ETV Bharat / bharat

যোগৰ বাবেই বিশ্বব্ৰহ্মাণ্ডলৈ শান্তি আহিছে : প্ৰধানমন্ত্ৰী মোডী

মহীশূৰ পেলেচৰ চৌহদত আয়োজিত যোগ দিৱসত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোডীৰ (PM Modi at Mysuru Palace)। যোগৰ বিভিন্ন গুণাগুণৰ বিষয়ে ক'লে মোডীয়ে । কাৰ্যসূচীত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ ।

author img

By

Published : Jun 21, 2022, 2:01 PM IST

Yoga Day
যোগৰ বাবেই বিশ্বব্ৰহ্মাণ্ডত শান্তি আহিছে

নেশ্যনেল ডেস্ক,২১ জুন : দেশজুৰি পালন কৰা হৈছে যোগ দিৱস (International Yoga Day 2022)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও মহীশূৰ পেলেচত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰে (PM Modi participates in Yoga Day in Mysore)। কেইবাহাজাৰ লোক এই প্ৰধানমন্ত্ৰীৰ যোগ দিৱসত অংশগ্ৰহণ কৰে । কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, যোগৰ বাবেই বিশ্বব্ৰহ্মাণ্ডলৈ শান্তি আহিছে (Modi says yoga brings peace to our universe)।

প্ৰধানমন্ত্ৰীৰ মতে, গোটেই বিশ্বব্ৰহ্মাণ্ড আমাৰ শৰীৰ আৰু আত্মাৰ পৰা আৰম্ভ হয় । আমাৰ পৰাই বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভ হয় । যোগে আমাক আমাৰ ভিতৰৰ সকলো বিষয়ে সচেতন কৰি তোলে আৰু আমাৰ মাজত সজাগতাৰ অনুভূতি গঢ়ি তোলে । যোগে আমাৰ বাবে শান্তি আনিছে । যোগে কেৱল মানুহৰ বাবেই নহয় সমাজৰ বাবেই শান্তি আনিছে । প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে, যোগে আমাৰ দেশ আৰু বিশ্বলৈ শান্তি আনিছে ।

প্ৰধানমন্ত্ৰীৰ সৈতে যোগ দিৱসৰ কাৰ্যাসূচীত ৰাজ্যপাল থাৱাৰচান্দ গেহলট, মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই, কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মহীশূৰৰ ৰাজবংশৰ যদুবীৰ কৃষ্ণদত্ত চামৰাজা ৱাদিয়াৰ আৰু "ৰাজমাতা" প্ৰমোদা দেৱীও উপস্থিত থাকে । উল্লেখ্য যে, ২০১৫ চনৰ পৰা প্ৰতি বছৰে ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় । এই বছৰৰ যোগ দিৱসৰ বিষয়বস্তু হৈছে "মানৱতাৰ বাবে যোগ"।

লগতে পঢ়ক : Maharashtra political crisis : গেৰুৱা বসন পিন্ধিব নেকি শিৱসেনাৰ ১১ বিধায়কে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.