ETV Bharat / bharat

YSRTP president arrested : ৱাইএছআৰ তেলেংগানা পাৰ্টীৰ সভানেত্ৰী ৱাই এছ শৰ্মিলাক গ্ৰেপ্তাৰ - BRS worker protest

তেলেংগানাত ৱাইএছআৰ তেলেংগানা পাৰ্টীৰ সভানেত্ৰী ৱাই এছ শৰ্মিলাৰ পদযাত্ৰাক লৈ তীব্ৰ উত্তেজনা (YS Sharmila arrested)। শৰ্মিলাৰ দল আৰু শাসকীয় বিআৰএছৰ কৰ্মীৰ মাজত তীব্ৰ সংঘৰ্ষ । স্থানীয় বিধায়কৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ বাবে ৱাই এছ শৰ্মিলা গ্ৰেপ্তাৰ আৰক্ষীৰ । শৰ্মিলাক হায়দৰাবাদলৈ স্থানান্তৰ ।

YSRTP president arrested
ৱাই এছ শৰ্মিলাক গ্ৰেপ্তাৰ
author img

By

Published : Feb 19, 2023, 5:08 PM IST

নেশ্যনেল ডেস্ক,১৯ ফেব্ৰুৱাৰী : অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীৰ ভগ্নী তথা ৱাইএছআৰ তেলেংগানা পাৰ্টীৰ সভানেত্ৰী ৱাই এছ শৰ্মিলাক গ্ৰেপ্তাৰ (YSRTP president YS Sharmila arrested)। তেলেংগানাৰ মহাবুবাবাদৰ বেটহোলত তেওঁৰ এক পদযাত্ৰাক লৈ বিতৰ্ক চলি থকাৰ মাজতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নেত্ৰীগৰাকীক । নেত্ৰীগৰাকীক প্ৰতিৰোধমূলক জিম্মাত লোৱা হৈছে আৰু হায়দৰাবাদলৈ স্থানান্তৰ কৰা হৈছে । সমগ্ৰ বিষয়টোক লৈ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

জানিব পৰা মতে শৰ্মিলাৰ পদযাত্ৰাৰ এক কাৰ্যসূচীক লৈ শাসকীয় দল ভাৰত ৰাষ্ট্ৰ সমিতিৰ (বিএছআৰ) কৰ্মীসকলে বেটহোলত হুলস্থূলৰ সৃষ্টি কৰে । বিআৰএছ কৰ্মীসকলে একপ্ৰকাৰ সন্ত্ৰাস চলাই আৰু ৱাইএছআৰ তেলেংগানা পাৰ্টীৰ (YSRTP) কাট-আউট আৰু ফ্লেক্সবোৰ নষ্ট কৰে ।

ইয়াৰ পাছতে, বিআৰএছ আৰু ৱাইএছআৰটিপিৰ কৰ্মী তথা সমৰ্থকৰ মাজত তীব্ৰ সংঘৰ্ষ আৰম্ভ হয় (BRS and YSRTP worker conflict)। লগে লগে ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হয় । যাৰ পৰিণতিত সংঘৰ্ষ প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে শৰ্মিলাক গ্ৰেপ্তাৰ কৰি ৰাজধানী চহৰলৈ লৈ যায় ।

জানিব পৰা মতে ৱাইএছআৰ তেলেংগানা পাৰ্টীৰ সভানেত্ৰী ৱাই এছ শৰ্মিলাক পদযাত্ৰাৰ বাবে অনুমতি দিয়া নাছিল (YS Sharmila rally at Telangana)। তাৰ পাছতে ৱাইএছআৰটিপিৰ সভানেত্ৰীগৰাকীয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰে । বিষয়াসকলে অভিযোগ কৰা মতে পদযাত্ৰাৰ অনুমতি নিদিয়াৰ বাবেই সংঘৰ্ষটোৰ সূত্ৰপাত হৈছে ।

ইফালে শাসকীয় দল বিআৰএছৰ কৰ্মীসকলে অভিযোগ কৰা মতে শৰ্মিলাই বিধায়ক শংকৰ নায়েকৰ বিৰুদ্ধে অবাঞ্ছিত মন্তব্য কৰিছিল (YS Sharmila comments against BRS MLA)। সেয়ে তেওঁলোকে ৱাইএছআৰটিপিৰ সভাস্থলীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে (BRS worker protest)।

উল্লেখ্য যে ৱাই এছ শৰ্মিলাই ৰাজ্যখনত প্ৰজা প্ৰস্থানম শীৰ্ষক পদযাত্ৰা আৰম্ভ কৰাৰ পাছৰে পৰা তেলেংগানাৰ চন্দ্ৰশেখৰ ৰাও চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই আহিছে । ইফালে ভাতৃ তথা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীৰ সৈতে মতভেদ সৃষ্টি হোৱাৰ পাছত শৰ্মিলাই তেওঁৰ ৰাজনৈতিক অগ্ৰাধিকাৰ তেলেংগানালৈ স্থানান্তৰিত কৰিছে আৰু নিজৰ ৰাজনৈতিক দল আৰম্ভ কৰিছে (YSRTP of Sharmila)।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে মহাবুবাবাদৰ বিধায়ক শংকৰ নায়েকৰ বিৰুদ্ধে অনুপযুক্ত মন্তব্য কৰাৰ অভিযোগত মহাবুবাবাদ টাউন আৰক্ষী থানাত উচ্চতম ন্যায়ালয়ৰ অনুসূচীত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত ৱাই এছ শৰ্মিলাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল । মহাবুবাবাদত আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শৰ্মিলাক হায়দৰাবাদলৈ স্থানান্তৰ কৰা হৈছে ।

লগতে পঢ়ক :Uddhav Reaction After EC Snub : নিৰ্বাচন আয়োগ প্ৰধানমন্ত্ৰীৰ দাস, উদ্ধৱ থাকৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.