ETV Bharat / bharat

Yasin Malik in Tihar : তিহাৰৰ 7 নং কাৰাগাৰত অকলশৰে থাকিব য়াছিন মালিক

author img

By

Published : May 26, 2022, 5:46 PM IST

য়াছিন মালিকৰ এতিয়াৰ ঠিকনা তিহাৰ কাৰাগাৰৰ ৭ নং জেল (Yasin Malik in Tihar)। দেশদ্ৰোহৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত য়াছিন মালিকে এতিয়া জীৱনৰ বাকী সময়চোৱা কাৰাগাৰতে কটাব লাগিব । কিন্তু য়াছিন মালিকক কাৰাগাৰৰ ভিতৰত কেনেদৰে ৰখা হ'ব ? তিহাৰ কাৰাগাৰৰ ৭ নং জেল কিয় চৰ্চিত ?

Yasin Malik in Tihar
য়াচিন মালিকক কাৰাগাৰত কেনেদৰে ৰখা হ'ব

নেশ্যনেল ডেস্ক,২৬ মে' : দেশদ্ৰোহৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক (NIA Court sentencing on Yasin Malik) ৷ সন্ত্ৰাসবাদীক পুঁজি যোগানৰ লগতে বহুকেইটা গোচৰত দোষী সাব্যস্ত কৰা হৈছে মালিকক (Unlawful Activities Prevention Act) ৷ NIA-ৰ আদালতে মালিকক এই শাস্তি ঘোষণা কৰিছে ৷ ইয়াৰ লগে লগে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

কিন্তু তিহাৰ কাৰাগাৰত কেনেদৰে থাকিব য়াছিন মালিক ? কাশ্মীৰক পৃথক অঞ্চল হিচাপে দাবী কৰা নেতাজন অকলশৰীয়া হ'ব তিহাৰ কাৰাগাৰত । কাৰাগাৰৰ ৭ নং জেলত অকলশৰে থাকিব লাগিব মালিক (Yasin Malik will be alone in his cell)।

মালিকক কেৱল বাহিৰৰ পৃথিৱীৰ পৰা পৃথক কৰাই নহয় আনকি তেওঁক কাৰাগাৰৰ বাকী কয়দীসকলৰ পৰাও আঁতৰাই ৰখা হৈছে । তেওঁ ইতিমধ্যে কাৰাগাৰৰ ৭ নং জেলতে আছে আৰু বৰ্তমানেও তাতেই ৰখা হ'ব বুলি মহানিৰ্দেশক (কাৰাগাৰ) সন্দীপ গোৱেলে জানিবলৈ দিয়ে ৷

ইফালে আদালতৰ নিৰ্দেশ স্বত্বেও, মালিকক কাৰাগাৰৰ ভিতৰত কোনো কাম কৰিবলৈ দিয়া নহ'ব (Yasin Malik will not be given any work in Tihar)। নিৰাপত্তাজনিত কাৰণত তেওঁক কোনো ধৰণৰ কাম দিয়া নহ'ব ৷ য়াছিন মালিকৰ কাৰাগাৰৰ আচৰণ প্ৰতিবেদন অনুসৰি, কাৰাগাৰৰ ভিতৰত তেওঁৰ আচৰণ সন্তোষজনক । তেওঁৰ বিৰুদ্ধে কোনো কাৰাগাৰৰ শাস্তি উল্লেখ কৰা হোৱা নাই ।

তেওঁৰ কাৰাবাসৰ সময়ত, সহ-বন্দীসকলৰ লগত অথবা কাৰাগাৰ প্ৰশাসনৰ প্ৰতি আচৰণ সৌহাদ্যপূৰ্ণ আৰু শান্তিপূৰ্ণ বুলি জনায় বিষয়াগৰাকীয়ে । বিশেষ সূত্ৰই জনোৱা মতে তিহাৰ কৰ্তৃপক্ষই ৭ নং জেলত মালিকৰ কোঠাৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিছে । মালিকক সৰ্বাধিক সুৰক্ষা প্ৰদান কৰা হ'ব লগতে চিচিটিভি কেমেৰাৰ জৰিয়তে তেওঁক নিৰীক্ষণত ৰখা হ'ব ৷

ইফালে তিহাৰ কাৰাগাৰৰ ৭ নং জেল সদায়ে চৰ্চাত থাকে । কিয়নো তাতেই প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰম, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এ ৰাজা, চাহাৰাৰ মুৰব্বী সুব্ৰত ৰয়, খ্ৰীষ্টান মিশেলকে ধৰি কেইবাজনো শীৰ্ষ পৰ্যায়ৰ লোক বন্দী হৈ আছিল ।

লগতে পঢ়ক :Yasin Malik awarded life imprisonment: য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.