ETV Bharat / bharat

প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে খাৰ্গেক প্ৰস্তাৱ; লালু-নীতিশ অসন্তুষ্ট নেকি মমতাই নাজানে

Mamata Banerjee on PM Candidate : পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে কয় যে খাৰ্গেৰ নাম প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী কৰা প্ৰস্তাৱক লৈ লালুপ্ৰসাদ যাদৱ আৰু নীতিশ কুমাৰ অসন্তুষ্ট হৈছে নেকি সেয়া তেওঁ নাজানে ।

Mamata Banerjee proposed Kharge as PM candidate
লালু-নীতিশ অসন্তুষ্ট নেকি মমতাই নাজানে
author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 5:27 PM IST

নিউজ ডেস্ক, ২০ ডিচেম্বৰ : পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে স্বীকাৰ কৰে যে তেওঁ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ইণ্ডিয়া ব্লকৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ নাম প্ৰস্তাৱ কৰিছে ।

"হয়, মই মল্লিকাৰ্জুন খাৰ্গেজীৰ নাম প্ৰস্তাৱ কৰিছোঁ । আৰু মই সুখী যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মোৰ প্ৰস্তাৱক সমৰ্থন জনাইছে ।" মমতা বেনাৰ্জীয়ে কয় । উল্লেখ্য যে মঙলবাৰে নতুন দিল্লীত ইণ্ডিয়া ব্লক বিৰোধী মিত্ৰজোঁটৰ চতুৰ্থ বৈঠকত মমতাই খাৰ্গেৰ নাম প্ৰস্তাৱ কৰে । অৱশ্যে বৈঠকত এই বিষয়টোক লৈ বিশেষ কোনো আলোচনা হোৱা নাছিল ।

"প্ৰথমে নিৰ্বাচনত জয়ী হওঁ আহক । আমি চৰকাৰ গঠন কৰিবলৈ অধিক সাংসদ বিচাৰোঁ । নিৰ্বাচনত জয়ী হোৱাৰ পিছত আমি প্ৰধানমন্ত্ৰীৰ বিষয়টো চিন্তা কৰিব পাৰোঁ । আমি লক্ষ্য কৰিম কোন দলে কিমানখন আসন লাভ কৰে ।" মঙলবাৰে বৈঠকৰ পিছত খাৰ্গেয়ে কয় । সূত্ৰ অনুসৰি, খাৰ্গেক প্ৰধানমন্ত্ৰী হিচাপে মমতাই কৰা প্ৰস্তাৱে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) সৰ্বোচ্চ নেতা লালুপ্ৰসাদ যাদৱক অসন্তুষ্ট কৰে ।

মমতাই কয়, "খাৰ্গেজীৰ নাম প্ৰধানমন্ত্ৰী হিচাপে কৰা মোৰ প্ৰস্তাৱক লৈ লালুজী আৰু নীতিশজীৰ প্ৰতিক্ৰিয়াৰ বিষয়ে মই অৱগত নহয় ।" উল্লেখ্য যে জেডি (ইউ) আৰু আৰজেডিৰ মত আছিল যে এজন জ্যেষ্ঠ ৰাজনীতিবিদ যিয়ে কেইবাটাও কাৰ্যকালৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে তেওঁ প্ৰধানমন্ত্ৰীৰ মুখ হ'ব লাগে । অন্য এক কথাত, দুয়োটা দলেই নীতিশ কুমাৰক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰস্তাৱ কৰাৰ পক্ষপাতী আছিল ।

আনহাতে, ইটিভি ভাৰতৰ সংবাদদাতাই ঝাৰখণ্ড মুক্তি মৰ্চাক (জেএমএম) প্ৰতিনিধিত্ব কৰা ৰাজ্যসভাৰ সাংসদ মহুৱা মাঝিৰ সৈতে যোগাযোগ কৰাত তেওঁ এনে তথ্য থকাৰ কথা অস্বীকাৰ কৰে । "মই যিমান দূৰ জানো, বৈঠকত তেনে ধৰণৰ একো হোৱা নাছিল । দৰাচলতে, বৈঠকৰ পিছত সকলো নেতা একেলগে গুচি যায় ।" বৈঠকত উপস্থিত থকা মাঝিয়ে কয় ।

সূত্ৰসমূহে লগতে কয় যে মমতাই আগন্তুক লোকসভা নিৰ্বাচনত মোদীৰ বিৰুদ্ধে যুঁজ দিবলৈ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা ভাড্ৰাৰ নামো প্ৰস্তাৱ কৰে । সূত্ৰ অনুসৰি, মমতাৰ পৰা এই প্ৰস্তাৱটো ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ সন্মুখতে প্ৰস্তুত কৰা হৈছিল, যেতিয়া মঙলবাৰে কংগ্ৰেছৰ দুয়োগৰাকী নেতাৰ সৈতে এক বৈঠকত মিলিত হৈছিল ।

অৱশ্যে মমতা বেনাৰ্জীক এই বিষয়ে সোধাত তেওঁ সবিশেষ প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে । মমতাই কয়, "মই আপোনালোকক (মিডিয়া) সকলো তথ্য কিয় দিব লাগে ।" উল্লেখ্য যে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে পুৱা সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি পশ্চিমবংগ সম্পৰ্কীয় কেইবাটাও বিষয়ৰ ওপৰত আলোকপাত কৰে ।

লগতে পঢ়ক :সাংসদক বহিষ্কৰণৰ অভিপ্ৰায়ৰ ওপৰত প্ৰশ্ন ছোনিয়া গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.