স্পৰ্টছ ডেস্ক,৯ জুন : মল্লযুঁজাৰুসকলে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰক সাক্ষাৎ কৰাৰ পাছতে তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰি তুলিছে (Investigation against Brij Bhushan Singh)। ইয়াৰ মাজতে দিল্লী আৰক্ষীয়ে আদালত জনাইছে যে প্ৰতিবাদৰ সময়ত মল্লযুঁজাৰুসকলে ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে কোনো ঘৃণামূলক ভাষণ দিয়া নাছিল । মল্লযুঁজাৰুসকলৰ বিৰুদ্ধে কৰা এক আবেদনৰ উত্তৰত দিল্লী আৰক্ষীয়ে এই কথা স্পষ্ট কৰে ।
উল্লেখ্য যে ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি মল্লযুঁজাৰুসকলে দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছে (Wrestler Protest)। এই সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । ইয়াৰ মাজতে ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ দিয়াৰ বাবে মল্লযুঁজাৰুসকলৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়াৰ দাবীত এখন আবেদন দাখিল কৰা হৈছিল ।
আবেদনকাৰীয়ে কৈছিল যে মল্লযুঁজাৰুসকলে ব্ৰীজ ভূষণৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ দিয়াৰ লগতে মিছা অভিযোগ উত্থাপন কৰিছিল (Petition for registration of FIR against wrestler)। আবেদনকাৰীয়ে দাবীবোৰক সমৰ্থন জনাবলৈ আদালতৰ সন্মুখত এটা ভিডিঅ' প্ৰদান কৰিছিল । একেটা ভিডিঅ' দিল্লী আৰক্ষীকো দিয়া হৈছিল । আদালতে এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছিল ।
এই সন্দৰ্ভত আদালতৰ সন্মুখত এটিআৰ দাখিল কৰি দিল্লী আৰক্ষীয়ে কয় যে অভিযোগকাৰীয়ে প্ৰদান কৰা ভিডিঅ'টোত মল্লযুঁজাৰুসকলক ঘৃণামূলক ভাষণ বা কোনো শ্ল'গান দিয়া দেখা যোৱা নাই (No hate speech by grapplers)। যাৰ বাবে আদালতক মল্লযুঁজাৰুসকলৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰাৰ আবেদন খাৰিজ কৰিবলৈ অনুৰোধ জনায় (Delhi Police ATR on Wrestlers protest row)।
দিল্লী আৰক্ষীয়ে দাখিল কৰা আবেদনৰ পাছত আদালতে এই সন্দৰ্ভত পৰৱৰ্তী শুনানি ৭ জুলাইত নিৰ্ধাৰণ কৰে । ইয়াৰ পূৰ্বে, ২৫ মে'ত আদালতে দিল্লী আৰক্ষীক আবেদনকাৰীৰ পৰা লাভ কৰা অভিযোগৰ ভিত্তিত এটিআৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছিল । আবেদনখন কোনো ৰাজনৈতিক দলে দাখিল কৰিছিল । জানিব পৰা মতে ৰাজনীতিবিদ বাম বাম মহাৰাজ নৌহাটিয়াৰ অটল জন পাৰ্টিয়ে এই আবেদন দাখিল কৰিছিল । মহাৰাজ নৌহাটিয়াই নিজকে দলটোৰ ৰাষ্ট্ৰীয় মুৰব্বী বুলি দাবী কৰিছে ।
লগতে পঢ়ক :Wrestler protest against WFI Chief : ক্ৰীড়া মন্ত্ৰীৰ নিৰ্দেশত ক্ষিপ্ৰতৰ আৰক্ষীৰ তদন্ত