৰ সন্মুখীন হৈছে, তেওঁলোকে ঋণ পৰিশোধৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হৈছে ৷ এয়া সহ্য কৰা নহ’ব ৷ এইসকল ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব"৷

মুখ্যমন্ত্ৰী গৰাকীৰ মতে এটা বিশেষ শ্ৰেণীয়ে অবৈধ চান্দাৰ চক্ৰ চলোৱাৰ অভিপ্ৰায় কৰিছে ৷ কিন্তু যি সময়ত চৰকাৰে স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে সেই সময়ত কোনো প্ৰকাৰে এনে ধৰণৰ ছিণ্ডিকেট চলিবলৈ দিয়া নহ’ব ৷

লগতে পঢ়ক- নাগপুৰত নীতিন গাডকাৰীক সৌজন্য সাক্ষাৎ সঞ্জয় দত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.