নিউজ ডেস্ক, ২৪ নৱেম্বৰ: চাহ বাগিচাৰ সমীপৰ এখন পথাৰৰ ঠিক কাষতে আছিল এজোপা বিশাল গছ ৷ এই গছজোপাৰ তল সুৰা আৰু জুৱাৰ পাৰ্টিকে ধৰি সকলো অবৈধ কাৰ্যকলাপ ঘাটিত পৰিণত হৈছিল । ফলস্বৰূপে, অঞ্চলটোৰ পৰিৱেশ বিনষ্ট হৈছিল, চিন্তিত হৈ পৰিছিল সচেতন মহল । কিন্তু এনে সময়তে অঞ্চলটোৰ এজন যুৱকে গ্ৰহণ কৰা এক পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৷ যুৱকজনৰ এই পদক্ষেপৰ পাছতেই অঞ্চলটোত বন্ধ হৈ পৰিছিল মদ-জুৱাৰ অবৈধ কাৰ্যকলাপ ৷
এই ঘটনা পশ্চিমবংগৰ আলিপুৰদুৱাৰ কালচিনিৰ ৷ কালচিনিৰেই স্থানীয় যুৱক নিমেশ লামাই গছজোপাৰ তলত সংঘটিত অবৈধ কাৰ্যকলাপ ৰোধ কৰাৰ বাবে গ্ৰহণ কৰিছিল এক পদক্ষেপ ৷ তেওঁ গছজোপাৰ তলত মাত্ৰ ২৫ খন কিতাপৰে আৰম্ভ কৰিছিল এটি পুথিভঁৰাল(Open-air library) ৷ তেওঁ পুথিভঁৰালৰ লগতে যুৱসকলৰ মনোৰঞ্জন আৰু প্ৰতিভা বিকাশৰ কাৰণে উদ্যোগ লৈছিল । কেতিয়াবা তেওঁ গীটাৰ লৈ আকৌ কেতিয়াবা কিতাপ লৈ আহি সেই স্থানত অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে ।
নিমেশক দেখি সেই স্থানলৈ আন আন যুৱক যুৱতীৰো আগমন ঘটিবলৈ ধৰে ৷ ইয়াৰ ফলত গছজোপাৰ তলত বহা অবৈধ কাৰ্যকলাপ ক্ৰমে বন্ধ হ’বলৈ ধৰে ৷ মাত্ৰ ২৫ খন কিতাপৰে আৰম্ভ হোৱা এই পুথিভঁৰালত বৰ্তমান কিতাপৰ সংখ্যা ৪০০ খনলৈ বৃদ্ধি পাইছে ৷ প্ৰতি দেওবাৰে ইয়াত আৰ্ট হাট নামৰ এটা অনুষ্ঠানৰো আয়োজন কৰা হয় ৷ যুৱক-যুৱতীসকল এই স্থানত একত্ৰিত হৈ গীটাৰ বজায়, নৃত্য কৰি, গান গাই ৰং-ধেমালি কৰে । যুৱক-যুৱতীসকলে ইয়াত তৰ্ক প্ৰতিযোগিতাও আয়োজন কৰে ৷
নিমেশৰ এই উদ্যোগত এতিয়া অঞ্চলটোত এক সুস্থ পৰিবেশে বিৰাজ কৰিছে ৷ এসময়ত মদ জুৱাৰ ঘাটিত পৰিণত হোৱা সেই গছজোপাৰ তললৈ এতিয়া বহু লোকে তেওঁলোকৰ সন্তানক প্ৰতি দেওবাৰে লৈ যায় । তেওঁলোকে এই পুথিভঁৰালটোৰ নাম ৰাখিছে ট্ৰি লাইব্ৰেৰী (গছৰ পুথিভঁৰাল) আনহাতে ঠাইখনৰ নাম দিছে 'ইকোস্ফেয়াৰ' ।
নিমেশে ২০২১ চনত জয়গাৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু বৰ্তমান ডব্লিউবিচিএছৰ বাবে প্ৰস্তুতি চলাই আছে । তেওঁৰ মাতৃ ৰেণুকা লামাই আইচিডিএছত কাম কৰে । নিমেশে গছজোপাৰ চাৰিওফালে ৰচীৰে বান্ধি কিতাপৰ দোলনা তৈয়াৰ কৰিছে । শিশুসকলক ইয়াত শাৰীৰিক ব্যায়াম কৰিবলৈ দিয়া হয় । তেওঁলোকে এই ফটোবোৰ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পিছত, বহু লোকে নিমেশ আৰু তেওঁৰ বন্ধুবৰ্গক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ।
লগতে পঢ়ক: Barpeta road lottery results : লটাৰীত ২০ লাখ টকীয়া বাহন পালে মাছমৰীয়াই