ETV Bharat / bharat

Delhi Flood Update: দিল্লীত বিপদসীমাৰ তললৈ যমুনা নদীৰ জলস্তৰ; এতিয়াও পানীৰ তলত বহু অঞ্চল - যমুনাৰ নদীৰ জলস্তৰ

যমুনাৰ নদীৰ জলস্তৰ বৰ্তমান বিপদসীমাৰ কিছু তললৈ আহিছে ৷ ধাৰাসাৰ বৰষুণৰ ফলত উদ্ভৱ হোৱা বান পৰিস্থিতিৰ প্ৰায় ন দিনৰ পিছত নদীৰ জলস্তৰ বিপদসীমাৰ কিছু তললৈ নামি আহিছে ৷

Yamuna water level Goes Down Below Danger Mark
বিপদসীমাৰ তললৈ যমুনা নদীৰ জলস্তৰ
author img

By

Published : Jul 19, 2023, 9:38 AM IST

নিউজ ডেস্ক, 19 জুলাই : পূৰ্বৰ সকলো অভিলেখ ভংগ কৰাৰ পিছত, যমুনাৰ নদীৰ জলস্তৰ বৰ্তমান বিপদসীমাৰ কিছু তললৈ আহিছে ৷ বুধবাৰে পুৱা, পুৰণি লোৰ দলঙৰ ওচৰত যমুনা নদীৰ জলস্তৰ 205.30 মিটাৰ পোৱা গৈছিল ৷ আনহাতে বিপদ সীমা হৈছে 205.33 মিটাৰ ৷ ধাৰাসাৰ বৰষুণৰ ফলত উদ্ভৱ হোৱা বান পৰিস্থিতিৰ প্ৰায় ন দিনৰ পিছত নদীৰ জলস্তৰ বিপদসীমাৰ কিছু তললৈ নামি আহিছে ৷

শুকুৰবাৰে যমুনা নদীৰ জলস্তৰে অভিলেখেৰে 208.66 মিটাৰত উপনীত হোৱাৰ পিছত সোমবাৰে পুৱা 7 বজাত 205.45 মিটাৰলৈ নামি অহা পৰিলক্ষিত হয় ৷ সোমবাৰে পুনৰ জলস্তৰ বৃদ্ধি হোৱা দেখা গ’ল যদিও, মঙলবাৰৰ পৰা পুনৰবাৰ জলস্তৰ হ্ৰাস পাবলৈ ধৰে আৰু বুধবাৰে পুৱা যমুনাৰ জলস্তৰ বিপদ সীমাৰ তলত উপনীত হয় ৷

প্ৰশাসনে কয় যে, শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই ৷ কিন্তু হিমাচল আৰু উত্তৰাখণ্ডত আগন্তুক কেইদিনমানৰ বাবে জাৰি কৰা বৰষুণৰ সতৰ্কবাণীৰ বাবে, যদিহে পাহাৰীয়া অঞ্চলত বৰষুণ হয় তেন্তে যমুনা নদীৰ জলস্তৰ পুনৰ বৃদ্ধি পাব পাৰে ৷ এইবাৰ যমুনাৰ বানপানীয়ে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে ৷ বানপানীৰ পানী আউটাৰ ৰিং ৰোডৰ লগতে আৱাসিক কলনীসমূহত প্ৰৱেশ কৰিছিল ৷

চিভিল লাইনৰ বহু কলনী বাঢ়নী পানীত ডুব গৈছিল ৷ বাঢ়নী পানীয়ে আই টি অ’ পৰ্যন্ত পাইছিলগৈ ৷ একে সময়তে যমুনা খাদৰত বসবাস কৰা 40 হাজাৰৰো অধিক লোকক উদ্ধাৰ কৰি বান সাহাৰ্য শিবিৰত ৰখা হৈছিল, যিসকল এতিয়াও তাতেই আশ্ৰয় গ্ৰহণ কৰি আছে ৷

উল্লেখযোগ্য যে, বিগত কেইবাদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত উফন্দি উঠা যমুনা নদীৰ বাঢ়নী পানীয়ে একপ্ৰকাৰ বিভীষিকাৰ সৃষ্টি কৰিছে ৰাজধানী চহৰ দিল্লীত ৷ যমুনা নদীৰ বাঢ়নী পানীত দিল্লীৰ বিভিন্ন আৱাসিক অঞ্চল, পথ বুৰ যোৱাত দুৰ্বিসহ হৈ পৰিছে জনসাধাৰণৰ দৈনন্দিন জীৱন যাত্ৰা ৷

লগতে পঢ়ক : landslide in Sikkim:উত্তৰ ছিকিমৰ ভূমিস্খলনত বিধ্বস্ত পথ পুনৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.