ETV Bharat / bharat

COVID-১৯ৰ প্ৰতিষেধকক লৈ ৰাজনীতি কৰা অনুচিত : সীতাৰাম য়েচুৰী

COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ প্ৰতিষেধকৰ বৈজ্ঞানিক প্ৰমাণ ৰাজহুৱা কৰিবলৈ কেন্দ্ৰক আহ্বান জনালে চিপিআই-এমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে । তেওঁ অভিযোগ উত্থাপন কৰিছে যে, সঠিকভাৱে প্ৰতিষেধক প্ৰস্তুতৰ নিয়ম পালন নকৰাকৈয়ে হায়দৰাবাদস্থিত ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ভাৰত বায়'টেকে প্ৰস্তুত কৰা COVID-১৯ প্ৰতিষেধক ক'ভেক্সিনক অনুমতি দিয়া হৈছে ।

COVID-১৯ প্ৰতিষেধকক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান সীতাৰাম য়েচুৰীৰ

author img

By

Published : Jan 6, 2021, 1:34 PM IST

নিউজ ডেস্ক, ৬ জানুৱাৰী : কৰ'ণা মহামাৰীৰ প্ৰতিষেধকক লৈ ৰাজনীতি কৰা উচিত নহয় বুলি মন্তব্য কৰিলে চিপিআই-এমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে । লগতে টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ COVID-১৯ৰ প্ৰতিষেধকৰ বৈজ্ঞানিক প্ৰমাণ ৰাজহুৱা কৰিবলৈ কেন্দ্ৰক আহ্বান জনায় সাধাৰণ সম্পাদকগৰাকীয়ে । তেওঁ কয় যে, 'কৰ'ণা মহামাৰীৰ প্ৰতিষেধকক লৈ ৰাজনীতি কৰাতো অপ্ৰাসংগিক, দায়িত্বহীন আৰু ই মানৱতা বিৰোধী । এই প্ৰতিষেধক সকলোকে বিনামূলীয়াকৈ প্ৰদান কৰা উচিত । এই প্ৰতিষেধকৰ সংকটমুক্ত হোৱা উচিত । সঠিকভাৱে টীকাকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰাতো চৰকাৰৰ দায়িত্ব' ।

লগতে য়েচুৰীয়ে কয় যে, মহামাৰীত নিতৌ শতাধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু দেশবাসীয়ে অতি শীঘ্ৰে টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাতো বিচাৰিছে । সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱ, কংগ্ৰেছ নেতা মণিষ তিৱাৰীকে ধৰি বহু কেইজন ৰাজনৈতিক নেতাই COVID-১৯ৰ প্ৰতিষেধকক লৈ প্ৰশ্ন উত্থাপন কৰিছে । সমান্তৰালকৈ সীতাৰাম য়েচুৰীয়ে অভিযোগ উত্থাপন কৰিছে যে, সঠিকভাৱে নিয়ম পালন নকৰাকৈয়ে হায়দৰাবাদস্থিত ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ভাৰত বায়'টেকে প্ৰস্তুত কৰা COVID-১৯ প্ৰতিষেধক ক'ভেক্সিন জৰুৰীকালীনভাৱে ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হৈছে ।

এয়া অতি ভয়ংকৰ কথা বুলিও মন্তব্য কৰে য়েচুৰীয়ে । তেওঁ কয় যে, বায়'টেকে প্ৰস্তুত কৰা COVID-১৯ প্ৰতিষেধকৰ ক্লিনিকেল পৰীক্ষণ এতিয়াও সম্পূৰ্ণ হোৱা নাই, কিন্তু চৰকাৰে ইয়াক ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰিছে । পুণেস্থিত ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই প্ৰস্তুত কৰা প্ৰতিষেধক ক'ভিছিল্ডৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে, ইংলেণ্ডত কৰা পৰীক্ষণৰ ওপৰত ভিত্তি কৰি এই প্ৰতিষেধক ব্যৱহাৰত অনুমতি দিয়া হৈছে যদিও ভাৰতত ইয়াৰ পৰীক্ষণ সম্পূৰ্ণ হোৱা নাই ।

গতিকে ভাৰতত এই প্ৰতিষেধক জৰুৰীকালীনভাৱে ব্যৱহাৰ কৰিবলৈ দিয়াতো ভুল হৈছে । উল্লেখ্য যে, ক'ভিছিল্ড ব্যৱহাৰৰ ক্ষেত্ৰত ইংলেণ্ডে অনুমতি দিয়াৰ পিছত যোৱা ২ জানুৱাৰীত ভাৰতত ঔষধ নিয়ন্ত্ৰক সঞ্চালকে এই প্ৰতিষেধক ভাৰতত জৰুৰীকালীনভাৱে ব্যৱহাৰ বাবে অনুমতি প্ৰদান কৰে ।

লগতে পঢ়ক:মিজোৰামত উদ্যোমী বিকাশ কেন্দ্ৰৰ অনলাইন প্ৰশিক্ষণ কৰ্মশালা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.