নেশ্যনেল ডেস্ক,14 ফেব্ৰুৱাৰী: উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দেওবাৰে 2019 চনত পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা চিআৰপিএফ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । মুখ্যমন্ত্ৰী আদিত্যনাথে এক টুইটযোগে কয় যে, "পুলৱামা আক্ৰমণৰ অমৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো, যিয়ে আমাৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে নিজৰ জীৱন ত্যাগ কৰিলে, তেওঁলোকৰ অমৰ ত্যাগে আমাক সদায় সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ অনুপ্ৰাণিত কৰিব" ৷
এইবেলি পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ দুবছৰ হ'ল । পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদ (জেইএম)য়ে ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল য'ত চিআৰপিএফ-ৰ 40 জনকৈ জোৱান নিহত হৈছিল । দুবছৰৰ মুৰত সেই বীৰ জোৱানসকলক পুনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সমগ্ৰ দেশে ৷ শাসকীয় দল ভাৰতীয় জনতা পাৰ্টী আৰু বিৰোধী দল কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাসকলেও শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই টুইটযোগে "মই জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা ভাৰত মাতৃৰ সাহসী সন্তানসকলক সন্মান জনাইছো । সমগ্ৰ দেশে সদায় তেওঁলোকৰ অদম্য সাহস আৰু বীৰত্বৰ প্ৰতি শ্ৰদ্ধা জনাব" বুলি প্ৰকাশ কৰে ৷
ইফালে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়, "পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হোৱা সাহসী সৈনিকসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো । সমগ্ৰ দেশে তেওঁলোকৰ ত্যাগক কেতিয়াও পাহৰিব নোৱাৰে ৷ প্ৰতিগৰাকী জোৱানৰ পৰিয়ালৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো" ।
উল্লেখ্য যে, 2019 চনৰ 14 ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত চিআৰপিএফ-ৰ বাহনৰ ওপৰত আক্ৰমণ চলাইছিল এজন আত্মঘাতী বোমাৰুৱে ৷ জম্মুৰ পৰা শ্ৰীনগৰলৈ প্ৰায় 2,500 গৰাকী জোৱান 78 খন বাহনত গৈ থকা অৱস্থাত সংঘটিত হৈছিল দেশ কঁপোৱা এই ভয়ংকৰ আক্ৰমণ ৷
লগতে পঢ়ক: দুটা বছৰ সম্পূৰ্ণ ভয়াৱহ পুলৱামা আক্ৰমণৰ