ETV Bharat / bharat

ছিল্কিয়াৰৰা সুৰংগৰ দুৰ্ঘটনা: উদ্ধাৰ অভিযানত ভাৰতে কঢ়িয়াই আনিলে আন এক কৃতিত্ব - India pulls off successful mountainous Feat

Silkyara Tunnel rescue : ২০২৩ চন ভাৰতৰ বাবে এক বিশেষ বছৰ ৷ কাৰণ নৱেম্বৰ মাহত ভাৰতে বিশ্বজুৰি আটাইতকৈ প্ৰত্যাহ্বানজনক সুৰংগ উদ্ধাৰ অভিযানৰ অন্যতমত এক সফল কৃতিত্ব লাভ কৰিছিল । ইটিভি ভাৰতৰ জি ৰবিকিৰণৰ এক প্ৰতিবেদন...

Silkyara Tunnel rescue
ছিল্কিয়াৰাৰ সুৰংগ দুৰ্ঘটনা
author img

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 8:57 PM IST

নিউজ ডেস্ক, 23 ডিচেম্বৰ : 2013 চনত ‘দেৱভূমি’ নামেৰে জনাজাত উত্তৰাখণ্ডত এক প্ৰলয়ংকৰী বানপানীয়ে অভূতপূৰ্ব ধ্বংসলীলাৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ ফলত 6 হাজাৰৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক নিৰুদ্দেশ হোৱা বুলি ধাৰণা কৰা হৈছিল ৷

ইয়াৰ এটা দশকৰ পাছত চলিত বৰ্ষৰ 12 নৱেম্বৰত ছিল্কয়াৰাৰ পাহাৰীয়া পথৰ সুৰংগ ভাঙি পৰাৰ ফলত 17 দিনীয়া এক শ্বাসৰুদ্ধকৰ উদ্ধাৰ অভিযান আৰম্ভ হয় আৰু 28 নৱেম্বৰত ইয়াৰ সফল সমাপ্তি ঘটে ৷ এক উত্তেজনাপূৰ্ণ উদ্ধাৰ অভিযানত আৱদ্ধ হৈ থকা 41 জন শ্ৰমিকক উদ্ধাৰ কৰা হয়, যিয়ে এই ঘটনাৰ ওপৰত পুনৰ আন্তঃৰাষ্ট্ৰীয় মহলৰ দৃষ্টি আকৰ্ষণ কৰিছিল, য’ত আৰু এক মানৱীয় ট্ৰেজেডী সংঘটিত হোৱাৰ আশংকা আছিল ৷

প্ৰত্যাহ্বান- হিমালয়ৰ ৰাডি পৰ্বত, য’ত ছিল্কিয়াৰা সুৰংগ ভাঙি পৰিছিল, মেচিন ড্ৰিলিং অভিযানত বাৰে বাৰে বাধাৰ সন্মুখীন হোৱাত উদ্ধাৰকাৰীসকলৰ বাবে এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল ৷ সুৰংগ ভাঙি পৰা ঠাইখনৰ অস্থিৰ ভূ-প্ৰকৃতিয়ে এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল ৷ ছিল্কয়াৰ সুৰংগটো তুলনামূলকভাৱে অগভীৰ গভীৰতাত অৱস্থিত যদিও সামগ্ৰিক অঞ্চলটো ভূতাত্ত্বিক ফ’ল্ট ৰেখাৰ সন্মুখীন হোৱা ওপৰৰ হিমালয়ত অৱস্থিত ৷

গধুৰ মেচিনটোৱে কেইবাটাও বাধাৰ অন্তত অপূৰণীয় ক্ষতিৰ সন্মুখীন হয় আৰু পাহাৰৰ ওচৰত পৰাজয় স্বীকাৰ কৰে ৷ ইয়াৰ পাছতে মেনুৱেল ড্ৰিলিং আৰম্ভ হয় আৰু ভাৰতীয় খনিকৰসকলে মেচিনটো ৰৈ থকা ঠাইখিনিতে কাম আৰম্ভ কৰি 24 ঘণ্টাৰো কম সময়ৰ ভিতৰতে 10 মিটাৰ দৈৰ্ঘ্যত সিঁচৰিত হৈ থকা ধ্বংসাৱশেষ সমূহ আঁতৰাই পেলায় ৷

তেওঁলোকে শেষৰ শিলটো আঁতৰাই 41 জন শ্ৰমিকৰ সকলোকে উদ্ধাৰ কৰে আৰু দেৱভূমিক আন এক দুৰ্যোগৰ ভাবুকি আহি পৰা ৰোধ কৰে ৷ 28 নৱেম্বৰত এই বৃহৎ উদ্ধাৰ অভিযান সফলতাৰে সমাপ্ত হয় ৷

ভাৰতৰ সংকল্পৰ সাক্ষ্য- উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত সুৰংগ উদ্ধাৰ কাৰ্যই পাহাৰে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ সন্মুখত ভাৰতৰ দৃঢ় সংকল্প আৰু অদম্য মনোভাৱৰ সাক্ষ্য হিচাপে থিয় দিছে ৷ 12 নৱেম্বৰত সুৰংগটো ভাঙি পৰে, যিটো দীপাৱলীৰ দিন আছিল যেতিয়া সমগ্ৰ দেশ উৎসৱমুখৰ উদযাপনত বিলীন হোৱাৰ বিপৰীতে দুৰ্ভগীয়া শ্ৰমিকসকলে 17 দিনতকৈও অধিক সময় 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ ফান্দৰ ভিতৰত আৱদ্ধ হৈ থাকিব লগা হৈছিল ৷

এই সময়ত চৰকাৰে আৱদ্ধ হৈ থকা 41 জন শ্ৰমিকৰ জীৱন ৰক্ষাৰ বাবে এক অটল প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰিলে ৷ উদ্ধাৰ অভিযানত সঘনাই কাৰিকৰী বাধাৰ সন্মুখীন হোৱাৰ লগে লগে চৰকাৰে অসংখ্য সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞকো ইয়াত অন্তৰ্ভুক্ত কৰে ৷

উদ্ধাৰ প্ৰচেষ্টা- ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী (এনডিআৰএফ), ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড (এনএইচআইডিচিএল), ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি) আৰু ৰাজ্যিক দুৰ্যোগ ব্যবস্থাপনা বাহিনী (এছডিআৰএফ)কে ধৰি এক ডজনৰো অধিক সংস্থা, স্থানীয় আৰক্ষী এই বৃহৎ উদ্ধাৰ অভিযানৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল ৷

চাৰ ধাম যাত্ৰা পথ- ধৰাসু-যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথ (NH134)ত অৱস্থিত 4.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ দুটা লেনযুক্ত দ্বিমুখী ছিল্কিয়াৰা সুৰংগ ৷ কেন্দ্ৰীয় চৰকাৰৰ 900 কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘চাৰ ধাম যাত্ৰা অল ৱেদাৰ ৰোড’ৰ অংশ, যাৰ লক্ষ্য হৈছে উত্তৰাখণ্ডৰ চাৰিখন পবিত্ৰ চহৰ - যমুনোত্ৰী, গংগোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথৰ সৈতে তীৰ্থযাত্ৰা সংযোগ উন্নত কৰা ৷

ভাৰত চৰকাৰৰ এটা প্ৰতিষ্ঠান এন এইচ আই ডি চি এলে এই মূল পথ প্ৰকল্পটো নিৰ্মাণ কৰি আছে ৷ সুৰংগটোৰ পৰা উদ্ধাৰ কৰাৰ পিছত শ্ৰমিকসকলে প্ৰথম চাৰি-পাঁচ দিন সুৰংগৰ ভিতৰত অসুবিধাৰ সন্মুখীন হোৱা বুলি জানিবলৈ দিয়ে ৷ উদ্ধাৰ কৰা শ্ৰমিক বিশ্বজিৎ বৰ্মাই জনোৱা মতে, সুৰংগটোৰ এটা অংশ ভাঙি যোৱাৰ সময়ত সকলো শ্ৰমিকে আৱদ্ধ হৈ থকাৰ কথা উপলব্ধি কৰে ৷

আৱদ্ধ হৈ পৰাৰ কেইঘণ্টামান পিছত পাইপেৰে খাদ্য, চাউল, দালি আৰু শুকান ফল যোগান ধৰাৰ পিছত তেওঁলোকৰ আশা উজ্বলি উঠে ৷ তেওঁলোকৰ মনোবল বৃদ্ধিৰ বাবে মাইক লগোৱা হৈছিল আৰু শ্ৰমিকসকলে সময়ে সময়ে পৰিয়ালৰ সদস্যৰ সৈতে কথা পাতিছিল ৷

জীৱন সুৰক্ষা- শ্ৰমিকসকলক আৱদ্ধ হৈ পৰাৰ সময়ত চিকিৎসা আৰু মানসিক সহায় আগবঢ়োৱাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছিল ৷ উদ্ধাৰ কৰাৰ লগে লগে অস্থায়ী চিকিৎসালয়লৈ তেওঁলোকক লৈ যোৱা হয় আৰু পিছত এইমছ ঋষিকেশত চিকিৎসা কৰি ঘৰলৈ পঠিওৱা হয় ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ধাৰ অভিযানৰ সফলতাক ‘অত্যন্ত আৱেগিক’ বুলি অভিহিত কৰে ৷ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে সমগ্ৰ অভিযানৰ সমন্বয়ৰ সময়ত উদ্ধাৰ স্থানত আছিল ৷

ত্ৰুটি- শ্ৰমিকৰ বাবে পলায়নৰ পথ নথকাৰ অভিযোগত প্ৰশ্ন উত্থাপন হৈছিল ৷ চৰকাৰে দাবী কৰে যে সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ভাঙি পৰা অংশটো এতিয়াও নিৰ্মাণৰ কাম চলি আছে ৷ যদিও 41 জন শ্ৰমিক সুৰংগটোৰ 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশত আবদ্ধ হৈ আছিল, তথাপিও তেওঁলোকৰ হাতত মৰ্নিং ৱাক আৰু যোগাসনৰ বাবে পৰ্যাপ্ত ঠাই আছিল ৷

কোনো ধৰণৰ ভাগৰ অনুভৱ নকৰিবলৈ তেওঁলোকে নিজৰ মাজতে কথা-বতৰাত ব্যস্ত হৈ আছিল বুলি কয় ৷ প্ৰথম অৱস্থাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ 25 টন ওজনৰ ড্ৰিলিং মেচিনৰ সহায়ত 60 মিটাৰৰ ওপৰৰ ধ্বংসাৱশেষ আঁতৰাই আৱদ্ধ শ্ৰমিকসকলৰ ওচৰলৈ যোৱা হৈছিল ৷ পাহাৰটোৱে মেচিনটোক কেইবাবাৰো বাধাগ্ৰস্ত কৰিছিল যেতিয়ালৈকে ই সম্পূৰ্ণৰূপে ভাঙি যোৱা নাছিল আৰু প্ৰায় 10 মিটাৰ ধ্বংসাৱশেষ খনন নকৰাকৈয়ে এৰি থৈ যায় ৷

ৰেট হোল মাইনাৰ্ছ- বিশেষজ্ঞসকলে একাধিক প্ৰচেষ্টাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰাৰ লগে লগে ৰেট হোল খনিকৰসকলক উদ্ধাৰ অভিযানত নিয়োজিত কৰা হ’ল যাতে ধ্বংসাৱশেষৰ বাকী অংশ শেষ কৰিব পৰা যায় ৷ লগতে শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালৰ মাজত আত্মবিশ্বাস জগাই তুলিবলৈ পাহাৰৰ ওপৰৰ পৰা উলম্ব ড্ৰিলিং আৰম্ভ কৰা হৈছিল ৷ আৱদ্ধ শ্ৰমিকসকলৰ বাবে সৌভাগ্যৰ কথা যে, তেওঁলোকক এনে এটা অংশত আৱদ্ধ হৈ আছিল য’ত কংক্ৰিটৰ কাম সম্পূৰ্ণ হৈছিল আৰু বিদ্যুৎ আৰু পানী যোগানৰ ব্যৱস্থা আছিল ৷ 4 ইঞ্চিৰ নিৰ্দিষ্ট পাইপলাইনৰ জৰিয়তে খাদ্য আৰু ঔষধ যোগান ধৰা হৈছিল তেওঁলোকক ৷

অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান- উদ্ধাৰৰ কামত পলম হোৱাৰ লগে লগে চৰকাৰে শ্ৰমিকৰ জীৱন ৰক্ষাৰ বাবে অতিৰিক্ত ব্যৱস্থা গ্ৰহণ কৰে ৷ পথ, পৰিবহন আৰু ঘাইপথ সচিব অনুৰাগ জৈনে কয় যে, “আমি আবদ্ধ হৈ পৰা শ্ৰমিকসকললৈ মাল্টিভিটামিন, এন্টিডিপ্ৰেছন আৰু শুকান ফল প্ৰেৰণ কৰিছো” ৷

দেওবাৰে উত্তৰকাশী সুৰংগ ভাঙি পৰা উদ্ধাৰ অভিযানৰ বিষয়ে এক আপডেট প্ৰদান কৰি কয় যে সুৰংগটোৰ ভিতৰৰ দুই কিলোমিটাৰ অংশত পানী আৰু বিদ্যুৎ আছে, যিটো উত্তৰকাশীৰ ছিল্কিয়াৰাৰ 4.531 কিলোমিটাৰ দৈৰ্ঘ্যৰ দুই লেনযুক্ত দ্বি-দিশীয় সুৰংগৰ সম্পূৰ্ণ অংশ ৷

বিশেষজ্ঞসকলে কি কয়- জেনেভাস্থিত আন্তঃৰাষ্ট্ৰীয় সুৰংগ আৰু আণ্ডাৰগ্ৰাউণ্ড স্পেচ এছ’চিয়েশ্যন (জেনেভা)ৰ মুৰব্বী আন্তঃৰাষ্ট্ৰীয় সুৰংগ বিশেষজ্ঞ আৰ্নল্ড ডিক্সে ভৱিষ্যদ্বাণী কৰিছিল যে উদ্ধাৰৰ বাবে আশা কৰাতকৈ অধিক সময় লাগিব ৷ অগাৰ মেচিনে এস্কেপ চেনেলৰ এটা ডাঙৰ অংশৰ বাবে ড্ৰিলিং কৰাৰ লগে লগে ৰেট হোল মাইনাৰ্ছ সকলে হাতেৰে ড্ৰিলিঙ কৰি শেষ পৰ্যায়ত কামটো দ্ৰুতভাৱে শেষ কৰাত সহায় কৰিছিল ৷ ডিক্সে কয়, "পাহাৰে আমাক এটা কথা কৈছে, সেয়া হ'ল নম্ৰ হোৱা ৷"

লগতে পঢ়ক : সুশাসন দিৱস 2023 : ভাৰতীয় ৰাজনীতিৰ ভীষ্ম পীতামহ অটল বিহাৰী বাজপেয়ীক স্মৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.