ETV Bharat / bharat

FIR against WFI Chief : কি কি অভিযোগ আছে ব্ৰীজ ভূষণৰ বিৰুদ্ধে ? - WFI Chief vs Wrestlers

ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সভাপতি তথা বিজেপি নেতা ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে দুখনকৈ এজাহাৰ দাখিল (FIR against WFI Chief)। পকচো আইনৰ অধীনত গোচৰ ৰুজু । বহু কেইগৰাকী মল্লযুঁজাৰুৱে তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে ।

FIR against WFI Chief
কি কি অভিযোগ আছে ব্ৰীজ ভূষণৰ বিৰুদ্ধে
author img

By

Published : Jun 2, 2023, 4:19 PM IST

নেশ্যনেল ডেস্ক,২ জুন : দেশৰ একাংশ মল্লযুঁজাৰু আৰু ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সভাপতি তথা বিজেপি নেতা ব্ৰীজ ভূষণ চৰণ সিঙৰ সংঘাত অব্যাহত আছে (WFI Chief vs Wrestlers)। ব্ৰীজ ভূষণৰ বিৰুদ্ধে মল্লযুঁজাৰুসকলৰ প্ৰতিবাদো অব্যাহত আছে (Protest against Brij Bhushan)। ইফালে বিজেপি সাংসদগৰাকীৰ বিৰুদ্ধে কনট প্লেচ আৰক্ষী থানাত দুখনকৈ এজাহাৰ দাখিল কৰা হৈছে । এই এজাহাৰৰ ভিত্তিত এক পকচো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । প্ৰথম এজাহাৰখন নাবালিকাৰ দ্বাৰা উত্থাপন কৰা বিভিন্ন অভিযোগৰ ওপৰত আধাৰিত ।

দ্বিতীয় এজাহাৰখন আন ৬ গৰাকী মল্লযুঁজাৰুৰ দ্বাৰা উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগৰ ওপৰত আধাৰিত । এজাহাৰখনত, ভুক্তভোগী মহিলা মল্লযুঁজাৰুসকলে অভিযোগ কৰিছে যে ব্ৰীজ ভূষণৰ বাবে তেওঁলোকৰ কেৰিয়াৰ বিপদত পৰিছে । তেওঁৰ বাবেই সঠিকভাৱে অনুশীলন কৰিবলৈ বা খেলিবলৈ সক্ষম হোৱা নাছিল বুলিও মল্লযুঁজাৰুসকলে উল্লেখ কৰে । এগৰাকী মল্লযুঁজাৰুই অভিযোগ কৰিছে যে ব্ৰীজ ভূষণ শৰণ সিঙে ইচ্ছাকৃতভাৱে খেলুৱৈসকল থকা হোটেলৰ একেটা মহলাতে তেওঁৰ কোঠাটো বুক কৰিছিল য'ত খেলুৱৈসকলৰ ওপৰত তেওঁ উৎপীড়ন চলাইছিল (Allegation against WFI Chief)।

মল্লযুঁজাৰুসকলে অভিযোগ কৰা মতে ২০২১ চনত তেওঁলোকে বুলগেৰিয়াত খেলিবলৈ গৈছিল । ব্ৰীজ ভূষণেও হোটেলত তেওঁলোকৰ সৈতে আছিল । হোটেলত, তেওঁ লুঙি পিন্ধি ঘূৰি ফুৰিছিল আৰু খেলুৱৈসকলৰ সৈতে জোৰকৈ কথা পাতিছিল । তেওঁ মহিলা মল্লযুঁজাৰুসকলক খাবলৈ বস্তু দিছিল যিবোৰ খেলুৱৈসকলৰ বাবে নাছিল । এই অজুহাতত, তেওঁ মহিলা মল্লযুঁজাৰুসকলৰ সৈতে কথা পাতিছিল আৰু তেওঁলোকৰ কাষ চাপিবলৈ চেষ্টা কৰিছিল ।

নাবালিকা মল্লযুঁজাৰুৱে অভিযোগ কৰিছে যে তেওঁ এটা পদক লাভ কৰিছিল । ইয়াৰ পাছত, ব্ৰীজ ভূষণে তেওঁৰ সৈতে ফটো তোলাৰ অজুহাতত তেওঁক জোৰেৰে ধৰিছিল । কেৱল এয়াই নহয় মহিলা মল্লযুঁজাৰুগৰাকীৰ গোপন স্থানত স্পৰ্শ কৰিছিল বুলিও অভিযোগ কৰিছে ব্ৰীজ ভূষণৰ বিৰুদ্ধে ।

নাবালিকা ভুক্তভোগীগৰাকীৰ পিতৃয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এখন এজাহাৰ পঞ্জীয়ন কৰিছে । এজাহাৰত কোৱা হৈছে যে ব্ৰীজ ভূষণে নাবালিকাগৰাকীক সহযোগ কৰিবলৈ কৈছিল । পদক জয়ৰ ক্ষেত্ৰত তেওঁক ব্ৰীজ ভূষণে সহায় কৰিব বুলিও কৈছিল । কিন্তু এই সন্দৰ্ভত ভুক্তভোগীয়ে স্পষ্ট কৰি দিছিল যে তেওঁ কঠোৰ পৰিশ্ৰম কৰি এই পৰ্যায়ত উপনীত হৈছে আৰু কঠোৰ পৰিশ্ৰম কৰি নিজৰ কেৰিয়াৰ গঢ়িব ।

আন এগৰাকী মহিলা মল্লযুঁজাৰুৰ অভিযোগ অনুসৰি হোটেলত নিশাৰ আহাৰৰ সময়ত ব্ৰীজ ভূষণে তেওঁৰ গোপন স্থানত স্পৰ্শ কৰিছিল । ফেডাৰেশ্যনৰ কাৰ্যালয়ত তেওঁৰ আঁঠু, কান্ধ, হাতৰ তলুৱা আৰু ভৰিতো স্পৰ্শ কৰিছিল বুলি খেলুৱৈগৰাকীয়ে অভিযোগ কৰে ।

আন এগৰাকী মল্লযুঁজাৰুৰ অভিযোগ অনুসৰি ব্ৰীজ ভূষণে হোটেলত থকা সময়ত তেওঁক নিজৰ কোঠালৈ মাতিছিল । আনকি তেওঁৰ সৈতে অশালীন ব্যৱহাৰ কৰাৰো চেষ্টা কৰিছিল । একে সময়তে, আন কেইবাগৰাকী মল্লযুঁজাৰুৱে অভিযোগ কৰা মতে ব্ৰীজ ভূষণে তেওঁলোকক যৌন উৎপীড়নৰ চেষ্টা চলাইছিল ।

লগতে পঢ়ক :Sarvajat Sarvkhap Panchayat in Kurukshetra : মল্লযোদ্ধাৰ প্ৰতিবাদৰ বিষয়ত এইবাৰ কুৰুক্ষেত্ৰত বহিছে পঞ্চায়ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.